তাই আহোমসকলৰ সামাজিক নিয়ম
ৰেখা বৰগোহাঁই
চাওঁলুং ছ্যুকাফাৰ নেতৃত্বত এদল তাই লোক ১২২৮ খ্ৰীঃত নতুন ৰাজ্যৰ গঢ়াৰ উদ্দেশ্যেই সৌমাৰত প্ৰৱেশ কৰিছিল। সেইসময়ত তেওঁলোক আছিল এটা স্বতন্ত্র জাতি। তেওঁলোকৰ আছিল পৃথক ভাষা, সভ্যতা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আৰু ধৰ্ম। সৌমাৰত নতুন ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পিছত তাইসকলে দিয়া-লোৱাৰ প্ৰথা গ্রহণ কৰিছিল। ফলত লাহে লাহে তেওঁলোকে অসমীয়া সভ্যতা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিৰ লগত মিলি যাবলৈ ধৰিলে। আনহাতে সৰহ সংখ্যক তাইলোকে নিজৰ তাওঁ ধৰ্ম পৰিত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰি সম্পূৰ্ণৰূপে অসমীয়া হৈ পৰিল। তাৰ পৰিণতিতে আহোমসকল স্বইচ্ছাই অসমীয়া হোৱা অসম জয় কৰা এটা শাসক জাতিত পৰিণত হ’ল। এই বিষয়ে আলেকজেণ্ডাৰ মেকেঞ্জিয়ে তেওঁৰ গ্ৰন্থ “The North East Frontier of Bengal ত লিখিছে “In the sleepy hollow of Assam, they (Ahoms) lost the qualities which had won them power and prestige, while by adopting the language, customs and religion of their Hindu Subjects, the speedily sank into the position of a
mere ruling caste and cased to present the characteristics of an alien race.”
যদিও আহোমসকল পূর্বতে এটা স্বতন্ত্র জাতি আছিল কিন্তু কালক্ৰমত তেওঁলোকে জাতি হোৱা সকলোবিলাক গুণ হেৰুৱাই বর্তমান ই এটা সম্প্রদায়তেহে পৰিণত হ’ল। অৱশ্যে অসমীয়া ভাষা, কৃষ্টি-সংস্কৃতি, ৰীতি-নীতি গ্রহণ কৰি তেওঁলোক সম্পূর্ণ অসমীয়া হ’ল যদিও বর্তমানেও কিছুমান সামাজিক আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আহোমসকলৰ মাজত পৃথকভাৱে চলি আছে।
সুশাসনৰ বাবে আহোম ৰাজ্যত কিছুমান খেলৰ জন্ম হৈছিল।সাধাৰণতে কোনো এক পুৰুষৰপৰা উদ্ভৱ হোৱা বা একেলগে খোৱা-বোৱা, থকা-মেলা আৰু একে ধর্মতে প্রবর্তা নতুবা বিশেষ জীৱিকাত অন্তর্ভুক্তি হোৱা লোকসকলক লৈ একো একোটা খেল গঠন কৰা হৈছিল। আহোম জাতিৰ ভিতৰত প্ৰায় নব্বৈটা মান খেল আছে। এই খেলসমূহ পুৰুষানুক্রমে তথা জন্মগতভাৱে পিছত ‘দেও’ শব্দ ব্যৱহাৰ কৰে। কাৰণ আহোমসকল স্বৰ্গৰ দেৱতাৰ বংশধৰ।
আহোমসকলৰ মাজত বিবাহ কার্য সম্পাদনা হৈছিল গান্ধর্ব প্ৰথাৰে।অৰ্থাৎ চকলংৰ জৰিয়তে। হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছৰে পৰা যদিও এই প্ৰথাৰ প্রচলন কমি আহিছিল তথাপি আজিও চকলংৰ জৰিয়তে কম সংখ্যকলোকে বিবাহ কার্য সম্পাদনা কৰি আহিছে। বাল্য বিবাহ আৰু বিধৱা বিবাহ আহোমসকলৰ মাজত প্রচলন নাই। অথচ বিধৱাক পত্নী হিচাপে গ্রহণ কৰাতো কোনো বাধা নাই। পুৰুষসকলে বহু পত্নীক ৰখাতো বাধা নাছিল। কিন্তু বর্তমান তেনে প্রথা প্রায়েই নাই বুলিব পাৰি। পুৰুষসকলে অনা-অসমীয়া ছোৱালীক বিয়া কৰোৱাত বাধা নাই, কিন্তু অনা অসমীয়া পুৰুষলৈ আহোম ছোৱালী বিয়া দিয়াত আপত্তি আছে তথা তেনে কাৰ্য কৰিবলৈ তেওঁলোকে টান পায় আৰু অপমানবোধ কৰে। বিবাহৰ পিছত তিৰুতাই পুৰুষৰ কুল পায় আৰু পুৰুষৰ উপাধি গ্রহণ কৰে। মাক-দেউতাকৰ সম্পত্তিৰ ভাগ ছোৱালীয়ে নাপায়। অপুত্রক হ’লে সেই সম্পত্তি বংশৰ আন পুৰুষে লাভ কৰে। অৱশ্যে আজিকালি হিন্দু বিবাহ আইনে তেনে হোৱাত বাধা প্ৰদান কৰিছে। আহোমসকলৰ মাজত পর্দা প্রথা অতীজৰে পৰা নাই। পুৰুষ-মহিলাৰ মাজত মিলামিচা কৰাত কোনো বাধা নাই। মহিলাক যথেষ্ট সম্মান আৰু শ্রদ্ধা যাচে। সেয়েহে ৰাজকার্য চলোৱাত ৰমণীসকলে ভাগ ল’ব পাৰিছিল আৰু ৰণক্ষেত্ৰতো জপিয়াই পৰিব পাৰিছিল। ৰজাঘৰীয়া ৰমণীসকলে মেল তথা বিষয় বাব ভোগ কৰিব পাৰিছিল। বিবাহিতা আহোম ৰমণীয়ে কেতিয়াও ওৰণি আৰু সেন্দুৰ ব্যৱহাৰ নকৰিছিল।
বৰৰজা ফুলেশ্বৰীৰ দিনলৈকে আহোমসকলৰ মৃতদেহ সৎকাৰ কৰিছিল মৈদাম প্ৰথাৰে। স্বৰ্গদেউ, ডা-ডাঙৰীয়া আদি মুখীয়াল লোকসকলৰ মৃত্যু হ’লে ডাঙৰকৈ মৈদাম দিয়া হয়। মৈদাম দিয়া মানে হ’ল মৃতদেহ জ্বলাই নিদি পুতি থয়। পিছত হিন্দু ধৰ্মৰ প্ৰভাৱত আহোম সকলে মৃতদেহ খৰি দিবলৈ ধৰে। অৱশ্যে চিতাভষ্ম নি মৈদাম দিয়াৰ ব্যৱস্থা কৰিছিল কিন্তু বর্তমানেও পুৰোহিত, দেওধাই, মহন, বাইলুং সকলে মৈদাম দিয়া প্রথা মানি আছে।
আহোমসকলৰ মাজত সন্তানসম্ভৱা নাৰী এগৰাকীক মাকৰ ঘৰত পঞ্চামৃত খোৱাৰ প্ৰথা আছে। তাৰোপৰি সন্তান জন্ম হোৱাৰ পিছত তিনিদিনৰ দিনা কচু জাল দিয়া, ন বা দহ দিনৰ দিনা নাড়ী সৰিলে বাজ ওলোৱা আৰু সুবিধানুসৰি শুদ্ধি পতা সামাজিক প্রথা যুগে যুগে চলি আছে। ল’ৰা সন্তান হ’লে বাজ ওলোৱাৰ দিনা দেশৰক্ষক যোদ্ধা হিচাপে কেচুৱাৰ হাতত ধেনু-কাড় তুলি দিয়াৰ নিয়ম আহোমসকলৰ মাজত আছে। চকলং কৰোঁতেও কন্যাই দৰাৰ হাতত হেংদাং তুলি দিয়ে।
আহোমসকলে বুৰঞ্জীক বৰ শ্ৰদ্ধা কৰিছিল আৰু প্রত্যেকেই বুৰঞ্জী জানিব লাগিছিল। বুৰঞ্জী লিখা প্রথাটো তেওঁলোকেই প্রথমে ভাৰতবৰ্ষত প্রচলন কৰিছিল। যি জন আহোমলোকে নিজৰ খেল, ফৈদ বা তেওঁৰ উপৰিপুৰুষে কোন ৰজাৰ দিনত কি বাব পাইছিল সেই কথা ক’ব নোৱাৰে তেওঁক আহোম বুলি ধৰা নহয়। চকলঙত দৰা-কন্যা উভয়ৰে উপৰিপুৰুষৰ বুৰঞ্জী কৈ তেওঁলোকক উপৰিপুৰুষৰ প্ৰতি সন্মান অটুট ৰাখিবলৈ উপদেশ দিয়া হয়।
এনে পৃথক কিছুমান সামাজিক প্রথা আহোমসকলৰ মাজত যুগে যুগে চলি আহিলেও কিন্তু অন্যান্য বিষয়ত হিন্দু সমাজৰ লগত প্রথাসমূহ একে।







































































