সদনত দাখিল হ’ল ৮৩ নেলীৰ সংঘৰ্ষৰ প্ৰতিবেদন

১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ নেলীত সংঘটিত হৈছিল এক নৰসংহাৰ। বিগত ৪২ বছৰ ধৰি সেই ঘটনাটোৱে বিশ্ববাসীৰ আগত অসমক লজ্জানত কৰি আহিছে। উক্ত ঘটনাৰ তদন্তৰ বাবে চৰকাৰীভাৱে গঠন কৰি দিয়া ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগ আৰু বেচৰকাৰী মেহতা আয়োগৰ প্ৰতিবেদন অসম বিধানসভাৰ শীতকালীন অধিৱেশনত দাখিল কৰা হৈছে। তিৱাৰী প্ৰতিবেদনত নেলী নৰসংহাৰ ঘটনাৰ আঁৰৰ কথাৰ অনুসৰি সেই ঘটনাত চৰকাৰী হিচাপ মতে ২৩০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল। প্ৰতিবেদনত উল্লেখ কৰিছে নেলীৰ ঘটনাক অসমৰ ইতিহাসৰ আটাইতকৈ বিভীষিকাময় ঘটনাক সাম্প্ৰদায়িক আখ্যা দিব নোৱাৰি, বৰঞ্চ স্পৰ্শকাতৰ হিচাপেহে অভিহিত কৰিব পাৰি। নেলী ঘটনাৰ মূল কাৰণ হিচাপে তিৱাৰী আয়োগে পূৰ্বৰে পৰা ৰাজ্যখনলৈ হৈ থকা অবৈধ প্ৰব্ৰজন, প্ৰব্ৰজনকাৰীৰ নামত জনগাঁথনিৰ পৰিৱৰ্তন, থলুৱা লোকে ভাষিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰভূত্ব হেৰুৱাৰ আশংকা, বিদেশী বহিষ্কাৰণৰ দাবীত অব্যাহত থকা দশকযোৰা আন্দোলন আদিৰ প্ৰভাৱ বুলি উল্লেখ কৰিছে। তিৱাৰী আয়োগৰ প্ৰতিবেদন ১৯৮৭ চনৰ ৩১ মাৰ্চত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিধানসভাত দাখিল কৰিছিল যদিও সেই সময়ত ৰাজহুৱা কৰা নাছিল। আনহাতে ১৯৮৩ চনৰ অসমৰ নিৰ্বাচনৰ আগে-পিছে আৰু মাজত সংঘটিত ধ্বংসাত্মক ঘটনাৱলী তদন্ত কৰিবৰ বাবে অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনে গঠন কৰিছিল মেহতা আয়োগ। হিমাচল প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মূখ্য ন্যায়াধীশ টি ইউ মেহতাৰ অধ্যক্ষতাত গঠিত মেহতা আয়োগে ১৯৮৪ চনৰ ২০ আগষ্টত প্ৰতিবেদন দাখিল কৰিছিল। অসম বিধানসভা শীতকালীন অধিৱেশনত মুখ্যমন্ত্ৰীয়ে উক্ত প্ৰতিবেদনখন দাখিল কৰি ৰাজহুৱা কৰিছে। উক্ত প্ৰতিবেদনত নেলীৰ সংঘৰ্ষৰ বাবে পমুৱা মুছলমানকে জগৰীয়া কৰিছে। কিন্তু সুদীৰ্ঘ ৪২ বছৰৰ পিছত উক্ত প্ৰতিবেদন কেইখন পুনৰ সদনত দাখিল কৰি ৰাজহুৱা কৰা কি উদ্দেশ্য থাকিব পাৰে বুলি বিৰোধী দল‌ সমূহৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছে।

Leave a comment

Your email address will not be published. Required fields are marked *