গৰমত কিদৰে নিজক সুৰক্ষিত ৰাখিব জানি লওঁক,,,

প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। প্ৰচণ্ড গৰমত স্বাস্থ্যৱান হৈ থাকিবলৈ শৰীৰৰ বাবে বিশেষ যত্ন লোৱাৰ প্ৰয়োজন। গ্ৰীষ্মকালত শৰীৰটো হাইড্ৰেটেড কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। শৰীৰটো হাইড্ৰেটেড কৰি ৰাখিবলৈ প্ৰতিদিনে দিনে কমেও ৮-১০ গিলাচ পানী খাব লাগে। শৰীৰটো শীতল ৰাখিবৰ বাবে গৰমৰ দিনত নেমুৰ ৰসৰ সৈতে নিমখ-চেনী মিহলি কৰি পানী খোৱাটো অতি উপকাৰী। আপোনাৰ দৈনিক আহাৰত ফল যোগ […]

বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ, লেখক হাইদৰ হুছেইনক প্ৰদান কৰা হ’ল ‘লেংডন বাতৰি সাংবাদিকতা বঁটা ২০২৫’

আজি ৰাজ্যৰ বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ, লেখক হাইদৰ হুছেইনক প্ৰদান কৰা হ’ল ‘লেংডন বাতৰি সাংবাদিকতা বঁটা ২০২৫’ । ২০২১ চনত প্ৰতিষ্ঠা হৈছিল সামাজিক, সাংস্কৃতিক, শৈক্ষিক অনুষ্ঠান লেংডন ফাউণ্ডেশ্যন। এই অনুষ্ঠানটিয়ে বিগত দিনত শদিয়াৰ পৰা নলবাৰীলৈকে অসমৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপন কৰি সমাজক সজাগ আৰু সচেতন কৰি আহিছে। লগতে সমাজক সজাগ আৰু সচেতন কৰিবৰ বাবে দুখীয়া-নিচলাক […]

অসমীয়াৰ আৱেগ পইঁতা ভাত

অসমীয়া জাতিৰ আৱেগ পইঁতা ভাতৰ সোৱাদ অতুলনীয়। গৰমৰ দিনত অসমৰ প্ৰায় সংখ্যক লোকৰ ঘৰতেই পইঁতা ভাত গ্ৰহণ কৰা হয়। সিজোৱা ভাতক ১২ ঘণ্টা পানীত তিয়াই ৰাখি এই ভাত প্ৰস্তুত কৰা হয়। পানীত তিয়াই থোৱাৰ বাবে এই ভাতসাজ সামান্য পৰিমাণে টেঙা হৈ পৰে। মোগলৰ শাসন কালত সামাজিক সাংস্কৃতিক প্ৰতিষ্ঠানৰ সদস্য সকলে আয়োজন কৰা মুকলি সভাত অভ্যাগত […]

মৰেল পুলিচগিৰি —সমাজৰ কাৰণে কিমান গ্ৰহণযোগ্য

বাতৰি কাকতখন মেলি চালে বা টেলিভিছনটো খুলি চালে সঘনাই আমি দেখিবলৈ পাওঁ সৰু সৰু কথাৰ পৰা ডাঙৰ কথালৈকে অসহায় বা নিৰ্দোষ লোকৰ ওপৰত এচাম উন্মত্ত লোকে নিজৰ বিচাৰেৰে কৰা মৰেল পুলিচগিৰি। বাতৰিকাকতখনতকৈ টেলিভিছনৰ পৰ্দাত এনে ঘটনাবোৰ দেখিলে প্ৰত্যেকজন সচেতন লোকৰে গা নোম শিয়ৰি উঠে। কিছুদিনৰ পৰা তেনে বহু কেইটা ঘটনাৰ প্ৰত্যক্ষ দৰ্শী হৈছে অসমবাসী। যিকেইটা […]

মৈদামৰ বিষয়ে জানে নে?

ছশ বছৰ ৰাজত্ব কৰা আহোমসকলৰ চহকী স্থাপত্য কলাসমূহৰ ভিতৰত অন্যতম হ’ল মৈদাম সমূহ। ‘মৈদাম’ শব্দটো হৈছে এটা যুৰীয়া টাই ভাষাৰ শব্দ। ইয়াৰ অৰ্থ মৃতদেহৰ ওপৰত দেৱতাৰ মৰ্যদাৰে মাটি জাপি ঢিপ সাজি সমাধিস্থ কৰা। ছশ বছৰ ৰাজত্ব কৰা আহোমসকলৰ চহকী স্থাপত্য কলাসমূহৰ ভিতৰত অন্যতম হ’ল মৈদাম সমূহ। ‘মৈদাম’ শব্দটো হৈছে এটা যুৰীয়া টাই ভাষাৰ শব্দ। ইয়াৰ […]

চৰৰ মানুহে লোকপিয়লত মাতৃভাষা অসমীয়া বুলি নিলিখিলে অসমীয়া সংখ্যালঘুত পৰিণত হব নেকি?

অসমীয়াক সংখ্যালঘু কৰিম বুলি ABMSUএ দিয়া ভাবুকিৰ সন্দৰ্ভত কি ক’লে উৎপল শৰ্মাই – কোনোবা অসমীয়া বিৰোধী সংগঠন অসমীয়া বিৰোধী নেতাই কি বক্তব্য ৰাখিছে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ মই প্ৰয়োজন বোধ কৰা নাই’‘লোকপিয়লত মাতৃভাষা অসমীয়া নিলিখিলে অসমীয়া সংখ্যালঘুত পৰিণত হৈ যাব এই ব্লেক মেইলিং বহু দশক ধৰি কৰি অহা হৈছে’‘একাংশ লোক আছে যি বিচাৰে অসমীয়া জাতিটো […]

চান্দ সদাগৰৰ মেৰঘৰ

গুৱাহাটী মহানগৰীৰ পৰা ২৫ কি:মি: আঁতৰত পশ্চিমে আছে ছয়গাঁও।এই ছয়গাঁৱে এসময়ত চম্পকনগৰ হিচাপে পৰিচিত আছিল। চম্পকনগৰৰ ৰজা আছিল চন্দ্ৰধৰ। চন্দ্ৰধৰৰ পুত্ৰ আছিল ছয় জন। সময়ত চম্পকনগৰখন ছয় ভাগ কৰি ছয় পুত্ৰৰ মাজত ভগাই দিয়ে। ছয় ভাগ কৰাৰ কাৰণেই ঠাইখনৰ নাম ছয়গাঁও হ’ল।এই ছয় গাঁৱতে আজিও আছে চম্পকনগৰৰ ধ্বংসাৱশেষ।এই ধ্বংসাৱশেষৰ মাজত জিলিকি আছে চন্দ্ৰধৰ বা চান্দ […]

GMCHত কেনেদৰেসংঘটিত হৈছিল অগ্নিকাণ্ড?

GMCHত ভয়ংকৰ অগ্নিকাণ্ড ৰোগী আৰু জনতাৰ মাজত হাহাকাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অস্থিশৈল্য বিভাগত অগ্নিকাণ্ড বিভাগৰ মাইনৰ অ’পাৰেছন থিয়েটাৰত শ্বৰ্ট ছাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই ধোঁৱাই চানি ধৰিছিল চিকিৎসালয়খনৰ এটা এলেকা

ভেদাইলতাৰ ঔষধি গুণ :

ভেদাইলতা এবিধ ঔষধি গুণবিশিষ্ট বনশাক। ভেদাইলতাৰ এটা অকটা গোন্ধ আছে। ভেদাইলতা ঘৰৰ-বাৰীখনৰ জেকা আৰু হাবিতলীয়া ঠাইত গজে। লতাজাতীয় উদ্ভিদ ভেদাইলতাৰ বৈজ্ঞানিক নাম Paedericto Chide। ভেদাইলতা Rubiaceae গোটৰ অন্তৰ্গত। ভেদাইলতাৰ ফুল আগষ্ট মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত ফুলে। ভেদাইলতাৰ ফুল সৰু, বেঙুনীয়া আৰু চুঙাকৃতিৰ। ভেদাইলতাৰ ঔষধিগুণসমূহ হ’ল- ডায়েৰিয়া ৰোগত ভেদাইলতা উপকাৰী। পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, […]

এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত

ভাৰতীয় জনতা পার্টি (বিজেপি)ৰ নতুন সভাপতি নির্বাচনক কেন্দ্ৰ কৰি অচলাৱস্থা চলি থকাৰ মাজতে বাতৰি প্ৰকাশ পাইছে যে বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় মুৰব্বীগৰাকী মহিলা হোৱাৰ সম্ভাৱনা আছে। বৰ্তমানৰ বিজেপিৰ সভাপতি জে পি নড্ডাৰ কাৰ্যকাল ২০২৩ চনৰ জানুৱাৰীত অন্ত পৰিছিল। কিন্তু দলটোৱে লোক সভাৰ নিৰ্বাচনৰ বাবে নড্ডাৰ কাৰ্যকাল ২০২৪ চনৰ জুনলৈ বৃদ্ধি কৰিছিল। বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি পদৰ […]