জনজাতিকৰণৰ সন্দৰ্ভত নতুন সূত্ৰ ৰাজ্য চৰকাৰৰজনজাতি হৈও নাপাব সংৰক্ষণৰ ব্যৱস্থা
ৰাজ্যত সৃষ্টি ST(V) নতুন শ্ৰেণী
জনজাতিকৰণৰ সন্দৰ্ভত নতুন সূত্ৰ ৰাজ্য চৰকাৰৰ। জনজাতি হৈও নাপাব সংৰক্ষণৰ ব্যৱস্থা। সংবিধান বৰ্হিভূতভাৱে সৃষ্টি কৰিলে ST(V). ৰাজ্যৰ
চাৰিটা জনগোষ্ঠীক ST)P) আৰু ST(H) ত অন্তৰ্ভুক্ত নকৰি নতুনকৈ সৃষ্টি কৰা ST( V) ত সন্নিৱিষ্ট কৰিলে। ৰাজ্যৰ ছয়টা জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি চৰকাৰক দাবী কৰি অহা জনজাতিকৰণৰ বিষয়টো, বহু আন্দোলন – প্ৰতিবাদৰ অন্তত অসম চৰকাৰৰ মন্ত্ৰীগোটে বিধানসভাত দাখিল কৰিলে প্ৰতিবেদন। বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনাৰ শেষ মুহূৰ্তত প্ৰতিবেদন দাখিল কৰে মুখ্যগোটৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে। জনজাতিকৰণৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰিলে যদিও নহ’ল কোনো আলোচনা।১২৬ জন বিধায়ক থকা বিধানসভাত প্ৰতিবেদনৰ সন্দৰ্ভত আলোচনা কৰিবলৈ দিয়া নহ’ল সময়- সুযোগ। অৱশ্যে বিধানসভাত আলোচনা নহ’ল যদিও এতিয়া প্ৰতিবেদনখনক লৈ হৈছে সৰ্বত্ৰে চৰ্চা। বিধানসভাৰ নিৰ্বাচনৰ আগত ছয় জনগোষ্ঠীক ললিপপ তথা জাপি পিন্ধালে নেকি বুলি এতিয়া বিভিন্ন মহলৰ মাজত চলিছে সৰৱ আলোচনা। মন্ত্ৰীগোটৰ প্ৰতিবেদনখনত ৰাজ্যৰ ছয়টা জনগোষ্ঠীক দুটা ভাগত বিভক্ত কৰিলে। সংবিধান বৰ্হিভূত ST(V) নামৰ এটা নতুন শ্ৰেণী সৃষ্টি কৰি , সেই শ্ৰেণীত টাই আহোম, চুতীয়া,কোচ- ৰাজবংশী আৰু আদিবাসী সকলক অন্তৰ্ভুক্ত কৰিছে। আনহাতে মৰাণ আৰু মটক জনগোষ্ঠীৰ লগতে অবিভক্ত গোৱালপাৰা জিলাত অন্তৰ্ভূক্ত কোচ-ৰাজবংশী সকলক ST(P) মৰ্যাদা প্ৰদান কৰা পৰামৰ্শ আগবঢ়াইছে মন্ত্ৰীগোটে। কিন্তু ভাৰতৰ সংবিধানে জনজাতিকৰণৰ ব্যৱস্থাত দুটা শ্ৰেণীকহে সামৰি লৈছে।তেনে ক্ষেত্ৰত ST(P) আৰু ST(H)ৰ লগত অসম চৰকাৰে নতুনকৈ সৃষ্টি কৰিছে ST(V) । ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দিব বুলি কোৱা হৈছে প্ৰতিবেদনখনত। অথচ ST(V) য়ে জনজাতি হৈও নাপাব চৰকাৰী সংৰক্ষণৰ ব্যৱস্থা। জনজাতিৰ বাবে সংৰক্ষিত আসনত কৰিব নোৱাৰিব প্ৰতিদ্বন্দ্বিতা। কেন্দ্ৰীয় চৰকাৰৰ চাকৰি – শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিতো ST(V) য়ে নাপাব সংৰক্ষণৰ সুবিধা। মন্ত্ৰীগোটৰ প্ৰতিবেদনখনত উল্লেখ আছে যে কেন্দ্ৰীয় চৰকাৰে অনুমতি দিলেহে স্বীকৃতি পাব ST(V) য়ে্। লগতে উল্লেখ আছে যে বৰ্তমানৰ এচ টি (পি) আৰু এচ টি (এইচ) ৰ বাবে সংৰক্ষিত হৈ থকা লোকসভা, বিধানসভা আৰু নিগম- নিকায়ৰ সুবিধাসমূহত কোনোধৰণৰ প্ৰভাৱিত কৰিব নোৱাৰিব। অৰ্থাৎ বৰ্তমানৰ এচ টি (ভি)য়ে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি পালেও নাপাব সংৰক্ষণৰ সুবিধা। অৱশ্যে ৰাজ্যিক পৰ্যায়ৰ নিয়োগ, শিক্ষা আদিকে ধৰি ৰাজনৈতিক প্ৰতিনিধিত্ব আদিত সংবিধানৰ বিধিসন্মত সুবিধা লাভ কৰিব এচ টি (ভি) য়ে। এই প্ৰতিবেদনত এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে বৰ্তমান ৰাজ্যত যিকেইটা লোকসভাৰ সমষ্টি সংবিধানৰ ষষ্ঠ অনুসূচীত স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত আৰু বৰ্তমানৰ জনজাতিৰ বাবে সংৰক্ষিত সেই সমষ্টিসমূহত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব এচ টি ভিয়ে। আনহাতে প্ৰতিবেদনত এই বুলিও উল্লেখ কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ চাকৰি আৰু কেন্দ্ৰীয় শিক্ষানুষ্ঠানৰ নামভৰ্তিৰ ক্ষেত্ৰত এচ টি ভিৰ কাৰণে কোনোধৰণৰ কোটাৰ ব্যৱস্থা নাথাকিব।







































































