চৰৰ মানুহে লোকপিয়লত মাতৃভাষা অসমীয়া বুলি নিলিখিলে অসমীয়া সংখ্যালঘুত পৰিণত হব নেকি?
অসমীয়াক সংখ্যালঘু কৰিম বুলি ABMSUএ দিয়া ভাবুকিৰ সন্দৰ্ভত কি ক’লে উৎপল শৰ্মাই –
কোনোবা অসমীয়া বিৰোধী সংগঠন অসমীয়া বিৰোধী নেতাই কি বক্তব্য ৰাখিছে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ মই প্ৰয়োজন বোধ কৰা নাই’
‘লোকপিয়লত মাতৃভাষা অসমীয়া নিলিখিলে অসমীয়া সংখ্যালঘুত পৰিণত হৈ যাব এই ব্লেক মেইলিং বহু দশক ধৰি কৰি অহা হৈছে’
‘একাংশ লোক আছে যি বিচাৰে অসমীয়া জাতিটো তেওঁলোকৰ ওচৰত নতমষ্ক হৈ থাকক এই কাৰণেই যাতে তেওঁলোকে লোকপিয়লত মাতৃভাষা অসমীয়া বুলি লিখি থাকে এই ব্লেক মেইলিঙৰ পৰা অসমীয়া জাতিটো উদ্ধাৰ পাব লাগিব’
‘অসমত অসমৰ খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হ’বলৈ গৈ আছে’
‘আমি ব্লেক মেইলিঙৰ পৰা উৰ্ধত যাব লাগিব’
‘আৰু এটা বা দুটা দশকৰ পাছত অসমীয়া জাতিটো সংখ্যালঘুত পৰিণত হ’ব’
‘কাৰণ জনসংখ্যা নিয়ন্ত্ৰণত আমি তেওঁলোকক বলে নোৱাৰো’
‘জনসংখ্যাৰ অবাধ বিস্ফোৰণৰ জৰিয়তে ইতিমধ্যে অসমৰ বহু জিলা খিলঞ্জীয়া মানুহৰ হাতৰ পৰা হেৰাই গৈছে’
‘অসমীয়া মানুহ সংখ্যালঘু হৈ গলেও যাতে অসমীয়া ভাষাটো চিৰকালৰ বাবে অসমত ৰাজ্যভাষা হৈ থাকে তেনে চিন্তনেৰে সৈতে আমি আগবাঢ়িব লাগিব’
‘তাৰ বাবে সংবিধানৰ সংশোধন লাগিব’
‘৬ নং দফা সমিতিয়ে যি প্ৰতিবেদন দিছে সেই প্ৰতিবেদনৰ পৰামৰ্শ আখৰে আখৰে কাৰ্যকৰী হ’ব লাগিব’
‘আৰু অসমৰ ৰাজ্যভাষা আইন খনক সাংবিধানিক মৰ্যাদা দি চিৰকালৰ বাবে সুৰক্ষিত কৰিব লাগিব’