এটা বছৰ সম্পূৰ্ণ কৰিলে সাপ্তাহিক লেংডন বাতৰি কাকত আৰু লেংডন বাতৰি পৰ্টেলে

লেংডন বাতৰিৰ “বিশেষ সম্বৰ্ধনা” ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিলৈ অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ৰাধাগোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত আগবঢ়োৱা হয়। উল্লেখযোগ্য যে লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত ” দেশ জাতি আৰু নৱপ্ৰজন্মৰ বাবে উৎসৰ্গিত” মূলমন্ত্ৰক সৰোগত কৰি যোৱা ২০২৪ বৰ্ষৰ মে’মাহত জন্ম হৈছিল সাপ্তাহিক লেংডন বাতৰি কাকত আৰু লেংডন বাতৰি পৰ্টেলৰ। দুয়োটা অনুষ্ঠানৰে প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰথমটো “লেংডন বাতৰিৰ সাংবাদিকতা বঁটা” ৰাজ্যৰ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনলৈ আগবঢ়োৱা হৈছিল। আনহাতে আন কেইবাজনো ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিলৈ ” লেংডন বাতৰিৰ বিশেষ সম্বৰ্ধনা” ঘোষণা কৰা হৈছিল। যোৱা ১৯ জুলাই তাৰিখে অসম সাহিত্য সভাৰ আমবাৰীস্থিত ভগৱতী প্ৰসাদ বৰুৱা ভৱনত এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, বুৰঞ্জীবিদ ড০ দয়ানন্দ বৰগোহাঁঞি, বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ দয়ানন্দ পাঠক আৰু অসম সাহিত্য সভাৰ সম্পাদক দেৱজিৎ বৰাক বিশেষ সম্বৰ্ধনা প্ৰদান কৰা হয়। লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁই, লেংডন বাতৰিৰ মুখ্য সম্পাদক ৰেখা বৰগোহাঁই আৰু ফাউণ্ডেশ্যনৰ সমূহ বিষয়ববীয়াই বিশিষ্ট ব্যক্তি কেইজনক এখন চেলেং চাদৰ, এখন সম্বৰ্ধনা পত্ৰ, এটা জাপি,এটি স্মাৰক প্ৰদান কৰে।লগতে সভাত উপস্থিত থকা সকলোকে এটি স্মাৰক আৰু চেলেঙেৰে সন্মান জনোৱা হয়। ড০ ৰিতু গগৈয়ে আতঁ ধৰা সভাৰ আৰম্ভণিতে এটি মনপৰাশা সমবেত সংগীত পৰিৱেশন কৰে মিলিজুলি সাংস্কৃতিক গোষ্ঠী আৰু সৃষ্টি সাংস্কৃতিক গোষ্ঠীয়ে। লগতে বাৰেৰহনীয়া এটি সমবেত নৃত্য পৰিৱেশন কৰে মিলিজুলি সাংস্কৃতিক গোষ্ঠীয়ে। বহু কেইজন গণ্যমান্য ব্যক্তিৰ লগতে লেংডন বাতৰিৰ শুভাকাংশীৰ উপস্থিতিয়ে সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে

Leave a comment

Your email address will not be published. Required fields are marked *