নিশা মুখ্যমন্ত্ৰীলৈ আহিল ভূপেন বৰাৰ ফোন ।ফোনত কি কথা পাতিলে ভুপেন বৰাই।জানিবলৈ ইনবক্স চাওক।সোমবাৰে নিশা পুনৰ এখন সংবাদমেল সম্বোধন কৰি ভূপেন বৰাই আওপকীয়াকৈ কৈ দিলে যে, তেওঁ আৰু কংগ্ৰেছত নাথাকে! দিনৰ ভাগত কংগ্ৰেছ নেতৃত্বৰ সৈতে সংবাদমেলত বহিছিল যদিও নিশা পুনৰ সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতৃত্বক পৰোক্ষভাৱে কটাক্ষ কৰিলে ভূপেন বৰাই।
ভূূপেন বৰাই এতিয়া কি সিদ্ধান্ত ল’ব তাক লৈ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা চলিছে। বহুতৰ মতে ভূপেন বৰাই ইতিমধ্যে বিজেপিত যোগ দিয়াৰ বাবে নিজকে মানসিকভাৱে সাজু কৰিছে। মুখ্যমন্ত্ৰীৰ সৈতে সোমবাৰে নিশা ভাগলৈ ফোনযোগে যোগাযোগো হৈছে ভূপেন বৰাৰ।
এই যোগাযোগৰ সময়তে ভূপেন বৰাৰ ঘৰলৈ যাব খোজা মুখ্যমন্ত্ৰীক মঙলবাৰে সন্ধিয়া ৭বজাত পোৱাকৈ আমন্ত্ৰণো জনালে ভূপেন বৰাই। মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে কথা পতাৰ পাছতে কংগ্ৰেছ এৰাৰ সিদ্ধান্ত ভূপেন বৰাই প্ৰায় চূড়ান্ত কৰি পেলাইছে বুলি এক সূত্ৰই সদৰি কৰিছে।
আগন্তুক সময়ৰ পৰিকল্পনা আৰু ২০২৬ত ভূূপেন বৰাক ক’ত কেনেকৈ দায়িত্ব আৰু ৰাজনৈতিক সংস্থাপন দিব, সেই কথা আজি সুশৰীৰে দুয়োগৰাকী নেতাই লগ হৈ আলোচনা কৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে পুৱা ভাগত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভূপেন বৰা বিজেপিলৈ আহিবই বুলি পৰোক্ষভাৱে এক মন্তব্যও প্ৰদান কৰিছে।
ভূপেন বৰাই ফোন কৰি মঙলবাৰে সন্ধিয়া ৭বজাত ঘোৰামৰাস্থিত ঘৰলৈ আমন্ত্ৰণ কৰা বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ভূপেন বৰা হৈছে কংগ্ৰেছ দলত থকা শেষৰ গৰাকী হিন্দু। হিন্দু লোক কংগ্ৰেছত থাকিব নোৱাৰে। গতিকে তেওঁ দল এৰিবই।
মুঠৰ ওপৰত ভূপেন বৰা কংগ্ৰেছ এৰাৰ ঘোষণাৰ আনুষ্ঠানিকতাহে বাকী।










































































