৩৫ বিধকৈ অত্যাৱশ্যকীয় ঔষধৰ দাম হ্ৰাস
সামগ্ৰীৰ মূল্য সঘনাই বৃদ্ধিয়ে সাধাৰণ ৰাইজক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে। বস্তুৰ দাম বৃদ্ধিৰ মাজতে কিছু সকাহৰ খবৰ । কেন্দ্ৰীয় চৰকাৰে অত্যাৱশ্যকীয় ঔষধৰ দামৰ ওপৰত নিয়ন্ত্ৰণ কৰিছে।
ৰোগীৰ বাবে ঔষধ অধিক সুলভ কৰি তোলাৰ বাবে পদক্ষেপ ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষৰ বিশেষ পদক্ষেপ। ঔষধৰ দাম হ্ৰাস কৰাৰ বাবে ফাৰ্মা কোম্পানীক নিৰ্দেশ নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটীৰ। আগশাৰীৰ ঔষধ কোম্পানীয়ে বিক্ৰী কৰা ৩৫ টা অত্যাৱশ্যকীয় ঔষধৰ খুচুৰা মূল্য হ্ৰাস কৰিছে।
হ্ৰাস পাব এন্টি-ইনফ্লেমেটৰী, কাৰ্ডিঅ’ভাস্কুলাৰ, এন্টিবায়টিক, এন্টি-ডায়েবেটিক আৰু চাইকিয়াট্ৰিক ঔষধকে ধৰি বহুতো ঔষধৰ মূল্য।
এচেক্ল’ফেনাক, পেৰাচিটামল আৰু ট্ৰিপচিন চাইম’ট্ৰিপচিন, এমোক্সিচিলিন আৰু পটাছিয়াম ক্লেভুলেনেটৰ নিৰ্দিষ্ট মাত্ৰাৰ সংমিশ্ৰণ, এটৰভাষ্টেটিনৰ সংমিশ্ৰণ আৰু এম্পাগ্লিফ্ল’জিন, চিটাগ্লিপ্টিন, আৰু মেটফৰ্মিনৰ দৰে নতুন মৌখিক এন্টি-ডায়েবেটিক সংমিশ্ৰণৰ দামো হ্ৰাস পাব।















































































