৯খন ৰাজ্যৰ নতুন সভাপতিক নিযুক্তি দিলে বিজেপিয়ে
কেন্দ্রত শাসনত অধিষ্ঠিত ভাৰতীয় জনতা পার্টিয়ে (বিজেপি) শেহতীয়াকৈ ৯খন ৰাজ্যৰ বাবে নতুন ৰাজ্যিক সভাপতিৰ নাম ঘোষণা কৰিছে। দলটোৱে ইয়াৰ বৰ্তমানৰ সাংগাঠনিক স্তৰত ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ নিৰ্বাচন পৰিচালনা কৰিছে।
ইয়াৰ পাছতে দলটোৱে ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। বুধবাৰে দলটোৱে মধ্য প্রদেশৰ নতুন ৰাজ্যিক সভাপতি হিচাপে হেমন্ত কুমাৰ খান্দেলৱালক নিযুক্তি দিয়ে। ইয়াৰ পাছতে দলটোৱে নতুন ৰাষ্ট্ৰীয় সভাপতি নির্বাচনৰ প্ৰক্ৰিয়াৰ কাষ চাপিছে।
আনহাতে, বিজেপিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, গুৰুত্বপূৰ্ণ ৰাজ্যসমূহ- উত্তৰ প্রদেশ, গুজৰাট, কৰ্ণাটক, দিল্লী আৰু হাৰিয়ানাৰ দৰে ৰাজ্যৰ নতুন ৰাজ্যিক সভাপতি নিৰ্বাচনৰ পাছতহে ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। আনহাতে, বিজেপিয়ে মহাৰাষ্ট্ৰৰ বাবে ৰবীন্দ্ৰ চৱনক, উত্তৰাখণ্ডৰ বাবে মহেন্দ্ৰ ভাটক, হিমাচল প্ৰদেশৰ বাবে ৰাজীৱ বিণ্ডালক, অন্ধ্র প্রদেশৰ বাবে পি ভি এন মাধৱক, তেলেংগানাৰ বাবে এন ৰামচন্দ্ৰ ৰাওক, মিজোৰামৰ বাবে কে বেইচুৱাক, পুডুচেৰীৰ বাবে ভি পি ৰামালিংগমক, আন্দামান আৰু নিকোবৰৰ বাবে অনিল তিৱাৰীক শেহতীয়াকৈ নতুন ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়ে।