অসম বিধানসভাত সমৰূপ নাগৰিক সংহিতাৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন এনডিএ বিধায়কৰ

অসম বিধানসভাৰ অধিৱেশনত উমৈহতীয়া দেৱানী বিধি, অসম বিধেয়ক ২০২৬ (সমৰূপ নাগৰিক সংহিতা) সন্দৰ্ভত বিতৰ্ক চলি আছে । তাৰ মাজতে বিধানসভাত এনডিএ বিধায়কসকলে দাবী কৰে যে দুদিন পূৰ্বে সদনত উত্থাপন কৰা এই বিধেয়কখনে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰিব বিচাৰিছে । ই কোনো ধৰ্ম বা ধৰ্মীয় প্ৰথাৰ বিৰোধী নহয় বুলিও দাবী কৰিছে শাসকীয় পক্ষৰ বিধায়কসকলে ।

বিধায়কসকলে প্ৰস্তাৱিত বিধেয়কখনক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰি ৰাজ্যখনৰ জনজাতীয় সম্প্ৰদায়সমূহক বিধেয়কখনৰ পৰিসৰৰ বাহিৰত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে পৰম্পৰাগত আইনসমূহ অক্ষত অৱস্থাত থাকে ।

বিজেপিৰ বিধায়ক পীযুষ হাজৰীকাই বিধেয়কখনৰ প্ৰতি সকলো শ্ৰেণীৰ সমৰ্থনৰ আহ্বান জনায় । তেওঁ দাবী কৰে যে ই কোনো ধৰ্ম বা ধৰ্মীয় প্ৰথাৰ বিৰোধী নহয় ।

সোমবাৰে অসম চৰকাৰে বহুবিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ-ইন ৰিলেশ্ব’নৰ পঞ্জীয়ন বাধ্যতামূলক কৰাৰ দাবীত বিধেয়কখন দাখিল কৰিছিল । কিন্তু অসমত বাস কৰা অনুসূচিত জনজাতিৰ কোনো ব্যক্তিৰ ক্ষেত্ৰত এই বিধেয়ক প্ৰযোজ্য নহ’ব বুলিও উল্লেখ কৰা হৈছে ।

য’ত কেইবাটাও শাস্তিমূলক ব্যৱস্থাৰ প্ৰস্তাৱ দিয়া হৈছে, বহুবিবাহৰ বাবে ৭ বছৰৰ কাৰাদণ্ড আৰু লিভ-ইন ৰিলেশ্ব’ন পঞ্জীয়ন নকৰাৰ বাবে ৩ মাহ পৰ্যন্ত কাৰাদণ্ড ।

মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰশ্ন উত্থাপন কৰে যে যদি এটা শ্ৰেণীৰ পুৰুষে পূৰ্বৰ পত্নীসকলৰ সন্মতি অবিহনে ৪ বাৰকৈ বিবাহপাশত আবদ্ধ হয়, তেন্তে বৰ্তমানৰ ব্যৱস্থাটোক কেনেকৈ ন্যায় ব্যৱস্থা বুলি কোৱা হয় । কোনো ধৰ্মৰ নাম নোলোৱাকৈয়ে বিজেপি বিধায়কগৰাকীয়ে দৃঢ়তাৰে কয় যে যদি আমি সকলো ধৰ্মৰ সমতাৰ কথা কওঁ, তেন্তে এই শ্ৰেণীৰ লোকসকলক জে’লত ভৰোৱা উচিত। বিধেয়কখনৰ বিৰোধিতা কৰা কংগ্ৰেছক তীব্র সমালোচনা কৰি হাজৰীকাই কয় যে বিৰোধী দলে তেনে কৰি মহিলাৰ সম অধিকাৰ আৰু সন্মানক বিৰোধিতা কৰিছে ।

সংবিধানৰ প্ৰতিলিপি দেখুৱাই হাজৰীকাই কয়, “কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানখন ধ্বংস কৰিলে বুলি চিঞৰি থাকে । কিন্তু ইয়াৰ ভিতৰত কি আছে তাকো নাজানে ।” তেওঁ দাবী কৰে যে সংবিধান বিৰোধী হ’লেও গো-হত্যা নিষিদ্ধ কৰাৰ যিকোনো পদক্ষেপৰ বিৰোধিতা কৰে কংগ্ৰেছে ।

বিজেপিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মাইও বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়ায় । ইফালে অসম গণ পৰিষদৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই কয় যে ৰাজ্যখনৰ পৰিৱৰ্তিত জনগাঁথনিগত আৰ্হিৰ সৈতে মোকাবিলা কৰাত এই বিধেয়কখনে সহায় কৰিব । তেওঁ কয়, “এবাৰতকৈ অধিক বিয়া হোৱাটো মূল সমস্যা নহয় । বিষয়টো হৈছে একাধিক বিবাহৰ পৰা কেইবাটাও সন্তান জন্ম দিয়া । যাৰ ফলত জনসংখ্যা বিস্ফোৰণ আৰু জনগাঁথনিগত আৰ্হিৰ পৰিৱৰ্তন ঘটিছে ।” তেওঁৰ মতে এই বিধেয়ক কাৰ্যকৰী হ’লে মহিলাসকলক উপকৃত আৰু সুৰক্ষা প্ৰদান কৰিব ।

একেদৰে এনডিএৰ অন্যতম সহযোগী বিপিএফ দলৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়েও বিধেয়কখনক সমৰ্থন কৰি কয় যে জনজাতীয় লোকসকলৰ যুগ যুগ ধৰি চলি অহা পৰম্পৰাগত আইনসমূহ ইয়াৰ পৰিসৰৰ পৰা ৰেহাই দিয়া হৈছে ।

Leave a comment

Your email address will not be published. Required fields are marked *