লিচু খেতিয়েও গঢ়িব পাৰে অৰ্থনৈতিক ভেটি
অসমৰ মাটি থলুৱা ফলমূল উৎপাদনৰ বাবে অতিকৈ উপযোগী। বিশেষ পৰিশ্ৰম তথা যত্ন নকৰাকৈয়ে অসমৰ সাৰুৱা মাটিত লহপহকৈ বাঢ়ি আহে লিচু ,আমি, কঁঠাল,জাম,লেটেকু,পনিয়লকে ধৰি বিভিন্ন প্ৰজাতিৰ থলুৱা ফলমূলৰ গছ সমূহ আৰু উৎপাদনো ভাল হয়।যদি এই থলুৱা ফলমূলসমূহ ব্যৱসায়িক ভিত্তিত আৰু বহল পৰিসৰত কৰিবলৈ চেষ্টা কৰা হয় তেনে হ’লে অসমৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰিবলৈ সক্ষম হব।লগতে অসমৰ নিবনুৱাৰ সমস্যাও বহু পৰিমাণে সমাধান হ’ব। তাৰ বাবে জনসাধাৰণ আৰু চৰকাৰ দুয়ো পক্ষৰ পৰাই সদিচ্ছা লাগিব।মন কৰিবলগীয়া বিষয়টো হ’ল যে প্ৰতিবছৰে অসমলৈ বহিঃৰাজ্যৰ পৰা লাখ লাখ টন আম আমদানি হয়। অথচ অসমৰ মাটিত আম উৎপাদন কৰিবলৈও অতিকৈ উপযোগী। তেনেদৰে অন্যান্য থলুৱা ফলমূলসমূহো বিভিন্ন সময়ত বিভিন্ন ৰাজ্যৰ পৰা আমদানি কৰা হয় আৰু সেইবিলাক আমি উচ্চ দলত ক্ৰয় কৰি টকালি পাৰি খাওঁ। বিপৰীতে কিন্তু আমি অনাসাৰে কৰিব পৰা বা হোৱা ফলমূলসমূহ বাৰীতে উৎপাদন কৰিবলৈ যত্ন নকৰোঁ। অৱশ্যে শেহতীয়াকৈ লিচু উৎপাদনে অসমলৈ এক আশাৰ বতৰা কঢ়িয়াই অনাৰ পৰিলক্ষিত হৈছে।এক প্ৰকাশিত তথ্যৰ মতে দেশৰ ভিতৰতে অসমে লিচু উৎপাদনত পঞ্চম স্থান অৰ্জন কৰিছে।২০১৪ চনৰে পৰা অসমত লিচু উৎপাদন ক্ৰমান্বয়ে বৃদ্ধি হৈছে।২০১৪ চনত ১৪ হেজাৰ মেট্ৰিক টন,২০১৮ চনত ৫০ হেজাৰ মেট্ৰিক টন,২০২২ চনত ৬০.০৬ হেজাৰ মেট্ৰিক টন,২০২৩ চনত ৬০.৯ হেজাৰ মেট্ৰিক টন আৰু ২০২৪ চনত ৬১.৩৭৯ হেজাৰ মেট্ৰিক টন লিচু উৎপাদন কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ২০২৪ চনত ৩২২ হেজাৰ মেট্ৰিক টন লিচু উৎপাদন কৰি দেশৰ ভিতৰতে বিহাৰে প্ৰথম স্থান লাভ কৰিছিল। দ্বিতীয় স্থানত পশ্চিম বংগ )৮২ হেজাৰ মেট্ৰিক টন), তৃতীয় স্থানত ঝাৰখণ্ড (৬৫ হেজাৰ মেট্ৰিক টন ), চতুৰ্থ স্থানত পঞ্জাৱ (৬৪ হেজাৰ মেট্ৰিক টন)আছে। কিন্তু সঠিক পৰিকল্পনাৰে যদি অসমৰ মাটিত লিচু খেতি কৰিবলৈ লোৱা হয় তেনে হ’লে অসমৰ স্থান আগলৈ আহিব। যিহেতু অসমত বিলাতী,শ্বাহী,বম্বেয়া,দেৱীৰ দৰে লিচুৰ এক সুকীয়া পৰিচয় আছে। আনহাতে তেজপুৰৰ সুস্বাদু লিচুৰ সমাদৰ কেৱল অসমতে নহয় বহিঃ ৰাজ্যৰ লগতে বিদেশতো আছে।এই কথা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ৰ তথ্যত প্ৰকাশ।মন কৰিবলগীয়া বিষয়টো হ’ল যে অসমত সকলো জাতৰ লিচু উৎপাদনৰ পৰিৱেশ আছে লগতে উচিত দামো পোৱা যায়। মাত্ৰ মনপুতি ব্যৱসায়িক ভিত্তিত লিচুৰ খেতি নকৰাৰ ফলত যিদৰে ৰাজ্যত লিচু উৎপাদন হ’ব লাগিছিল হোৱা নাই। তদুপৰি উৎপাদিত লিচু বিলাকো ৰপ্তানিৰ ক্ষেত্ৰত যিদৰে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া নকৰাৰ ফলতো অসমৰ অৰ্থনৈতিক দিশত বহু পৰিমাণে লোকচান ভৰিবলগীয়া হৈছে। গতিকে লিচু খেতিয়ক আৰু চৰকাৰৰ সম সদিচ্ছাৰে সঠিক পৰিকল্পনাৰে আগবাঢ়ি গ’লে খুব সোনকালে অসম লিচু উৎপাদনত দেশৰ ভিতৰতে দ্বিতীয় বা তৃতীয় স্থানত উপনীত হ’ব।