বেলৰ ৰস শৰীৰৰ বাবে কিমান উপযোগী
গৰম দিনত আপুনি সেৱন কৰক বেলৰ ৰস। বেলৰ ৰসে দূৰ কৰে মানৱ শৰীৰৰ মাৰাত্মক বেমাৰ। বেলৰ ৰসৰ আছে বিভিন্ন ধৰণৰ সুবিধা। ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত সহায় কৰে বেলৰ ৰসে। বেলৰ ৰসত আছে কলেষ্টেৰল নিয়ন্ত্ৰণকাৰী ক্ষমতা আৰু ই ব্যক্তিৰ শৰীৰত পানীৰ অভাৱ পূৰণ কৰে। ইয়াৰ উপৰিও ডায়েবেটিছ ৰোগীৰ বাবে বেলৰ ৰস বহু উপকাৰী। যিহেতু বেলৰ ৰসত চেনি ব্যৱহাৰ কৰা নহয়। ব্যক্তিৰ শৰীৰৰ ওজন কমোৱাত সহায় কৰে বেলৰ ৰসে। বেলত থাকে বহুতো পুষ্টিকৰ উপাদান। যাৰ ফলত শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। মানসিক চাপ,তাপ আৰু ক্লান্তিৰ পৰা সকাহ দিয়ে বেলৰ ৰসে,স্তন কেন্সাৰ,হিট ষ্টোক,ডায়েৰিয়া আদি ৰোগৰ পৰাও হাত সাৰিব পাৰি বেলৰ ৰস খালে।




































































