জনপ্ৰতিনিধিৰ যোগ্যতা নিৰূপণ কৰক

আমি প্রত্যেকেই যিকোনো চাকৰিত নিযুক্তি পোৱাৰ প্রাকমুহূৰ্তত একো একোটা যোগ্যতা নিৰূপণ পৰীক্ষাত অৱতীর্ণ হওঁ। যিজনে চাকৰিটোৰ বাবে নির্ধাৰিত কৰি দিয়া যোগ্যতা অর্জন কৰে, সেইজনকে বিভাগটোৰে চাকৰিত নিযুক্তি প্রদান কৰে। সেয়া উচ্চ পর্যায়ৰ পদবীয়ে হওক বা একেবাৰে নিম্ন পর্যায়ৰ পিয়ন, চকীদাৰৰ দৰে পদবীয়ে হওক। আই এ এছ, আই পি এছ, এ চি এছ আদি পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে একোগৰাকী প্রার্থীয়ে দিন-ৰাতি একাকাৰ কৰে। নেৰানেপেৰা অধ্যয়ন, চেষ্টাৰ অন্তত সৰ্বভাৰতীয় প্রতিযোগিতামূলক পৰীক্ষাত বহে। কোনোৱে একেবাৰতে উত্তীর্ণ হয় আৰু কোনোৱে দুই-তিনিবাৰ পৰীক্ষাত বহাৰ পিচত উত্তীর্ণ হয়। তাৰ পিচত প্রশিক্ষণ গ্রহণ কৰি নির্দিষ্ট পদবীত যোগদান কৰে। ঠিক তেনেদৰে পিয়ন, চকীদাৰ, চিপাহী পদৰ বাবেও একোগৰাকী প্রার্থীয়ে শাৰীৰিক কচৰৎ কৰে। অথচ যি আমাৰ জনপ্রতিনিধি, সেইসকলে কেতিয়াবা জনতাৰ সম্মুখত যোগ্যতা নিৰূপণ পৰীক্ষাত অৱতীর্ণ হৈ পাইছে নে?

ভাৰতবর্ষ এখন গণতান্ত্রিক দেশ। কোৱা হয় পৃথিবীৰ বিভিন্ন দেশত প্রতিষ্ঠিত অন্যান্য চৰকাৰসমূহৰ তুলনাত গণতান্ত্রিক চৰকাৰ উত্তম চৰকাৰ। কাৰণ এই ব্যৱস্থাত সম্পূর্ণৰূপে জনসাধাৰণ জড়িত হৈ থাকে। নির্বাচনৰ জৰিয়তে জনসাধাৰণে নিজৰ নিজৰ পছন্দৰ প্রার্থীক তথা জনপ্রতিনিধিক ভোটৰ দ্বাৰা নির্বাচিত কৰে। প্রয়োজনত তেনে জনপ্রতিনিধিক নির্দিষ্ট সময়ৰ অন্তত জনতাই ক্ষমতাচ্যুতও কৰিব পাৰে। গণতন্ত্রত ইমানবোৰ অধিকাৰ জনসাধাৰণে লাভ কৰাৰ পিচতো কিন্তু কোনো দিনে জনপ্রতিনিধিয়ে জনতাৰ সম্মুখত যোগ্যতা নিৰূপণ পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া হোৱা নাই। আমি বিচাৰো যে যিসকল জনপ্রতিনিধিক আমাৰ ভোটেৰে নির্বাচিত কৰি দেশ তথা চৰকাৰ চলাবলৈ পঠাও, সেইসকল বহু গুণেৰে সমৃদ্ধ হওক। যিটো সমষ্টিক প্রতিনিধিত্ব কৰি বিধায়ক তথা মন্ত্রী হয়, সেই সমষ্টিটোৰ বিষয়ে ভালদৰে জানক, দায়বদ্ধতা, সমভাবাপন্ন, নিকা ভাবমূর্তিৰ হওক। সমষ্টিটোৰ উন্নয়নত গুৰুত্ব দিয়ক। অথচ বর্তমান আমাৰ দেশৰ সৰহসংখ্যক জনপ্রতিনিধিৰ এনে গুণসমূহৰ অভাৱ। বিপৰীতে বহুতৰ বিৰুদ্ধে আছে বহুজন অপৰাধমূলক ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে বহু গোচৰ। যিসকলে গুণ্ডাগিৰি কৰিব পাৰে, যিসকলে মাথোঁ নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰিব পাৰে, তেনে বহু আজি আমাৰ জনপ্রতিনিধি। তদুপৰি সমগ্র দেশতে থকা বিধায়ক-মন্ত্রীসকলৰ ভিতৰত কিমানজনৰ নিম্নতম শিক্ষাগত অর্হতা আছে। নিম্নতম মেট্রিকৰ ডেওনাখন পাৰ নকৰা বহু জনপ্রতিনিধিয়ে আমাক শাসন কৰে। আমি এনে এখন দেশৰ নাগৰিক, যিয়ে আমাৰ জনপ্রতিনিধিৰ শিক্ষাগত অর্হতাৰ লগতে মানবীয় গুণখিনিকো চালি-জাৰি নাচাওঁ। তেনেকৈয়ে যিটো দলৰ ফালে নির্বাচনী বতাহ জাক বলে, সেইটো দলৰ জনপ্রতিনিধিজনকে ভোট প্রদান কৰো। আমাৰ ভোটেৰে নির্বাচিত হোৱা তেনে জনপ্রতিনিধিয়ে দলৰ আমাৰ হর্তাকর্তা বিধাতা হয়। বর্তমান আমি দেখা পাইছো বিধানসভাৰ মজিয়াতে হওক বা সংসদৰ মজিয়াতে হওক অধিবেশন হ’লেই ইখনৰ পিচত সিখন বিল পাছ হয়। এজন মন্ত্রীয়ে বিল এখন সদনত উত্থাপন কৰে আৰু চৰকাৰৰ পক্ষত থকাসকলে চালিজাৰি নোচোৱাকৈ হাতচাপৰিৰে বিলখন সমর্থন কৰে। তাৰ লগে লগে সেই বিল গৃহীত হয়। অথচ সেই বিলখনৰ দ্বাৰা দেশৰ জনসাধাৰণৰ কি লাভ-লোকচান হ’ব, সেয়া ভাবিবলৈ কাৰো সময় নাই। বর্তমান আমি এনে কিছুমান বিলৰ দোমোজাত পৰিছো, যিবোৰ বিলে যেনে- কৃষি আইন, কেব আদিবোৰে জনসাধাৰণক জীয়াই জীয়াই মৰাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বিৰোধ কৰিবলৈ কিন্তু চৰকাৰৰ পক্ষত থকা সাংসদ, মন্ত্রীৰ সাহস নাই। অথচ তেনে ব্যক্তিকে আমি জনপ্রতিনিধি কৰি পঠাইছো। যিয়ে জনতাৰ পক্ষত থাকি মাত মাতিব নোৱাৰে। তদুপৰি আমি দেখা পাওঁ যিসকল জনপ্রতিনিধি নিম্নতম মেট্রিকৰ ডেওনাখনো পাৰ হোৱা নাই, যিসকল বিভিন্ন অপৰাধমূলক ঘটনাৰ লগত জড়িত বা অভিযোগ, গোচৰ আছে, সেইসকলে দেশৰ জনতাৰ কাৰণে বিভিন্ন ধৰণৰ আইন প্রস্তুত কৰে, অথচ তেওঁলোকৰ কাৰণে কোনো আইন নাথাকে।

তেনে চৰকাৰ যদি সঁচাকৈয়ে গণতন্ত্র ব্যৱস্থাৰে নির্বাচিত চৰকাৰ এখন উত্তম চৰকাৰ হয় তেনেহ’লে তেনে চৰকাৰ চলাবলৈও উত্তম জনপ্ৰতিনিধিৰ প্ৰয়োজন হ’ব। তাৰবাবেই জনপ্রতিনিধি হ’বলৈ যোৱাৰ আগতে ৰাইজৰ সন্মুখত এক যোগ্যতা নিৰূপণ পৰীক্ষাত বহক। যিদৰে প্রত্যেকটো চাকৰি পোৱাৰ আগতে প্রার্থীয়ে বহে আৰু সেই পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিচতে প্রার্থীয়ে চাকৰি লাভ কৰে। ঠিক একে পদ্ধতিকে জনপ্রতিনিধিসকলৰ ক্ষেত্ৰতো প্রযোজ্য হওক। তেওঁলোকে নির্বাচনী যুদ্ধত অৱতীর্ণ হ’বলৈ যোৱাৰ আগতে জনপ্রতিনিধি হিচাপে যিখিনি গুণৰ প্রয়োজন বা যিখিনি যোগ্যতা থকাটো দৰকাৰ সেইখিনি ৰাইজে বিচাৰ কৰিব পৰা অধিকাৰ দিয়ক। কিন্তু তেনে অধিকাৰৰ পৰা আমাৰ ৰাইজ সদায়ে বঞ্চিত বা অধিকাৰ খুটৱাব পৰা নাই। তাৰ বিপৰীতে যিয়ে আমাৰ সমাজত প্রভাৱ খটুৱাব পাৰে, ক্ষমতা দেখুৱাব পাৰে, তেনে লোককে ৰাজনৈতিক দলবোৰে একোটা সমষ্টিৰ পৰা জনপ্রতিনিধি হিচাপে ভোটযুদ্ধত অৱতীর্ণ কৰোৱাই আৰু ধন-জন-বলেৰে নির্বাচনী বৈতৰণীখন পাৰ কৰি নিয়ে। তেনে জনপ্রতিনিধিয়ে আমাৰ হর্তা-কর্তা-বিধাতা হয়। সদনত গুৰুত্বপূর্ণ আইন পাছ কৰাত সহায় কৰে। উচ্চ পদবীধাৰী ব্যক্তিসকলক আদেশ দিব পাৰে, নাকত ধৰি চাকত ঘূৰাব পাৰে। নিজৰ ইচ্ছা মতে জনপ্রতিনিধিয়ে তেওঁলোকক নচুৱাব পাৰে। অথচ আমাৰ দেশৰ জনপ্রতিনিধিৰ সৰহসংখ্যকেই নিম্নতম মেট্রিকৰ ডেওনাখনেই উত্তীর্ণ নহয়।

এনেধৰণৰ জনপ্রতিনিধিকে লৈ আমাৰ দেশৰ ৰাজনৈতিক পথাৰখন পৰিচালিত হয়। তাৰবাবেই আজি এই পথাৰখন কলুষিত হৈছে। যিখন পথাৰত সৰহসংখ্যক জনপ্রতিনিধিৰে অপৰাধীৰ অভিযোগ আছে। লগতে অর্ধশিক্ষিত তেনে পথাৰলৈ যাবলৈ শিক্ষিত তথা ৰাইজৰ প্রতি কাম কৰাৰ প্ৰৱল হেঁপাহ থকা নৱপ্রজন্ম যাবলৈ ভয় কৰে, হতাশাগ্রস্ত হয় ।জনপ্রতিনিধিসকলৰ আচৰণ দেখি তথা ৰাজনৈতিক দলবোৰৰ ভূমিকাত ক্ষুন্ন হৈ নৱপ্রজন্মই নিজৰ ভৱিষ্যৎতো অন্ধকাৰ দেখে। তাৰ বাবেই বর্তমান জনপ্রতিনিধি হ’বলৈ যোৱাৰ আগতে তেওঁলোকে যোগ্যতা নিৰূপণ পৰীক্ষাত অৱতীর্ণ হওক।


ৰেখা বৰগোহাঁই

Leave a comment

Your email address will not be published. Required fields are marked *