‘লিচু উৎসৱ-২০২৬’, ডুবাই-ছিংগাপুৰলৈ তেজপুৰৰ লিচু…

 ঊষানগৰী তেজপুৰত শনিবাৰে উৎসৱমুখৰ পৰিৱেশৰ মাজতে আৰম্ভ হ’ল দুদিনীয়া ‘তেজপুৰ লিচু উৎসৱ- ২০২৬’ৰ । বিশ্বজুৰি খ্যাতি অৰ্জন কৰা তেজপুৰৰ লিচুক অধিক বিস্তাৰ, কৃষকক উৎসাহিত কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে অধিক সংযোগ স্থাপনৰ লক্ষ্যৰে আয়োজন কৰা এই উৎসৱত ব্যাপক জনসমাগম পৰিলক্ষিত হয় । উল্লেখ্য যে, দেওবাৰে তেজপুৰ লিচু বিদেশলৈও ৰপ্তানি কৰাৰ লগতে দেশৰ প্ৰধামন্ত্ৰীৰ কাৰ্যালয়লৈ ১০০পেকেট […]

১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

যোৱা ৬২ বছৰ ধৰি দেশৰ ইতিহাসত একেৰাহে আটাইতকৈ বেছি দিন নিৰ্বাচিত প্ৰধানমন্ত্ৰী থকাৰ অভিলেখ পণ্ডিত জৱাহৰলাল নেহৰুৰ নামত আছিল। ১৯৫২ চনৰ ১৩ মে’ত দেশৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। ১৯৬৪ চনৰ ২৭ মে’ত তেওঁৰ মৃত্যুৰ দিনলৈকে একেৰাহে ৪৩৯৮ দিন তেওঁ এই পদত আছিল। আনহাতে, ২০১৪ চনৰ ২৬ মে’ত নৰেন্দ্ৰ মোদীয়ে […]

অসম বিধানসভাত সমৰূপ নাগৰিক সংহিতাৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন এনডিএ বিধায়কৰ

অসম বিধানসভাত সমৰূপ নাগৰিক সংহিতাৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন এনডিএ বিধায়কৰ

অসম বিধানসভাৰ অধিৱেশনত উমৈহতীয়া দেৱানী বিধি, অসম বিধেয়ক ২০২৬ (সমৰূপ নাগৰিক সংহিতা) সন্দৰ্ভত বিতৰ্ক চলি আছে । তাৰ মাজতে বিধানসভাত এনডিএ বিধায়কসকলে দাবী কৰে যে দুদিন পূৰ্বে সদনত উত্থাপন কৰা এই বিধেয়কখনে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰিব বিচাৰিছে । ই কোনো ধৰ্ম বা ধৰ্মীয় প্ৰথাৰ বিৰোধী নহয় বুলিও দাবী কৰিছে শাসকীয় পক্ষৰ বিধায়কসকলে । বিধায়কসকলে প্ৰস্তাৱিত […]

সদনত থিয় হৈ প্ৰতিবাদ অখিল গগৈৰ: তালিকা দিলে মূল্যবৃদ্ধিৰ

গুৱাহাটী: অসম বিধানসভাৰ অধিৱেশনৰ শুকুৰবাৰে দ্বিতীয়দিনা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদৰ ভাষণেৰে সদন আৰম্ভ হয় । ৰাজ্যপালে ভাষণ আৰম্ভ কৰাৰ লগে লগে মূল্যবৃদ্ধিৰ প্ৰসংগক লৈ সৰৱ হৈ পৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ । আনহাতে, মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই কংগ্ৰেছ বিধায়িনী দলে সদন ত্যাগ কৰি বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে । কিন্তু বিধায়ক অখিল গগৈয়ে সদনত […]

আজি কালী পূজা-দীপাৱলী

আজি কালী পূজা আজিৰ দিনটোতেই পালন কৰা হ’ব পোহৰৰ উৎসৱ দীপাৱলী পোহৰৰ উৎসৱৰ উপলক্ষে মহানগৰীৰ বজাৰতো উপলব্ধ হৈছে মাটিৰ চাকি, কলগছ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাৰ বিষাদৰ মাজতো পোহৰৰ উৎসৱৰ প্ৰস্তুতি ৰাজ্যবাসীৰ দীপাৱলীত আতচবাজিৰ পৰিৱৰ্তে পোহৰৰ উৎসৱত গুৰুত্ব দিছে ৰাজ্যবাসীয়ে পোহৰৰ উৎসৱৰ উপলক্ষে মহানগৰীৰ বজাৰতো উপলব্ধ হৈছে মাটিৰ চাকি, কলগছ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত দগ্ধ […]

এজোপা বিস্ময়কৰ গছ – বাখৰ বেঙেনা

–ৰেখা বৰগোহাঁই শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত বকতা মৌজাৰ মধ্যভাগত এজোপা অতি বিস্ময়কৰ তথা ৰহস্যজনক গছ আছে ।নাম ‘বাখৰ বেঙেনা’ গছ। শিৱসাগৰ সদৰৰ পৰা ইয়াৰ দূৰত্ব প্রায় ২৫ কিলোমিটাৰ। বৰ্তমান এই গছজোপাৰ বিষয়ে নুশুনা লোক খুব কমেই ওলাব। বাখৰবেঙেনা এজোপা চুটি-চাপৰ, কাঁইটীয়া গুল্মজাতীয় উদ্ভিদ। সাধাৰণতে বেঙেনা বুলি কওঁতে আমি যিবিধ গছৰ বিষয়ে জানো সেইবিধ […]

তাই আহোমসকলৰ সামাজিক নিয়ম

ৰেখা বৰগোহাঁই চাওঁলুং ছ্যুকাফাৰ নেতৃত্বত এদল তাই লোক ১২২৮ খ্ৰীঃত নতুন ৰাজ্যৰ গঢ়াৰ উদ্দেশ্যেই সৌমাৰত প্ৰৱেশ কৰিছিল। সেইসময়ত তেওঁলোক আছিল এটা স্বতন্ত্র জাতি। তেওঁলোকৰ আছিল পৃথক ভাষা, সভ্যতা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আৰু ধৰ্ম। সৌমাৰত নতুন ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পিছত তাইসকলে দিয়া-লোৱাৰ প্ৰথা গ্রহণ কৰিছিল। ফলত লাহে লাহে তেওঁলোকে অসমীয়া সভ্যতা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিৰ লগত মিলি যাবলৈ ধৰিলে। […]

জনপ্ৰতিনিধিৰ যোগ্যতা নিৰূপণ কৰক

আমি প্রত্যেকেই যিকোনো চাকৰিত নিযুক্তি পোৱাৰ প্রাকমুহূৰ্তত একো একোটা যোগ্যতা নিৰূপণ পৰীক্ষাত অৱতীর্ণ হওঁ। যিজনে চাকৰিটোৰ বাবে নির্ধাৰিত কৰি দিয়া যোগ্যতা অর্জন কৰে, সেইজনকে বিভাগটোৰে চাকৰিত নিযুক্তি প্রদান কৰে। সেয়া উচ্চ পর্যায়ৰ পদবীয়ে হওক বা একেবাৰে নিম্ন পর্যায়ৰ পিয়ন, চকীদাৰৰ দৰে পদবীয়ে হওক। আই এ এছ, আই পি এছ, এ চি এছ আদি পৰীক্ষাত অৱতীৰ্ণ […]

অসমীয়াই নিজক চিনাৰ সময় সমাগত

ৰেখা বৰগোহাঁই তাহানিতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছে ” আমি অসমীয়া নহওঁক দুখীয়া, কিহৰ দুখীয়া হম, সকলো আছিল সকলো আছে,নুবুজো নলওঁ গম।” সৌ সিদিনা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাও গীতৰ জৰিয়তে সকিয়াই গৈছে -” আমি অসমীয়া নহও দুখীয়া বুলি সান্ত্বনা লভিলে নহ’ব , আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব।” সচাঁকৈয়ে আজি অসমীয়াই এনে কথাবোৰ কিমান […]

গৰমত কিদৰে নিজক সুৰক্ষিত ৰাখিব জানি লওঁক,,,

প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। প্ৰচণ্ড গৰমত স্বাস্থ্যৱান হৈ থাকিবলৈ শৰীৰৰ বাবে বিশেষ যত্ন লোৱাৰ প্ৰয়োজন। গ্ৰীষ্মকালত শৰীৰটো হাইড্ৰেটেড কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। শৰীৰটো হাইড্ৰেটেড কৰি ৰাখিবলৈ প্ৰতিদিনে দিনে কমেও ৮-১০ গিলাচ পানী খাব লাগে। শৰীৰটো শীতল ৰাখিবৰ বাবে গৰমৰ দিনত নেমুৰ ৰসৰ সৈতে নিমখ-চেনী মিহলি কৰি পানী খোৱাটো অতি উপকাৰী। আপোনাৰ দৈনিক আহাৰত ফল যোগ […]

  • 1
  • 2