নিজৰ পুত্ৰকে দলৰ পৰা বাহিৰ লালু প্ৰসাদ যাদৱৰ
তেজ প্ৰতাপ যাদৱক RJD ৰ পৰা বহিস্কাৰ। ৬ বছৰৰ বাবে তেজস্বী প্ৰতাপ যাদৱক নিলম্বন কৰিলে পিতৃ লালু প্ৰসাদ যাদৱে। বিহাৰৰ লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী প্ৰতাপ যাদৱৰ এগৰাকী মহিলা লগত অবৈধ সম্পৰ্কৰ এটা ভিডিঅ হৈছিল ভাইৰেল। যুৱতীৰ সৈতে অসংযত অৱস্থাত ভাইৰেল হৈছিল এটা ভিডিঅ’।

ইয়াৰ পিছতে পুত্ৰৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লালু প্ৰসাদ যাদৱৰ। ৬ বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপক। পৰিয়ালৰ সন্মান তেজ প্ৰতাপ যাদৱে হানি কৰাৰ অভিযোগ।

তাৰ পাছতে ৰাষ্ট্ৰীয় জনতা দলৰ পৰা পুত্ৰ তেজ প্ৰতাপ যাদৱক লালুপ্ৰসাদ যাদৱে বহিষ্কাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ তেজস্বী যাদৱৰ। ‘যিকোনো সিদ্ধান্ত লোৱাৰ তেওঁৰ অধিকাৰ আছে। মই একো নকওঁ।’





































































