অসমীয়াৰ আৱেগ পইঁতা ভাত
অসমীয়া জাতিৰ আৱেগ পইঁতা ভাতৰ সোৱাদ অতুলনীয়। গৰমৰ দিনত অসমৰ প্ৰায় সংখ্যক লোকৰ ঘৰতেই পইঁতা ভাত গ্ৰহণ কৰা হয়। সিজোৱা ভাতক ১২ ঘণ্টা পানীত তিয়াই ৰাখি এই ভাত প্ৰস্তুত কৰা হয়। পানীত তিয়াই থোৱাৰ বাবে এই ভাতসাজ সামান্য পৰিমাণে টেঙা হৈ পৰে। মোগলৰ শাসন কালত সামাজিক সাংস্কৃতিক প্ৰতিষ্ঠানৰ সদস্য সকলে আয়োজন কৰা মুকলি সভাত অভ্যাগত দৰ্শকক এই ভাত খুৱাইছিল। এই ভাতসাজক নামনি অসমত ‘পন্তা’ আৰু উজনি অসমত পইঁতা ভাত বুলি কোৱা হয়। ইংৰাজীত এই ভাতক কোজি ৰাইচ বুলি কোৱা হয়। পানীত তিয়াই থোৱাৰ বাবে ইয়াত উৎপন্ন হয় ভিটামিনB আৰু লেক্টিক এচিড। এই ভাতে ব্যক্তিৰ কোষ্ঠকাঠিন্য ৰোগ দূৰ কৰাৰ উপৰিও ইয়াত থকা উপকাৰী বেক্টেৰিয়া বোৰে পেটৰ আন ৰোগ দূৰ কৰাত সহায় কৰে। দৈনিক বিভিন্ন খাদ্য শৈলীৰ দ্বাৰা নি:সৰণ হোৱা অক্সিডেণ্টবোৰক নিষ্কাষণ কৰাত সহায় কৰে। উখুৱা চাউলৰ পইঁতা ভাতত অধিক পৰিমাণৰ পটাছিয়াম থাকে বাবে এই ভাতে ভিটামিনE সংশ্লেষণেৰে ছালৰ মৃ*ত কোষ বোৰ পুনৰ গঠনত সহায় কৰে। জুতিৰ বাবে এই ভাতৰ লগত নিমখ,সৰিয়হৰ তেল,বেহুৱা বিভিন্ন ধৰণৰ পিটিকা যেনে- গৰৈ মাছৰ পোৰা পিটিকা,আলু পিটিকা,কণী পিটিকা আদিয়ে অধিক সোৱাদযুক্ত কৰি তোলে। কিন্তু এই ভাত ১২ ঘণ্টাতকৈ অধিক তিয়াই থ’ব নালাগে কিয়নো তেনে কৰিলে এই ভাতসাজ খোৱাৰ বাবে উপকাৰীতকৈ অপকাৰীহে হ’ব।।।