কঙালীও হ’ব পাৰে ভোগালী

ৰেখা বৰগোহাঁই অসমীয়াই উদযাপন কৰা তিনিটা কৃষিভিত্তিক উৎসৱ বিহুৰ এটা অন্যতম হৈছে কাতি বিহু।কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। কাৰণ আহিন- কাতি মাহত অসমীয়া মানুহৰ ধানৰ ভঁৰাল প্ৰায়ে উদং হয়। বছৰটোলৈ কৰা খেতিৰ পৰা পোৱা ফচল এই দুমাহত উদং হোৱাৰ ফলত অসমীয়াই বহু বেছি আয়োজন কৰি বিহুটো পালন কৰিব নোৱাৰা কাৰণেই কাতি বিহুক কঙালী […]

এজোপা বিস্ময়কৰ গছ – বাখৰ বেঙেনা

–ৰেখা বৰগোহাঁই শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত বকতা মৌজাৰ মধ্যভাগত এজোপা অতি বিস্ময়কৰ তথা ৰহস্যজনক গছ আছে ।নাম ‘বাখৰ বেঙেনা’ গছ। শিৱসাগৰ সদৰৰ পৰা ইয়াৰ দূৰত্ব প্রায় ২৫ কিলোমিটাৰ। বৰ্তমান এই গছজোপাৰ বিষয়ে নুশুনা লোক খুব কমেই ওলাব। বাখৰবেঙেনা এজোপা চুটি-চাপৰ, কাঁইটীয়া গুল্মজাতীয় উদ্ভিদ। সাধাৰণতে বেঙেনা বুলি কওঁতে আমি যিবিধ গছৰ বিষয়ে জানো সেইবিধ […]

আমি বাৰু শিপা হেৰুৱাইছোঁ নেকি?

ৰেখা বৰগোহাঁই ‘শিপা’ যিমানেই গভীৰ আৰু মজবুত হয় সিমানেই এটা জাতিৰ আয়ুসৰেখা বৃদ্ধি পায়। শিপাৰ পৰা বিচ্ছিন্ন হ’লে শিপাহীন এটা জাতি অস্তিত্বহীন হৈ পৰে। আৰু অতি সোনকালে জাতিটো মৃত্যুমুখত পৰে। বিভিন্ন জাতি-ধর্ম-বর্ণ নির্বিশেষে গঢ় লৈ উঠিছে অসমীয়া বৃহৎ জাতি। বিভিন্ন ভাষা-ভাষী, বিশ্বাস-পৰম্পৰা, সাজপাৰ, ৰীতি-নীতি আদিৰে গঢ় লৈ উঠিছে অসমীয়া সমাজ। যুগ যুগ ধৰি দিয়া-লোৱাৰ প্ৰথাৰে, […]

অসমীয়াই নিজক চিনাৰ সময় সমাগত

ৰেখা বৰগোহাঁই তাহানিতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছে ” আমি অসমীয়া নহওঁক দুখীয়া, কিহৰ দুখীয়া হম, সকলো আছিল সকলো আছে,নুবুজো নলওঁ গম।” সৌ সিদিনা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাও গীতৰ জৰিয়তে সকিয়াই গৈছে -” আমি অসমীয়া নহও দুখীয়া বুলি সান্ত্বনা লভিলে নহ’ব , আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব।” সচাঁকৈয়ে আজি অসমীয়াই এনে কথাবোৰ কিমান […]

মৈদামৰ বিষয়ে জানে নে?

ছশ বছৰ ৰাজত্ব কৰা আহোমসকলৰ চহকী স্থাপত্য কলাসমূহৰ ভিতৰত অন্যতম হ’ল মৈদাম সমূহ। ‘মৈদাম’ শব্দটো হৈছে এটা যুৰীয়া টাই ভাষাৰ শব্দ। ইয়াৰ অৰ্থ মৃতদেহৰ ওপৰত দেৱতাৰ মৰ্যদাৰে মাটি জাপি ঢিপ সাজি সমাধিস্থ কৰা। ছশ বছৰ ৰাজত্ব কৰা আহোমসকলৰ চহকী স্থাপত্য কলাসমূহৰ ভিতৰত অন্যতম হ’ল মৈদাম সমূহ। ‘মৈদাম’ শব্দটো হৈছে এটা যুৰীয়া টাই ভাষাৰ শব্দ। ইয়াৰ […]

চৰৰ মানুহে লোকপিয়লত মাতৃভাষা অসমীয়া বুলি নিলিখিলে অসমীয়া সংখ্যালঘুত পৰিণত হব নেকি?

অসমীয়াক সংখ্যালঘু কৰিম বুলি ABMSUএ দিয়া ভাবুকিৰ সন্দৰ্ভত কি ক’লে উৎপল শৰ্মাই – কোনোবা অসমীয়া বিৰোধী সংগঠন অসমীয়া বিৰোধী নেতাই কি বক্তব্য ৰাখিছে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ মই প্ৰয়োজন বোধ কৰা নাই’‘লোকপিয়লত মাতৃভাষা অসমীয়া নিলিখিলে অসমীয়া সংখ্যালঘুত পৰিণত হৈ যাব এই ব্লেক মেইলিং বহু দশক ধৰি কৰি অহা হৈছে’‘একাংশ লোক আছে যি বিচাৰে অসমীয়া জাতিটো […]