ক্ৰমাগতভাৱে বৃদ্ধি পাইছে মানসিক ৰোগীৰ সংখ্যা
ৰেখা বৰগোহাঁই
আমাৰ সমাজত দিনে দিনে বৃদ্ধি পাইছে মানসিক ৰোগীৰ সংখ্যা। বৰ্তমান আমাৰ চৌদিশে বৃদ্ধি হোৱা অশান্তি,অৰাজকতা, অসহিষ্ণুতা আদিয়ে আমাৰ মানসিক অৱস্থাটো সুস্থিৰ কৰি ৰখাটোৱে কঠিন হৈ পৰিছে। সাধাৰণতে এজন মানুহৰ শাৰীৰিক অৱস্থাটো দেখিয়ে জানিব পাৰি তেওঁ শাৰীৰিক ভাৱে কিমান সুস্থ। বিপৰীতে এজন মানুহক দেখিলেই কব নোৱাৰি তেওঁ মানসিক দিশটোত কিমান সুস্থিৰ। আনকি বহু সময়ত একোজন ব্যক্তিয়ে নিজেও নাজানে তেওঁ মানসিকভাবে সুস্থ নে অসুস্থ। সেয়েহে সকলোৱে অলক্ষিতে তথা নিজৰো অজ্ঞাতে দিনে দিনে মানসিক ৰোগত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। এক প্রকাৰৰ ক’বলৈ গলে ই উদ্বেগজনক খবৰ। উল্লেখযোগ্য যে বর্তমান সময়ত পৰিৱেশ পৰিস্থিতিয়ে যৌৱনপ্রাপ্ত ল’ৰা -ছোৱালীৰ পৰা পঞ্চাছ বছৰীয়া ব্যক্তিলৈকে মানসিক চাপ সৃষ্টি কৰিছে আৰু ইয়ে মানসিক দিশটোক অসুস্থ কৰি তুলিছে। এইকথা বিশ্ব স্বাস্থ্য সংস্থায়েও স্বীকাৰ কৰিছে
বর্তমান অসমতো ক্রমাগতভাৱে বৃদ্ধি পাই আহিছে মানসিক ৰোগীৰ সংখ্যা। বহুতে নিজাববীয়াকৈ এই ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসকৰ কাষ চাপে যদিও আন বহুতে লাজতে চিকিৎসা কৰিব নিবিচাৰে। ৰাজ্যৰ একমাত্র মানসিক ৰোগৰ চিকিৎসালয় তেজপুৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্রতিষ্ঠানত শেহতীয়াকৈ প্রকাশ পাইছে যে ৰাজ্যত দ্রুতগতিত বৃদ্ধি হৈছে মানসিক ৰোগীৰ সংখ্যা।২০২৪-২৫ বর্ষত প্রতিষ্ঠানটোলৈ মানসিক চিকিৎসাৰ বাবে পঞ্জীয়নভুক্ত হৈছে –অপিডি ৯৫৫৪১ জন, ইনপেছেণ্ট ১৫০৯ জন, ৰেফাৰেল ২৫১১০ জন, লেবৰেটৰী ইনভেষ্টিগেচন ২৭২৬৬ টা, ৰেডিঅ’লজি ইনভেষ্টিগেচন ১৩২২টা কমিউনিটী এক্সটেনচন ক্লিনিক ৫০০৩ আৰু ই ই জি ৭১০ টা। উল্লেখযোগ্য যে যোৱা বছৰৰ এপ্রিলৰ পৰা অক্টোবৰ মাহতে নতুনকৈ ১৬০৯৫ গৰাকী ৰোগী পঞ্জীয়নভুক্ত হৈছে।
মন কৰিবলগীয়া যে ১৮ বছৰৰ পৰা ৫০ বছৰ বয়সৰ লোক বেছিকৈ মানসিক চাপত ভুগিবলগীয়া হৈছে। কিয়নো সাম্প্রতিক সময়ত আমাৰ সমাজত কর্ম সংস্থাপনৰ অভাৱ ঘটিছে, ভবিষ্যৎ অন্ধকাৰময়, অসুৰক্ষিত, অনিশ্চয়তা, অশান্তি, অৰাজকতা, হিংসা-হত্যা, ঘৃণা আদিয়ে এই বয়সৰ লোকসকলক বেছিকৈ প্রভাৱিত কৰিছে। যিয়ে একপ্রকাৰৰ মানসিক ৰোগ সৃষ্টিকৰাত অৰিহণা যোগাইছে। পৰিণতিত আমাৰ সমাজত ক্রমাগতভাৱে বৃদ্ধি পাইছে মানসিক ৰোগীৰ সংখ্যা।




































































