মৰেল পুলিচগিৰি —সমাজৰ কাৰণে কিমান গ্ৰহণযোগ্য
ৰেখা বৰগোহাঁই
বাতৰি কাকতখন মেলি চালে বা টেলিভিছনটো খুলি চালে সঘনাই আমি দেখিবলৈ পাওঁ সৰু সৰু কথাৰ পৰা ডাঙৰ কথালৈকে অসহায় বা নিৰ্দোষ লোকৰ ওপৰত এচাম উন্মত্ত লোকে নিজৰ বিচাৰেৰে কৰা মৰেল পুলিচগিৰি। বাতৰিকাকতখনতকৈ টেলিভিছনৰ পৰ্দাত এনে ঘটনাবোৰ দেখিলে প্ৰত্যেকজন সচেতন লোকৰে গা নোম শিয়ৰি উঠে। কিছুদিনৰ পৰা তেনে বহু কেইটা ঘটনাৰ প্ৰত্যক্ষ দৰ্শী হৈছে অসমবাসী। যিকেইটা ঘটনাই আমাৰ সমাজত দীঘল সময়লৈ প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে। ভাবিলে আচৰিত লাগে আমাৰ মাজত এনে কুসংস্কৃতি বিয়পিল কেনেকৈ? আমাৰ সহজ-সৰল মনবোৰত এনে কুসংস্কৃতিয়ে কেনেকৈ খোপনি পুতিবলৈ পালে?
মানুহে সমাজ পাতি বাস কৰে আৰু সেই সমাজ সুন্দৰকৈ পৰিচালিত হ’বলৈ মানুহে নজনা অতীতৰ পৰাই তৈয়াৰ কৰি লৈছিল কিছুমান নীতি নিয়ম, সংস্কৃতি-পৰম্পৰা ইত্যাদি। সমাজত সেই নীতি- নিয়মবিলাক অলপ ইফাল সিফাল হ’লেই সমাজখন বিশৃঙ্খল হৈ পৰে। কিন্তু অসমীয়া সমাজখন অতীতৰ পৰাই এক নিৰ্দিষ্ট নীতি – নিয়ম, শৃংখলাৰ মাজেৰে পৰিচালিত হৈ আহিছে। ৰাজ্যখনৰ প্ৰতিটো জাতি- জনগোষ্ঠী, সম্প্ৰদায়ৰ আছে নিজা নিজা বিচাৰ প্ৰক্ৰিয়া।যি প্ৰক্ৰিয়াৰ জৰিয়তে এখন সমাজক শৃংখলিত কৰি ৰখা হয়।
কিন্তু, আজি কেইবছৰমানৰ পৰা অসমীয়া সমাজখনত এচাম লোকৰ মাজত মৰেল পুলিচগিৰি নামৰ এটা নতুন বিচাৰ প্ৰক্ৰিয়াই খোপনি পুতিবলৈ ধৰিছে। যাৰ ফলত সেইচাম লোক নিজেই আইন, নিজেই আদালত, নিজেই বিচাৰকৰ ৰূপত অৱতীৰ্ণ হয়। কোনোবা এজন লোকক আন কোনোবা এজন লোকেই অভিযোগ দিলেই বা কিবা দোষ কৰিছে বুলি প্ৰচাৰ কৰিলেই লগে লগে কোনো বাচ- বিচাৰ নোহোৱাকৈ এচাম বিবেকহীন লোকে অভিযুক্ত লোকজনৰ ওপৰত হিংস্ৰতকৈও হিংস্ৰ হৈ জঁপিয়াই পৰে। আক্ৰান্ত লোকজনৰ কাবৌ- কাকূতি ,আৰ্তনাদ আদি কাৰো কৰ্ণগোচৰ নহয়।সেয়া কাৰো হৃদয় চুব নোৱাৰে। মৰেল পুলিচগিৰিত নমা সকল ইমানেই ভয়ংকৰ হৈ পৰে যে বহু সময়ত অভিযুক্ত লোকজনৰ প্ৰাণ পৰ্যন্ত গুচি যায়। তাৰ পিছতো কিন্তু সেইসকল ক্ষান্ত নহয়।মৃত শৰীৰটোৰ ওপৰতো বিভিন্ন ধৰণৰ অত্যাচাৰ কৰা আমি টেলিভিছনৰ পৰ্দাত দেখিছোঁ।
আজিৰ পৰা কেইবছৰমানৰ আগলৈকে সমাজত অভিযুক্ত হোৱা লোকৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ ধৰণৰ আছিল। সাধাৰণতে গাঁৱৰ মূৰব্বী জনৰ অধীনত বা নামঘৰৰ মজিয়াত অভিযুক্ত লোকজনৰ বিচাৰ হৈছিল।বিচাৰত অভিযুক্ত জন গুৰু দোষত দোষী সাব্যস্ত হ’লে সমাজে সেইজনক এঘৰীয়া কৰে বা লঘূ দোষত শৰাইৰ তামোল- পাণ আৰু সামান্য মাননিয়ে তেনেজনে ৰাইজৰ আগত আঁঠু লৈ ক্ষমা ভিক্ষা মাগিলে অভিযুক্ত জনক ক্ষমা কৰি দি সমাজে আঁকোৱালি লয়। কিন্তু বৰ্তমান সময়ত অভিযুক্ত হোৱা লোকজনৰ সামাজিক বিচাৰ প্ৰক্ৰিয়া দেখিলে বুকু কঁপি উঠে। এতিয়া কোন কেতিয়া কাৰ অভিযোগত দোষী সাব্যস্ত হয় কোনেও কব নোৱাৰে। পুৰুষ – মহিলা, শিশু – বৃদ্ধ, কিশোৰ – কিশোৰী আদি কোনো বৰ্তমান মৰেল পুলিচগিৰিৰ পৰা বাচি যাব পৰা নাই। বহু ক্ষেত্ৰত দেখা যায় যে ব্যক্তিগত আক্ৰোশ পূৰাবলৈকে কোনোবাই কাৰোবাক দোষী সাব্যস্ত কৰে। আকৌ কোনোবা এজন সমাজত দোপত দোপে নিজৰ কৰ্মৰ জৰিয়তে উজ্বলি উঠিলে সেইজনক হেয় প্ৰতিপন্ন কৰিবলৈ তেওঁতকৈ দুৰ্বল এক শ্ৰেণীয়ে অনবৰতে লাগি থাকে আৰু সুযোগ সুবিধা পালেই সেইজনৰ বদনাম উলিয়াই দোষী সাব্যস্ত কৰে।তেনেবোৰ কথা ভালদৰে বিবেচনা কৰিবলৈও এচাম লোকক বিবেকে অনুমতি নিদিয়ে। তেনে মৰেল পুলিচগিৰি কৰিবলৈ অনবৰতে উদ্যত হৈ থকা লোকসকলে সৰু কথাতে অভিযুক্ত কৰি শিশুকো মাৰি মাৰি হাত- ভৰি ভাঙি দিব পাৰে,খুঁটাত বান্ধি থব পাৰে। মহিলা – যুৱতীৰ শ্লীলতা হানি কৰিব পাৰে, বৃদ্ধ -বৃদ্ধাকো মাৰপিট কৰিব পাৰে। এনেবোৰ ঘটনা সাধাৰণতে মুষ্টিমেয় কেইজনমান বিবেকহীন লোকেৰে সংঘটিত কৰে। কিন্তু তেনে ঘটনা প্ৰত্যক্ষ কৰা লোকৰ সংখ্যা অধিক। ঘটনা সংঘটিত হোৱাৰ স্হানত বহু লোক সমবেত হৈ থাকি ভিডিঅ’ কৰে, ঘটনাটো উপভোগ (?) কৰে, কিন্তু বাধা দিবলৈ কোনো নোলায়। এয়াৰ পৰাই অনুমান কৰিব পাৰি আজি আমাৰ মানসিকতা কোন দিশে গতি কৰিছে।
আনহাতে, তেনে অবাঞ্চিত কাৰ্যত লিপ্ত থকাসকলে এবাৰো ভাবি নাচায় যে কেতিয়াবা কেতিয়াবা সেই সকলো আন কাৰোবাৰ অভিযোগত দোষী সাব্যস্ত হ’ব পাৰে আৰু মৰেল পুলিচগিৰিৰ চিকাৰ হ’ব পাৰে। তেতিয়া সেই সকলৰ কেনে লাগিব —যেতিয়া কাৰোবাৰ চৰ- ভুকু গাত পৰিব। গতিকে কোনোবাই কাৰোবাক কিবা এটা অভিযুক্ত কৰিলে বুলিয়েই এচাম বিবেকহীন লোকে নিজস্ব ষ্টাইলত বিচাৰ কৰি কাৰোবাক অমানৱীয় অত্যাচাৰ কৰিব সেয়া কেতিয়াও এখন সুস্থ সমাজৰ কাৰণে গ্ৰহণযোগ্য নহয়। এনে কৰা দেখিলে দৰ্শকৰ ৰূপত অৱতীৰ্ণ হোৱা বিবেকৱান সকলে বাধা দিয়া উচিত। নহ’লে এনেবোৰ ঘটনা বৃদ্ধি হৈ আমাৰ গোটেই সমাজখনে আগুৰি ধৰিব। তেতিয়া সাধাৰণ সাধাৰণ কথাতে কোন কেতিয়া কাৰ অভিযুক্ত হৈ কাৰ হাতত প্ৰাণ দিব লাগিব কোনেও কব নোৱাৰিব।
অৱশ্যে আমাৰ দেশত মৰেল পুলিচগিৰিৰ বিশেষ আইন নথকাৰ কাৰণে আমাৰ সমাজত দিনে দিনে যে এই কুসংস্কাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে সেয়া ধূৰূপ। তথাপিও আই পি চিৰ কেইটামান ধাৰা আছে,যি কেইটা ধাৰাই কিছু পৰিমাণে হ’লেও মৰেল পুলিচগিৰি ৰুধিব পাৰি।সেই কেইটা হৈছে আই পি চি ২৯২,২৯৩ আৰু ৩৫১ ধাৰাই ৰাজহুৱা স্হানত অশ্লীলতা আৰু আপত্তিজনক কায্যক সামৰি লয়। আই পি চি ৩৫৪,৩৫৪এ আৰু ৩৫১ ধাৰাই মহিলাক আক্ৰমণ, অপৰাধমূলক বল বা নিৰ্যাতনৰ কথাবিলাক সামৰি লয়। ধাৰা ৫০৯ য়ে মহিলাক অপমান কৰি সম্বোধন কৰিলে বিচাৰ কৰা হয়। অৱশেষত কব বিচাৰো অতি সোনকালেই চৰকাৰে মৰেল পুলিচগিৰিৰ ওপৰত এখন কঠোৰ আইন বলৱৎ কৰি কাৰ্যকৰী কৰিলেহে আমাৰ সমাজৰ পৰা এই বৰ্বৰ বিচাৰ প্ৰক্ৰিয়া নাইকিয়া হ’ব