গদাধৰ সিংহৰ দৰে এজন ৰজা লাগে
ৰেখা বৰগোহাঁই
ইতিহাসৰ কম-বেছি পৰিমাণে জ্ঞান থকা সকলোৰে জানে যে অসম ৰাজ্য আৰু অসমীয়া জাতি গঠনত আহোমসকলৰ অৱদান অতুলনীয়। চাওলুং চুকাফাৰ নেতৃত্বত অহা দলটি ১২২৮ খ্রীষ্টাব্দত সৌমাৰত প্রৱেশ নকৰা হ’লে হয়তো পৃথিবীৰ ইতিহাসৰ পাতত অসম ৰাজ্য আৰু অসমীয়া জাতি বুলি কোনো জাতি নাথাকিলেহেঁতেন। তেওঁলোকৰ অশেষ ত্যাগ, চেষ্টা, কষ্টৰ ফলত সৌমাৰত বসবাস কৰা জাতি-উপজাতিক একগোট কৰি, সাত ৰাজ সামৰি বৰ অসমৰ ভেটি গঢ়িলে আৰু সৃষ্টি কৰিলে চহকী অসমীয়া জাতি।
চাওলুং চুকাফাই গঢ়া ভেটিটো পৰৱর্তী প্রতিজন স্বর্গদেউৰে বিকশিত, প্রচাৰ-প্ৰসাৰ তথা শক্তিশালী কৰিবলৈ প্রয়াস কৰিছিল। সেয়েহে স্বৰ্গদেউ চুহুংমুং তথা দিহিংঙীয়া ৰজাৰ দিনত আহোম ৰাজ্যখন সমৃদ্ধিশালী আৰু বিশাল ৰাজ্য হিচাপে গঢ় লৈ উঠিছিল। তেওঁ সমাজৰ উন্নতিৰ হকে কেইবাটাও খেল বা মেল সৃষ্টি কৰিছিল। দুজনা ৰাজমন্ত্রীয়ে ৰাজ্য চোৱাচিতা কৰাত অসুবিধা হোৱাত তেওঁ অন্য এটা ৰাজমন্ত্ৰীৰ পদ ‘বৰপাত্ৰগোহাঞি’ সৃষ্টি কৰিছিল। ৰজাৰ কোঁৱৰসকলক বিভিন্ন ফৈদত ভাগ কৰি ৰাজ্যৰ বিভিন্ন ঠাইত স্থাপন কৰি সুশাসনৰ ব্যৱস্থা কৰিছিল।
১৬১১ খ্রীষ্টাব্দত আহোম ৰাজ্যৰ ৰজা হয় স্বর্গদেউ চুচেংফা বা প্রতাপ সিংহ। তেওঁৰ দিনত ৰাজ্যত চাৰিওফালে জয় জয় ময় ময় অৱস্থা এটাই বিৰাজ কৰিছিল। প্রজাগণে সুখ-শান্তিৰে দিন অতিবাহিত কৰিছিল। স্বর্গদেউৰে প্ৰজাৰ হিতৰ কাৰণে বহু জনহিতকৰ কাম কৰিছিল। তেওঁৰ দিনত সমগ্র ৰাজ্য সমৃদ্ধিশালী হৈ পৰিছিল। তাৰ মূল কাৰণটোৱে হ’ল মোমাই তামুলী বৰবৰুৱা নামৰ বিষয়াজন। মোমাই তামুলীৰ পৰিকল্পিত আঁচনি, দূৰদৃষ্টিয়ে আহোম ৰাজ্যখন এনেদৰে গঢ়ি তোলা হৈছিল, য’ত কোনো লোকে এনেয়ে সময় অতিবাহিত কৰা নাছিল। প্রতিটো কামৰ বাবে একো একোখন গাঁও সৃষ্টি কৰি দিছিল। প্রত্যেককে স্বাৱলম্বী কৰি গঢ়ি তুলিছিল। গতিকে কোনো লোকেই ভোক-পিয়াহেৰে থাকিবলগীয়া নহৈছিল।
স্বর্গদেউ উদয়াদিত্য সিংহৰ দিনৰে পৰা তথা শৰাইঘাটৰ যুদ্ধৰ পিচৰে পৰা আহোম ৰাজ্যত অস্থিৰতাই বিৰাজ কৰিছিল। ১৬৭২-১৬৮১ খ্রীষ্টাব্দলৈকে আহোম ৰাজসিংহাসনক লৈ টনা-আঁজোৰা চলিছিল। বিষয়াসকল ক্ষমতালোভী হৈ পৰিছিল। সেই সময়খিনিত ৰাজ্যৰ সিংহাসনত বহা সাতজন ৰজাৰ ভিতৰত কোনোবা ষড়যন্ত্ৰৰ বলি হৈছিল বা কোনোবা ক্ষমতাচ্যুত হৈছিল। গোটেই আহোম ৰাজ্যতে, অৰাজকতাই দেখা দিছিল। সবল-সুঠাম ৰাজকোঁৱৰসকলে প্রাণ দিবলগীয়া হৈছিল বা কোনোবা অংগক্ষত হ’বলগীয়া হৈছিল। ১৬৭৯ খ্রীষ্টাব্দত আহোম সিংহাসনত ল’ৰাৰজা বা চুলিকফা বহিছিল। ল’ৰাৰজা কেৱল নামতহে ৰজা আছিল, বিপৰীতে লালুকসোলা বৰফুকনেহে বাজ্যৰ সকলো কাম কৰিছিল। ৰাজ্যত নকৰিবলগীয়া কামো কৰিছিল। কোনোদিন নাৰী অত্যাচাৰ নোহোৱা ৰাজ্যখনত নাৰীক অত্যাচাৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। ৰাজকোঁৱৰ গদাপাণিক বিচাৰি নাপাই তেওঁৰ পত্নী জয়মতীক ধৰি আনি ৰাজসভাত থিয় কৰালেহি ল’ৰাৰজাৰ আদেশত। যেতিয়া জয়মতীয়ে পতি গদাপাণিৰ কোনো সম্ভেদ নিদিলে, তেতিয়াই জয়মতীৰ ওপৰত অকথ্য নির্যাতন চলাইছিল। সেই নির্যাতনৰ ফলতে প্রায় চৈধ্য দিনৰ মূৰত জয়মতীয়ে প্রাণ ত্যাগ কৰিলে। কিন্তু জয়মতীৰ ত্যাগ অথলে নগ’ল। আহোম ৰাজ্যত এক নতুন দিগন্ত উদ্ভাসিত হ’ল। পৰিণতিত আহোম ৰাজ্যই লাভ কৰিলে এজন বাহুবলী, দূৰদর্শী ৰজা গদাধৰ সিংহক। দহ বছৰে আহোম ৰাজ্যত যি অশান্তি, অৰাজকতা, অনৈতিকতা সৃষ্টি হৈছিল, সেইখিনি ৰজা হৈয়ে তেওঁ ঠিকঠাক কৰাত লাগিল। গদাধৰ সিংহই লক্ষ্য কৰিছিল ৰাজ্যত কর্মবিমুখ, যুদ্ধবিমুখ লোকৰ সংখ্যা বৃদ্ধি হৈছে। সকলোকে আৰামত আৰু কষ্ট নকৰাকৈ খাবলৈ লাগে। যিখন ৰাজ্য স্বৰ্গদেউ প্রতাপসিংহৰ দিনত শস্য-মৎস্যৰে নদন-বদন হৈছিল, কৰ্মৰ যোগেদি যিখন ৰাজ্যৰ প্ৰজাগণ স্বাৱলম্বিতাৰে পৰিপূৰ্ণ হৈছিল, সেইখন ৰাজ্য স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত স্বাৱলম্বিতাৰ ভেটি জহি-খহি গৈছিল। প্রজাগণ এলেহুৱা হৈ পৰিছিল। কাম-বন নকৰি কেৱল আৰামত খাবলৈ বিচাৰিছিল। গদাধৰ সিংহই ৰজা হৈ ৰাজ্যৰ পূৰ্বৰ গৰিমা ঘূৰাই আনিবলৈ যত্নপৰ হৈছিল। কিন্তু তেওঁ সফল হ’ব পৰা নাছিল। কাৰণ তেওঁ প্রত্যক্ষ কৰিছিল ৰাজ্যত অকৰা-অজলা লোকৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে আৰু সেইসকলক ৰাজকোষৰ ধন ব্যয় কৰি ভৰণ-পোষণ দিবলগীয়া হৈছে। স্বৰ্গদেউৰ সন্দেহ হ’ল সঁচাকৈয়ে ইমান বেছিসংখ্যক লোক অকৰা-অজলানে? তাকে প্রমাণ চাবলৈ স্বর্গদেউৰে গোটেই অকৰা-অজলা লোকক এটা কোঠাতে থাকিবলৈ দিলে আৰু দুৱাৰ বন্ধ কৰি জুই লগাই দিলে। তেতিয়া প্ৰাণৰ মমতাত ভেশছন ধৰি থকাসকলে যেনি-তেনি পলাবলৈ ধৰিলে। বাকী ৰ’ল মাত্র দুজন সঁচাকৈয়ে অকৰা-অজলা লোক। সেই দুজনে জুইৰ পৰা হাত সাৰি পলাবও জনা নাছিল। তেতিয়া স্বৰ্গদেউৰ নিৰ্দেশত সেই দুজনক জুইৰ মাজৰ পৰা উদ্ধাৰ কৰি আনিছিল। কিন্তু যিসকলে অকৰা-অজলা ভাও ধৰি অতদিনে ৰাজকোষৰ ধন ব্যয় কৰি আৰামত খাই আছিল, সেইসকলক স্বর্গদেউৱে ধৰাই আনি কামত লগাই দিছিল আৰু ইতিহাসৰ পাতত সাক্ষী হৈ নির্মাণ হৈছিল আহোম যুগৰ আটাইতকৈ দীঘল ধোদৰ আলি। যিটো বৰ্তমান অসমৰ পৰিবহণ ক্ষেত্রতো উল্লেখযোগ্য আলি হিচাপে বিবেচিত হৈছে।
আহোম যুগৰ ইমানখিনি কথা অৱতাৰণা কৰাৰ মূলতে হ’ল বর্তমান অসমত দিনে দিনে হিতাধিকাৰীৰ সংখ্যা দ্রুতগতিত বৃদ্ধি হৈছে আৰু তাৰ কাৰণেই অসমৰ অৰ্থনৈতিক দিশটোত ব্যাপক প্রভাৱ পৰিছে। যিখন ৰাজ্যৰ মুঠ জনসংখ্যাৰ সৰহসংখ্যক লোকে যদি হিতাধিকাৰী তালিকাত অন্তর্ভুক্ত হয়, তেনেহ’লে সেইখন ৰাজ্য কিদৰে উন্নতিৰ পথত আগবাঢ়িব, কেনেকৈ স্বাৱলম্বী হ’ব বা নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ সক্ষম হ’ব।
অসমক কৃষিপ্রধান ৰাজ্য বুলি কয় আৰু সেয়েহে গাঁও অঞ্চলত বাস কৰা লোকসকলৰ প্ৰত্যেকৰে খেতি কৰাৰ মাটি আছে। আজিৰ পৰা কেইবছৰমান আগলৈকে সেই মাটিতে খেতি কৰি ঘৰৰ প্ৰয়োজনীয় খাদ্য-সামগ্রী উৎপাদন কৰি লৈছিল। সেয়েহে সেই সময়খিনিত বিশেষ অভাব-অভিযোগো নাছিল। কিন্তু লাহে লাহে যেন ৰাইজে খেতি কৰিবলৈ এৰি দিলে, শাৰীৰিক পৰিশ্ৰমো কৰিবলৈ নিবিচৰা হ’ল। কাৰণ চৰকাৰে ৰাজ্যৰ সৰহসংখ্যক লোকক হিতাধিকাৰীত অন্তর্ভুক্ত কৰি বিনামূলীয়াকৈ চাউল যোগান ধৰিবলৈ ল’লে। গতিকে শাৰীৰিক কষ্ট কৰি ৰ’দে-বৰষুণে থাকি পথাৰত খেতি কৰিবলৈ যোৱাটো সকলোৰে বাবে অর্থহীন হৈ পৰিল। সেয়েহে শস্য-মৎস্য, খেতি-বাতিৰে নদন-বদন হৈ থকা গাঁওসমূহ আজি পৰমুখাপেক্ষী হৈ পৰিল। উৰ্বৰ ভূমি ছন পৰি থাকিবলৈ ল’লে। সেয়েহে এতিয়া প্রতিটো সামগ্ৰীৰ কাৰণে আনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিবলগীয়া হৈছে। আগতে গাঁৱত প্রতি ঘৰতে যুকয়া ভঁৰাল দেখিবলৈ পোৱা গৈছিল। কিন্তু আজি এটি সৰু ভঁৰালৰ গৰাকী নোহোৱা লোকৰ সংখ্যা বাঢ়িছে। আনহাতে বছৰটোলৈ জোৰাকৈ প্রায় প্রত্যেকে খাদ্য-সামগ্রী, শাক-পাচলি, মাছ-মাংস, কণী, গাখীৰ আদি ঘৰতে উৎপদিন কবি লৈছিল। কিন্তু আজি সেই পৰিবেশ গাঁৱতো দেখিবলৈ পোৱা নাযায়। ইয়াৰ কাৰণ হিচাপে ক’ব পাৰি সকলোবে এক আবাম জীবন-যাপন কৰিবলৈ তৎপৰ হোৱা আৰু ইয়াৰ চৰকাৰেও বিভিন্ন আঁচনি, হিতাধিকাৰী সৃষ্টি কৰি সম্পূর্ণরূপে সহযোগ কৰাটো। তাৰ পৰিবৰ্তে যদি চৰকাৰে হিতাধিকাৰী, আঁচনিৰ বাবে ধাৰ্য কৰা ধনখিনি প্রতিখন গাঁৱলৈ সমপরিমাণে আগবঢ়াই কিছুমান উৎপাদনমুখী কামত নিবনুৱা তথা মহিলাসকলক নিয়োজিত কৰিলেহেঁতেন, নিশ্চয় প্রতিখন গাঁরে স্বাবলম্বী হৈ পৰিলহেঁতেন। বর্তমান আমাৰ বাজ্যলৈ কণী, গাখীৰ, মাছ-মাংস আদি বহিঃবার পৰা আমদানি হয়। অথচ এই সকলোখিনি এসময়ত আমাৰ গাঁওবিলাকতে উৎপাদন হৈছিল। তদুপৰি বস্ত্র উৎপাদনতো আমাৰ গাঁওসমূহ পিচ পৰা নাছিল। কাৰণ মানুহবিলাক আছিল কর্মঠ। বর্তমান যিসকল লোক হিতাধিকাৰী হৈ আৰামৰ জীৱন-যাপন কৰিছে সেইসকলকে এনে কামবিলাকত নিয়োগ কৰিলে বা একো একোটা কাম একোখনকৈ গাঁৱত কৰিবলৈ দিলে, নিশ্চয়কৈ এক সোণালী ভবিষ্যতৰ ফালে অসমক লৈ যাব পাৰিব। তেতিয়া হিতাধিকাৰী সৃষ্টি কৰি চৰকাৰে ৰাজকোষৰ ধনো অপব্যয় কৰিবলগীয়া নহ’ব। উদাহৰণস্বৰূপে স্বৰ্গদেউ প্রতাপ সিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাই গাঁওসমূহক লৈ কৰা সুন্দৰ পৰিকল্পনাৰ ফলত সকলো লোকেই কর্মঠ হৈ পৰাৰ লগতে স্বাৱলম্বী হৈ পৰিছিল। আনহাতে স্বৰ্গদেউ গদাধৰ সিংহই ধোদৰ ভাওঁ ধৰি ৰাজকোষৰ ধন অপব্যয় কৰি থকাসকলক ধৰি আনি ঐতিহাসিক ধোদৰ আলি নিৰ্মাণ কৰাইছিল।
ভাৰতীয় ৰিজার্ভ বেংকে দেশৰ প্ৰতিখন ৰাজ্যৰ বিভিন্ন দিশ উদঙাই মুকলি কৰিছে ‘Handbook of Statistics on Indian States, 2021-22’ নামৰ প্রতিবেদনখন। এই প্রতিবেদনখনত উল্লেখ কৰিছে যে অসম চৰকাৰে ২০২১-২২ বিত্তীয় বর্ষত হিতাধিকাৰী তথা সামাজিক ক্ষেত্ৰত ব্যয় কৰিছে সর্বাধিক ৪৭,৮৭৮ কোটি টকা। আনহাতে ৰাজ্যসমূহৰ ভূমি ব্যৱহাৰৰ ৰাজ্যিক ভিত্তিত যি আৰ্হি, তাত অসমৰ ব্যৱহাৰখে জেৰেই টুটি অহা পৰিলক্ষিত হৈছে। লগতে কৃষিভূমিত আশাপ্রদভারে বৃদ্ধি নাই জলসিঞ্চনৰ ব্যৱস্থা। তাৎপর্যপূর্ণ কথাটো হ’ল যে ‘Handbook Statistics on Indian States, 2021-22’ প্রতিবেদখন অনুসীধায় অসমৰ অৰ্থনৈতিক-আর্থ-সামাজিক অৱস্থা আজিও উদ্বেগজনক। তেনেহ’লে কিয় কেৱল ভোটবেংকৰ স্বাৰ্থতে হিতাধিকাৰী সৃষ্টি কৰি অসম চৰকাৰে ৰাইজক কর্মহীন, অকামিলা কৰি পেলাইছে? দিনে দিনে বাঢ়ি অহা হিতাধিকাৰীয়ে আগলৈ-পিচলৈ চিন্তা নকৰি আৰামৰ জীৱন-যাৱন কৰি, কৰ্মলৈ পিঠি দি অসমৰ অৰ্থনৈতিক অৱস্থাটোকে ভাঙি পেলোৱা নাইনে? যিদৰে স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অকৰা-অজলাৰ ভাও ধৰি ৰজাঘৰীয়াৰ অনুগ্ৰহৰ প্রার্থী হৈ ৰাজকোষৰ ধন শৰাধ কৰি ৰাজ্যৰ অর্থনৈতিক অবস্থাটো ভাঙি পেলাইছিল।
গতিকে আমি ক’ব বিচাৰো যে বৰ্তমানৰ অসম চৰকাৰখনেও। ৰাজকোষৰ ধন ব্যয় কৰি ঋণ পৰিশোধ কৰা বা হিতাধিকাৰী সৃষ্টি কৰাতকৈ ভাও ধৰি থকা ধোদৰবোৰক চিনাক্ত কৰি উৎপাদনমুখী একো একোখন আঁচনি প্রস্তুত কৰি সেইবিলাকত তেওঁলোকক নিয়োগ কৰিব পাৰে। যিমানেই হিতাধিকাৰী সৃষ্টি কৰিব, সিমানেই ধোদৰ জমা হ’ব আৰু পৰিণতিত ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাটো ভাগি পৰিব। সেয়েহে সকলোকে কৰ্মমুখী কৰি তোলাতহে গুৰুত্ব দিব লাগে। এনে আশা আমি প্রতিখন চৰকাৰৰ পৰাই কৰি আহিছো। সেয়েহে আমি ক’ব বিচাৰিছো বর্তমান অসমৰ ভাঙোনমুখী অর্থনৈতিক অৱস্থাটো টনকিয়াল কৰিবৰ বাবেই আমাক এজন স্বর্গদেউ গদাধৰ সিংহৰ দৰে ৰজা লাগে