নিশা মুখ্যমন্ত্ৰীলৈ আহিল ভূপেন বৰাৰ ফোন ।ফোনত কি কথা পাতিলে ভুপেন বৰাই।জানিবলৈ ইনবক্স চাওক।সোমবাৰে নিশা পুনৰ এখন সংবাদমেল সম্বোধন কৰি ভূপেন বৰাই আওপকীয়াকৈ কৈ দিলে যে, তেওঁ আৰু কংগ্ৰেছত নাথাকে! দিনৰ ভাগত কংগ্ৰেছ নেতৃত্বৰ সৈতে সংবাদমেলত বহিছিল যদিও নিশা পুনৰ সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতৃত্বক পৰোক্ষভাৱে কটাক্ষ কৰিলে ভূপেন বৰাই।
ভূূপেন বৰাই এতিয়া কি সিদ্ধান্ত ল’ব তাক লৈ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা চলিছে। বহুতৰ মতে ভূপেন বৰাই ইতিমধ্যে বিজেপিত যোগ দিয়াৰ বাবে নিজকে মানসিকভাৱে সাজু কৰিছে। মুখ্যমন্ত্ৰীৰ সৈতে সোমবাৰে নিশা ভাগলৈ ফোনযোগে যোগাযোগো হৈছে ভূপেন বৰাৰ। এই যোগাযোগৰ সময়তে ভূপেন বৰাৰ ঘৰলৈ যাব খোজা মুখ্যমন্ত্ৰীক মঙলবাৰে সন্ধিয়া ৭বজাত পোৱাকৈ আমন্ত্ৰণো জনালে ভূপেন বৰাই। মুখ্যমন্ত্ৰীৰ সৈতে […]










































































