২০০০ চনৰ পৰাজয়ৰ প্ৰতিশোধ ল’ব পাৰিবনে ভাৰতে?

আজি চেম্পিয়নছ ট্ৰফীৰ বহু প্ৰত্যাশিত ফাইনেল মেচ। ডুবাইত আজি সমুখ সমৰত ভাৰত বনাম নিউজীলেণ্ড। ভাৰতীয় সময় অনুসৰি বিয়লি ২:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব ফাইনেল মেচ।

আজিৰ ফাইনেল খেলক লৈ এতিয়া উৎকণ্ঠিত হৈ পৰিছে বিশ্বৰ ক্ৰিকেটপ্ৰেমী। কিয়নো ICC চেম্পিয়নছ ট্ৰফীৰ দুবাৰৰ চেম্পিয়ন ভাৰতৰ সন্মুখত আছে এবাৰৰ চেম্পিয়ন নিউজিলেণ্ড।

১৯৯৮ চনৰ পৰা ২০২৫লৈ ICC চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পঞ্চমবাৰলৈ প্ৰৱেশ কৰিছে ভাৰতে। ২০০২চনত শ্ৰীলংকাৰ সৈতে সহ-চেম্পিয়ন আছিল ভাৰত।

দুবাৰ ৰাণাৰ্ছ আপ হোৱা মেন ইন ব্লু ২০০০ চনত কিৱি বাহিনীৰ বিৰুদ্ধে আৰু ২০১৭ চনত পাকিস্তানৰ বিৰুদ্ধে পৰাস্ত হৈছিল।

২০০০ চনত প্ৰথমবাৰলৈ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰা নিউজিলেণ্ডে ভাৰতক পৰাস্ত কৰি হৈছিল চেম্পিয়ন।

Leave a comment

Your email address will not be published. Required fields are marked *