জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱঅসমত হ্ৰাস পাব পাঁচ শস্য উৎপাদনলেংডন বাতৰি প্ৰতিবেদক, গুৱাহাটী:-অসমৰ কৃষি খণ্ডলৈ জলবায়ু পৰিৱৰ্তনে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। শেহতীয়াকৈ প্ৰকাশিত অসম ৰাজ্যিক জলবায়ু পৰিৱৰ্তন কৰ্ম আঁচনিৰ ‌ অধ্যয়নৰ তথ্য অনুসৰি, জলবায়ু পৰিৱৰ্তনৰ ফলত অসমত ধান, সৰিয়হকে ধৰি পাঁচবিধ শস্যৰ উৎপাদন হ্ৰাস পাব পাৰে। বিশেষকৈ বৰ্ধিত উষ্ণতা, অনিয়মীয়া বৰষুণ আৰু জলবায়ুগত পৰিৱৰ্তনে কৃষি উৎপাদনত […]

অসমৰ ভূ-গৰ্ভস্থ পানীত আৰ্ছেনিক; লগতে ধৰা পৰিছে বহু বিষাক্ত পদাৰ্থ

অসমৰ ভূ-গৰ্ভস্থ পানীত আৰ্ছেনিক; লগতে ধৰা পৰিছে বহু বিষাক্ত পদাৰ্থ লেংডন বাতৰি প্ৰতিবেদন, গুৱাহাটী:অসমৰ ভূ-গৰ্ভস্থ পানীৰ গুণমানক লৈ নতুনকৈ উদ্বেগৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় ভূ-জল ব’ৰ্ড (CGWB)-ৰ বিভিন্ন প্ৰতিবেদনত ৰাজ্যৰ ভূ-গৰ্ভস্থ পানীত আৰ্ছেনিক, লৌহ, ফ্ল’ৰাইড, নাইট্ৰেট, মেংগানিজ আদি পদাৰ্থৰ মাত্ৰা কিছুমান অঞ্চলত নিৰ্ধাৰিত সীমা অতিক্ৰম কৰা বুলি তথ্য প্ৰকাশ পাইছে। অৱশ্যে সমগ্ৰ অসমৰ ভূ-গৰ্ভস্থ পানী দূষিত […]

১৯ ছেপ্টেম্বৰ : এজন শিল্পীৰ মৃত্যু নে এটা যুগৰ অৱসান?

১৯ ছেপ্টেম্বৰ : এজন শিল্পীৰ মৃত্যু নে এটা যুগৰ অৱসান?ৰেখা বৰগোহাঁই ১৯ ছেপ্টেম্বৰ , অসমীয়া জনজীৱনত এই তাৰিখটো কেৱল এটা দিন হৈ থকা নাই। এই দিনটোৱে অসমীয়া জনজীৱনক সোঁৱৰাই থাকিব এজন শিল্পীৰ প্ৰস্থানৰ কথা; এনে এজন শিল্পীৰ, যাৰ কণ্ঠ কেৱল বিনোদনৰ মাধ্যম নাছিল, বৰং এটা সময়ৰ অনুভূতি, এটা প্ৰজন্মৰ মানসিকতা আৰু অসমীয়া সমাজৰ বহু অনুচ্চাৰিত […]

বিশ্বৰ বজাৰত অসমৰ সামগ্ৰী : ৰপ্তানিৰ নতুন সম্ভাৱনাৰ দুৱাৰ

লেংডন বাতৰি প্ৰতিবেদন: অসমৰ অৰ্থনীতি পৰম্পৰাগতভাৱে চাহ, তেল আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল যদিও বৰ্তমান ৰাজ্যখনৰ সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰত অধিক পৰিমাণে প্ৰৱেশ কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। নীতি আয়োগৰ ৰপ্তানি সম্পৰ্কীয় তথ্যৰ উদ্ধৃতিৰে প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, অসমৰ পৰা বছৰি প্ৰায় ৩,৭০০ কোটি টকাৰ সামগ্ৰী বিদেশলৈ ৰপ্তানি হয়।বৰ্তমান অসমৰ পৰা চাহকে ধৰি বিভিন্ন কৃষিজাত, খাদ্য-প্ৰক্ৰিয়াকৰণজাত, হস্তশিল্প আৰু […]

১৯ ছেপ্টেম্বৰ, ২০২৫…

১৯ ছেপ্টেম্বৰ, ২০২৫… এটা দিন, যিটো দিন অসমবাসীৰ বাবে কেৱল এটা তাৰিখ হৈ নাথাকিল।সেইদিনা স্তব্ধ হৈ পৰিছিল অসমৰ সংগীতৰ এখন বিশাল পৃথিৱী। নাই জুবিন…নাই তেওঁৰ সেই চিনাকি কণ্ঠ…নাই মঞ্চত তেওঁৰ সেই দুৰন্ত উপস্থিতি। এবছৰ হ’বলৈ গৈছে জুবিন গাৰ্গ আমাৰ মাজত নথকাৰ কিন্তু সময় আগুৱাই গ’লেও,অসমবাসীৰ মনত এতিয়াও ৰৈ গ’ল বহু প্ৰশ্ন… সঁচাকৈ সেইদিনা কি হৈছিল?কেনেকৈ […]

কোন দিশে আজি নৱ প্ৰজন্ম?

কোন দিশে আজি নৱ প্ৰজন্ম? ৰেখা বৰগোহাঁই আজি শিশু কালিলৈ দেশৰ নাগৰিক -এই কথাষাৰ আমি বহুদিনৰ পৰা শুনি আহিছোঁ। কিন্তু আজিৰ দিনত প্ৰশ্নটো অলপ সলনি হৈছে—আজিৰ নৱ প্ৰজন্ম কাইলৈ দেশৰ সচেতন নাগৰিক হ’ব পাৰিবনে? তেওঁলোকৰ হাতত জ্ঞানৰ দীপ থাকিবনে, নে তথ্যৰ অগণন সোঁতত সত্য-মিথ্যাৰ পাৰ্থক্য হেৰুৱাব? তেওঁলোকে প্ৰযুক্তিক নিয়ন্ত্ৰণ কৰিবনে, নে প্ৰযুক্তিয়েই তেওঁলোকৰ জীৱন নিয়ন্ত্ৰণ […]

ৰাজ্যত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা

লেংডন বাতৰিৰ প্ৰতিবেদন:-অসমত নিবনুৱা সমস্যাৰ বিষয়টো পুনৰ এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দুলৈ আহিছে। ৰাজ্য চৰকাৰে অহা পাঁচ বছৰত দুই লাখ চৰকাৰী চাকৰি দিয়াৰ লক্ষ্য ঘোষণা কৰিছে। কিন্তু একে সময়তে চৰকাৰী তথ্য অনুসৰি ২০২৬ চনৰ ৩০ জুনলৈ ৰাজ্যৰ নিয়োগ বিনিময়/দক্ষতা, নিয়োগ আৰু উদ্যোগিতা সঞ্চালকালয়ত ১৫,৪৩,৩৫০ জন সক্ৰিয় চাকৰি প্ৰাৰ্থী পঞ্জীয়নভুক্ত হৈ আছে। এই সংখ্যাই দুই লাখ চাকৰিৰ লক্ষ্য […]

ঋণৰ বোজাই জুৰুলা কৰিছে কৃষকক।

ঋণৰ বোজাই জুৰুলা কৰিছে কৃষকক।৭৬ হাজাৰ কৃষক জুৰুলা কৃষি ঋণত।কৃষিঋণৰ পৰিমাণ প্ৰায় ৯৬৪ কোটি টকালেংডন বাতৰি প্ৰতিবেদন:-বানপানী শুকাবলৈ নৌপাওঁতেই কৃষকৰ ওপৰত কৃষিঋণ পৰিশোধৰ চাপ বৃদ্ধি পাইছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত ৭৬ হাজাৰৰো অধিক কৃষক কৃষিঋণৰ বোজাত আছে। প্ৰাপ্ত তথ্যৰ অনুসৰি দুয়োখন জিলাৰ কৃষকৰ ওপৰত থকা ঋণৰ মুঠ পৰিমাণ প্ৰায় ৯৬৩.৮০ কোটি টকা। বানপানীয়ে শস্যক্ষেত্ৰৰ লগতে […]

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী…

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, জাপানৰ প্ৰধানমন্ত্ৰী টাকাইচি গুৱাহাটীলৈ আহিব। ইয়াৰ পূৰ্বে ২০১৯চনৰ ডিচেম্বৰত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেয়ে নৰেন্দ্ৰ মোডীৰ সৈতে বাৰ্ষিক ভাৰত-জাপান শীৰ্ষক বৈঠকত অংশগ্ৰহণ কৰিবলৈ অসমত উপস্থিত হৈছিল। কিন্তু সেই সময়ত অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক স্থগিত ৰখা হৈছিল।  ইফালে, বৰ্তমানৰ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণ যদি নিশ্চিত […]

‘লিচু উৎসৱ-২০২৬’, ডুবাই-ছিংগাপুৰলৈ তেজপুৰৰ লিচু…

 ঊষানগৰী তেজপুৰত শনিবাৰে উৎসৱমুখৰ পৰিৱেশৰ মাজতে আৰম্ভ হ’ল দুদিনীয়া ‘তেজপুৰ লিচু উৎসৱ- ২০২৬’ৰ । বিশ্বজুৰি খ্যাতি অৰ্জন কৰা তেজপুৰৰ লিচুক অধিক বিস্তাৰ, কৃষকক উৎসাহিত কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে অধিক সংযোগ স্থাপনৰ লক্ষ্যৰে আয়োজন কৰা এই উৎসৱত ব্যাপক জনসমাগম পৰিলক্ষিত হয় । উল্লেখ্য যে, দেওবাৰে তেজপুৰ লিচু বিদেশলৈও ৰপ্তানি কৰাৰ লগতে দেশৰ প্ৰধামন্ত্ৰীৰ কাৰ্যালয়লৈ ১০০পেকেট […]