‘অভিৰুচি ক্ৰীড়া দিৱস’ কিয় আৰু কেতিয়াৰ পৰা পান কৰা হৈছে জানে নে?
আজি ৩ ছেপ্তেম্বৰ, অৰ্থাৎ ‘অভিৰুচি ক্ৰীড়া দিৱস’। প্ৰত্যেক বছৰে ৩ ছেপ্তেম্বৰ তাৰিখে পালন কৰা হয় ‘অভিৰুচি ক্ৰীড়া দিৱস’।
আজি অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। ক্ৰীড়াবিদগৰাকীৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে তেওঁৰ জন্ম দিৱসটি অসমত ‘অভিৰুচি ক্ৰীড়া দিৱস’ হিচাপে পালন কৰা হয়।
১৯৮৪ চনৰ পৰাই প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে এই ক্ৰীড়া দিৱস অনুষ্ঠিত হৈ আহিছে৷ ‘অভিৰুচি’ নামৰ অসমীয়া ক্ৰীড়া আলোচনী এখনৰ সম্পাদক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ উদ্যোগত আৰম্ভণি হৈছিল এই ক্ৰীড়া দিৱসৰ৷
অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তত দৌৰ, সংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হয়। ইয়াৰ উপৰিও বিভিন্ন খেল-ধেমালিত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈসকলক আজিৰ দিনটোত বিশেষভাৱে সন্মান জনোৱা হয়।