COCKROACH JANATA PARTY
দেশত হ’ব নেকি CJP ৰ শাষণ
এসপ্তাহৰ ভিতৰতে অত্যাধিক জনপ্ৰিয় CJP
BJP ৰ ফল’ৱাৰ্ছ ৮.৭ মিলিয়ন
বৰ্তমানলৈকে প্ৰায় ১২ মিলিয়ন অতিক্ৰম কৰিছে CJP ৰ ফল’ৱাৰ্ছ
২০২৬ চনৰ মে’ মাহৰ ১৬ তাৰিখে প্ৰতিষ্ঠা হোৱা এই CJP ক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা।১০ মিলিয়নৰো অধিক ফলৱাৰ্ছেৰে শক্তিশালী হৈ পৰা এই CJP আচলতে কি?দেশত এইবাৰ নতুন দলৰ শাসন।CJP আহিব নেকি দেশৰ ৰাজনীতিৰ মঞ্চলৈ।
কিছুদিন পূৰ্বে ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে বেকাৰ যুৱক-যুৱতী সকলক COCKROCH আৰু পৰজীৱী বুলি আখ্যা দিছিল। ন্যায়ধীশ গৰাকীৰ এই আন্দোলনৰ পাছতেই ২০২৬ চনৰ মে’ মাহৰ ১৬ তাৰিখে অভিজিৎ দিপকে নামৰ এজন ব্যক্তিয়ে প্ৰতিষ্ঠা কৰিছিল CJP জনতা পাৰ্টি নামৰ এটা পেজ। প্ৰথমাৱস্থাত মূলত মিমভিত্তিক প্ৰতিবাদ হিচাপে আৰম্ভ কৰা এই CJP য়ে মাত্ৰ এসপ্তাহৰ ভিতৰতে একপ্ৰকাৰৰ ডিজিটেল আন্দোলনলৈ পৰিণত হয়।বিশেষকৈ যুৱ সমাজে অধিক সহাৰি জনোৱা এই CJP নামৰ পেজটিৰ বৰ্তমান ১০ মিলিয়ন ফলৱাৰ্ছ অতিক্ৰম কৰিছে।
CJP ৰ জৰিয়তে হাস্যৰসাত্মক কিন্তু সামাজিকভাৱে বহু তাৎপৰ্যপূৰ্ণ বহু দাবী যেনে অৱসৰৰ পাছত ন্যায়ধীশ সকলক ৰাজনীতিত পদ দিয়াত নিষেধাজ্ঞা,মহিলাসকলৰ বাবে ৫০% আসন সংৰক্ষণৰ লগতে দল সলনি কৰা ৰাজনীতিবিদৰ ওপৰত কঠোৰ শাস্তিৰ দাবী তোলা দেখা গৈছে। ইয়াৰোপৰি নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আদি জলন্ত সমস্যাক লৈ যুৱসমাজৰ অসন্তোষ প্ৰকাশৰ এক শক্তিশালী ডিজাটেল মঞ্চ হিচাপে পৰিগণিত হৈছে।
লেজী আৰু বেকাৰসকলৰ ভইচ হিচাপে পৰিচিত এই CJP ক GENZ ৰ লগতে সমৰ্থন জনাইছে একাংশ বিৰোধী ৰাজনৈতিক মহলেও।
মুঠৰ ওপৰত এতিয়া সকলোৰে মুখে মুখে এটাই চৰ্চা
COCKROCH JANATA PARTY
মিমভিত্তিক প্ৰতিবাদ হিচাপে আৰম্ভ কৰা এই আন্দোলন এতিয়া যেন একপ্ৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে শাসকপক্ষৰ
















































































