বীট আপোনাৰ শৰীৰৰ বাবে কিমান প্ৰয়োজন
মানুহক এটা সুস্থ শৰীৰৰ বাবে বিভিন্ন ধৰণৰ পাচলিয়ে সহায় কৰে। বিভিন্ন ধৰণৰ পাচলিৰ ভিতৰত এজন ব্যক্তিৰ শৰীৰত বীটৰ ভূমিকা বিশেষ ভাৱে উল্লেখনীয়। খাদ্যৰ তালিকাত বীটক বিভিন্ন ৰূপত আহাৰ হিচাপে গ্ৰহণ কৰা হয়। চালাডৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ তৰকাৰী আৰু চপলৈকে বীট ব্যৱহাৰ কৰা হয়। মানৱ শৰীৰত বীটে গ্ৰহণ কৰিছে বিশেষ ভূমিকা। GFX বীটক কোৱা হয় ছুপাৰ ফুড বুলিও vo: কাৰণ মগজুক সুস্থ কৰি ৰখাত বীট অতি ফলপ্ৰসু ইয়াৰ উপৰিও বীটে মানৱ শৰীৰৰ সহনশীলতা আৰু হৃদশ্বাসৰ ক্ষমতা বৃদ্ধি কৰে।তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত বীটৰ ৰস বিশেষভাৱে উপযোগী। বীটত থকা ভিটামিন B12, মেংগানিজ,ফ’লেট, পটাছিয়াম, নাইট্ৰেট,কেলেচিয়াম,আইৰণ, জিংক,আয়ডিন,এন্টিঅক্সিডেণ্ট আদিয়ে GFX ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰাৰ লগতে হাড় আৰু পেশীবোৰ শক্তিশালী কৰিতোলে । গতিকে বীটক আপোনাৰ খাদ্যৰ তালিকাত স্থান দিয়ক আৰু আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখ