জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ
অসমত হ্ৰাস পাব পাঁচ শস্য উৎপাদন
লেংডন বাতৰি প্ৰতিবেদক, গুৱাহাটী:-
অসমৰ কৃষি খণ্ডলৈ জলবায়ু পৰিৱৰ্তনে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। শেহতীয়াকৈ প্ৰকাশিত অসম ৰাজ্যিক জলবায়ু পৰিৱৰ্তন কৰ্ম আঁচনিৰ ‌ অধ্যয়নৰ তথ্য অনুসৰি, জলবায়ু পৰিৱৰ্তনৰ ফলত অসমত ধান, সৰিয়হকে ধৰি পাঁচবিধ শস্যৰ উৎপাদন হ্ৰাস পাব পাৰে। বিশেষকৈ বৰ্ধিত উষ্ণতা, অনিয়মীয়া বৰষুণ আৰু জলবায়ুগত পৰিৱৰ্তনে কৃষি উৎপাদনত নেতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।
প্ৰতিবেদনখনত উল্লেখ কৰা অধ্যয়ন অনুসৰি, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ইতিমধ্যে কৃষি ক্ষেত্ৰত পৰিলক্ষিত হ’বলৈ আৰম্ভ কৰিছে। উষ্ণতা বৃদ্ধি, বৰষুণৰ ধৰণৰ পৰিৱৰ্তন আৰু বতৰৰ চৰম পৰিস্থিতিয়ে শস্যৰ স্বাভাৱিক বৃদ্ধিত বাধাৰ সৃষ্টি কৰিব পাৰে।বৰষুণ আৰু ঋতুভিত্তিক জলবায়ুৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। সেয়েহে বৰষুণৰ সময়, পৰিমাণ বা বিতৰণত পৰিৱৰ্তন ঘটিলে ধানকে ধৰি বিভিন্ন শস্যৰ উৎপাদন ব্যাহত হোৱাৰ সম্ভাৱনা থাকে।
অসমৰ প্ৰধান খাদ্যশস্য ধান। ৰাজ্যখনৰ বহু কৃষক পৰিয়ালৰ জীৱিকা ধান খেতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। জলবায়ু পৰিৱৰ্তনৰ ফলত তাপমাত্ৰা বৃদ্ধি, অতিবৃষ্টি, অনাবৃষ্টি অথবা বানৰ প্ৰকোপ বৃদ্ধি পালে ধানৰ উৎপাদন হ্ৰাস পাব পাৰে।
অধ্যয়নত উল্লেখ কৰা আশংকা অনুসৰি, আগন্তুক সময়ত জলবায়ুৰ পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে কৃষি ব্যৱস্থাক খাপ খুৱাব নোৱাৰিলে উৎপাদনশীলতাৰ ওপৰত ইয়াৰ অধিক প্ৰভাৱ পৰিব পাৰে।
ধানৰ লগতে সৰিয়হকে ধৰি আন শস্যসমূহো জলবায়ুগত পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা মুক্ত নহয়। শীতকালীন শস্যৰ ক্ষেত্ৰত তাপমাত্ৰাৰ সামান্য পৰিৱৰ্তনেও গছৰ বৃদ্ধি, ফুল ফুলা আৰু শস্য ধাৰণৰ সময়ত প্ৰভাৱ পেলাব পাৰে।
ফলত কৃষকৰ উৎপাদন ব্যয় বৃদ্ধি পোৱাৰ লগতে আয় হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে। খাদ্যশস্যৰ উৎপাদন কমিলে বজাৰত যোগান আৰু মূল্যৰ ওপৰতো পৰোক্ষ প্ৰভাৱ পৰিব পাৰে।
জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কেৱল কৃষি খণ্ডতে সীমাবদ্ধ নহয়। প্ৰতিবেদনখনত জনস্বাস্থ্যৰ ওপৰতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে। উষ্ণতা বৃদ্ধি, বায়ু প্ৰদূষণ, বানপানী আৰু বিভিন্ন বাহকজনিত ৰোগৰ পৰিৱৰ্তিত পৰিস্থিতিয়ে জনস্বাস্থ্যৰ বাবে নতুন প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে।
জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ মোকাবিলা কৰিবলৈ কৃষি ব্যৱস্থাত সময়োপযোগী পৰিৱৰ্তন অনাটো প্ৰয়োজনীয়। জলবায়ু সহনশীল শস্যৰ জাত, উন্নত জলসিঞ্চন ব্যৱস্থা, পানী সংৰক্ষণ, মাটিৰ স্বাস্থ্য ৰক্ষা আৰু বৈজ্ঞানিক কৃষি পদ্ধতিৰ প্ৰসাৰ ঘটাব লাগিব।
একেদৰে কৃষকসকলক বতৰভিত্তিক আগজাননী, কৃষি পৰামৰ্শ আৰু প্ৰয়োজনীয় প্ৰযুক্তিগত সহায় সময়মতে প্ৰদান কৰাটো গুৰুত্বপূৰ্ণ।
জলবায়ু পৰিৱৰ্তন এতিয়া কেৱল পৰিৱেশগত সমস্যা হৈ থকা নাই; ই অসমৰ খাদ্য সুৰক্ষা, কৃষকৰ জীৱিকা আৰু জনস্বাস্থ্যৰ সৈতেও জড়িত এক গুৰুত্বপূৰ্ণ বিষয়। ধান, সৰিয়হকে ধৰি পাঁচবিধ শস্যৰ উৎপাদন হ্ৰাসৰ আশংকাই সমস্যাটোৰ গভীৰতা স্পষ্ট কৰিছে।
সেয়েহে জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খোৱা কৃষি ব্যৱস্থা গঢ়ি তোলা, কৃষকক বৈজ্ঞানিক সহায় আগবঢ়োৱা আৰু পানী–মাটি–জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়াটো সময়ৰ দাবী।

Leave a comment

Your email address will not be published. Required fields are marked *