অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী…
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী। চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিয়ে গুৱাহাটীত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাই দেখা দিছে। প্ৰযুক্তিৰ ক্ষেত্ৰত অতিকৈ আগবঢ়া জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি আহিব ভাৰতলৈ। চলিত বৰ্ষৰ ১ জুলাইৰ পৰা তিনিদিনীয়া ভ্ৰমণসূচীৰে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী ভাৰতলৈ আহিব। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই ভ্ৰমণসূচীৰ বিষয়ে আনুষ্ঠানিকভাৱে দুয়োখন চৰকাৰৰ তৰফৰ পৰা সদৰী কৰা হোৱা নাই।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, জাপানৰ প্ৰধানমন্ত্ৰী টাকাইচি গুৱাহাটীলৈ আহিব। ইয়াৰ পূৰ্বে ২০১৯চনৰ ডিচেম্বৰত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেয়ে নৰেন্দ্ৰ মোডীৰ সৈতে বাৰ্ষিক ভাৰত-জাপান শীৰ্ষক বৈঠকত অংশগ্ৰহণ কৰিবলৈ অসমত উপস্থিত হৈছিল। কিন্তু সেই সময়ত অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক স্থগিত ৰখা হৈছিল।
ইফালে, বৰ্তমানৰ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণ যদি নিশ্চিত হয় তেন্তে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত টাকাইচিৰ এয়াই হ’ব প্ৰথমটো ভাৰত ভ্ৰমণ কাৰ্যসূচী। আৰু সেয়েহে ই ভাৰতৰ লগতে বিশেষকৈ অসমৰ বাবে এক কুটনৈতিক দিশত অতিকৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
আশা কৰা হৈছে যে, জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনে বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, আন্তঃগাঁথনি উন্নয়ন আৰু অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। লগতে ইণ্ডো-পেচিফিকৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কেও আলোচনা কৰাৰ সম্ভাৱনা আছে। য’ত জাপান আৰু ভাৰত দুয়োখন দেশেই গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ হিচাপে কৰিছে আত্মপ্ৰকাশ।
ভাৰতৰ এক্ট ইষ্ট পলিচিৰ পৰিপ্ৰেক্ষিতত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এই বৈঠক অনুষ্ঠিত কৰিবলৈ অসমক বাচনি কৰাৰ সম্ভাৱনা আছে। যদি তেনে হয় তেন্তে পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ অধিক অৰ্থনৈতিক আৰু কৌশলগত সম্পৰ্ক গঢ়ি তুলিব।
মন কৰিবলগীয়া যে, যোৱা এটা দশকত জাপান উত্তৰ-পূব ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰ হিচাপে পৰিগণিত হৈছে। দেশখনে উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি, নগৰ উন্নয়নমূলক বহু প্ৰকল্প আৰু সংযোগ ব্যৱস্থাৰ ক্ষেত্ৰত সহায় আগবঢ়াই আহিছে।
অসমতেই জাপানৰ সহায়-সহযোগিতাত বিশুদ্ধ খোৱা পানী যোগান ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন বৃহৎ পথৰ আন্তঃগাঁথনি প্ৰকল্পলৈকে বহু কাম সম্পন্ন হৈছে। আনহাতে, পৰ্যবেক্ষকসকলৰ মতে, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ গুৱাহাটীত ভাৰত-জাপান শীৰ্ষ বৈঠক অনুষ্ঠিত হ’লে ই আন্তঃৰাষ্ট্ৰীয় কুটনীতি আৰু বিনিয়োগৰ ক্ষেত্ৰত অঞ্চলটোৰ বৃদ্ধি পোৱা গুৰুত্বৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব।
















































































