মৈদামৰ বিষয়ে জানে নে?
ছশ বছৰ ৰাজত্ব কৰা আহোমসকলৰ চহকী স্থাপত্য কলাসমূহৰ ভিতৰত অন্যতম হ’ল মৈদাম সমূহ। ‘মৈদাম’ শব্দটো হৈছে এটা যুৰীয়া টাই ভাষাৰ শব্দ। ইয়াৰ অৰ্থ মৃতদেহৰ ওপৰত দেৱতাৰ মৰ্যদাৰে মাটি জাপি ঢিপ সাজি সমাধিস্থ কৰা।
ছশ বছৰ ৰাজত্ব কৰা আহোমসকলৰ চহকী স্থাপত্য কলাসমূহৰ ভিতৰত অন্যতম হ’ল মৈদাম সমূহ। ‘মৈদাম’ শব্দটো হৈছে এটা যুৰীয়া টাই ভাষাৰ শব্দ। ইয়াৰ অৰ্থ মৃতদেহৰ ওপৰত দেৱতাৰ মৰ্যদাৰে মাটি জাপি ঢিপ সাজি সমাধিস্থ কৰা।
মৈদাম দিয়াৰ প্ৰথাত প্ৰথমে মৃতদেহক স্নান কৰাই ৰুংডাং অৰ্থ্যাৎ কাঠেৰে সজা এটা বিশেষ ধৰণৰ পেৰাৰ ভিতৰত সুমুৱাই থোৱা হয়। তাৰ পিছত ৰুংডাং পোতাৰ বাবে এটা ঘৰ তৈয়ৈৰ কৰা হয়। ঘৰটোৰ ভিতৰত মৃতকজনে জীৱিত কালত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ যেনে- ঙি ঙ্যাও খাম, চীনা মাটি, কাঠ বা হাঁতীদাঁত বা লোহাৰে নিৰ্মিত সামগ্ৰী, হেংদাং, শৰাই, সোণ-ৰূপৰ আ-অলংকাৰ, কটাৰী, চূণৰ টেমী, চালপীৰা, পালি-পহৰীয়া আদি। অৱশ্য পিছলৈ মৈদামত জীৱিত লোকক দিয়াটো বন্ধ কৰিছিল।
ৰুংডাংসহ ঘৰটোক কাৰেং ৰুংডাং বোলে। ইয়াৰ ওপৰত মুধচ সজা হয়, যাক চাও-চালি বুলি কোৱা হয়। চাও চালিসমূহ প্ৰায়ে দুমহলীয়া আৰু খোলাযুক্ত পথ থাকে।
চাংৰুং ফুকনৰ বুৰঞ্জীৰমতে পদবীৰ অনুসৰি মৈদামৰ আকাৰ সৰু-বৰ হয়। এই মৈদামসমূহ সুৰক্ষা আৰু নিৰ্মাণৰ বাবে চাংৰুংফুকন আৰু মৈদাম ফুকনৰ পদবী আছিল। মৈদামৰ পহৰা দিবলৈ মৈদামীয়া বুলি এটা ফৈদৰ সৃষ্টি হৈছিল। মৈদাম নিৰ্মাণত বিভিন্ন আকাৰৰ শিল, ভঙা শিল, ইটা আদিৰ ব্যৱহাৰ হৈছিল আৰু এইবিলাক মাটি দাইল, গুড়, হাঁহকণী, বৰালী মাছ, চূণ, আৰু শামুকৰ খোলাৰ সংযোজন কৰিছিল।
অসমৰ বিভিন্ন ঠাইত মৈদামসমূহ দেখা যায় যদিও চৰাইডেউত সৰহ সংখ্যক মৈদামে থুপ খাই আছে। মৈদামসমূহক ইজিপ্তৰ পিৰামিডৰ লগত তুলনা কৰা হয়। সেয়েহে যোৱা ২৬ জুলাই তাৰিখে চৰাইদেউৰ মৈদামস্থলী বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে।




































































