গৰমত কিদৰে নিজক সুৰক্ষিত ৰাখিব জানি লওঁক,,,

প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। প্ৰচণ্ড গৰমত স্বাস্থ্যৱান হৈ থাকিবলৈ শৰীৰৰ বাবে বিশেষ যত্ন লোৱাৰ প্ৰয়োজন।

গ্ৰীষ্মকালত শৰীৰটো হাইড্ৰেটেড কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ।

শৰীৰটো হাইড্ৰেটেড কৰি ৰাখিবলৈ প্ৰতিদিনে দিনে কমেও ৮-১০ গিলাচ পানী খাব লাগে। শৰীৰটো শীতল ৰাখিবৰ বাবে গৰমৰ দিনত নেমুৰ ৰসৰ সৈতে নিমখ-চেনী মিহলি কৰি পানী খোৱাটো অতি উপকাৰী।

আপোনাৰ দৈনিক আহাৰত ফল যোগ কৰক।

ঠাণ্ডা পানীয়ৰ সলনি আপুনি নাৰিকল পানী খাওক। নাৰিকল পানীৰ পৰা আপুনি ইয়াত শক্তিও পাব।

প্ৰয়োজন হ’লে দিনত দুবাৰ গা ধুব।

ছালত ভিটামিন চি থকা ক্ৰীম, লোচন ব্যৱহাৰ কৰিব। ই ছালক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষিত ৰাখিব।

গ্ৰীষ্মকালত পাতল ৰঙৰ কপাহ আৰু ঢিলা কাপোৰ পিন্ধিব, যিয়ে শৰীৰ শীতল ৰখাত সহায় কৰে আৰু ঘামো সহজে শুকাই যায়।

পৰাপক্ষত দিনত দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৪ বজাৰ সময়খিনি ঘৰৰ ভিতৰতে থাকক। কাৰণ এই সময়ত তাপমাত্ৰা সৰ্বোচ্চ স্তৰত থাকে।

বাহিৰলৈ যোৱাৰ পূৰ্বে চানস্ক্ৰীণ ব্যৱহাৰ কৰিব। চানস্ক্ৰীণে আপোনাৰ ছালক চানবাৰ্ণৰ পৰা সুৰক্ষিত কৰিব।

Leave a comment

Your email address will not be published. Required fields are marked *