আজি‘মন কী বাত’ অনুষ্ঠানত কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।
২০১৪ চনৰ ৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই বিশেষ অনুষ্ঠানটিৰ আজি ১২২ তম খণ্ড সম্প্ৰচাৰ হয়।

‘মন কি বাত’ৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিষয়ৰ সন্দৰ্ভত দেশবাসীৰ সন্মুখত নিজৰ মনৰ কথা ব্যক্ত কৰে।


‘মন কি বাত’ অনুষ্ঠানটিৰ সময়ত তেওঁ ভাৰতীয় সেনাৰ বীৰত্ব অপাৰেচন সেন্দুৰৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয়, সন্ত্ৰাসবাদ নিৰ্মূল কৰিব লাগিব বুলি দেশৰ প্ৰতিজন নাগৰিকে সংকল্প লৈছে। অপাৰেচন সেন্দুৰ কেৱল সামৰিক অভিযান নহয়, ই ভাৰতৰ পৰিবৰ্তনৰ এক জীয়া ছবি।

বৰ্তমান সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ দেশ একত্ৰিত হৈছে। ‘অপাৰেচন সেন্দুৰ’ৰ সময়ত ভাৰতৰ সেনাবাহিনীয়ে যি বীৰত্ব দেখুৱাইছে, সেই বীৰত্বই প্ৰতিজন হিন্দুস্তানীক গৌৰৱান্বিত কৰি তুলিছে।

ভাৰতীয় সেনাই সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদী ঘাটিসমূহ যেনেদৰে ধ্বংস কৰিলে সেয়া সচাঁকৈয়ে প্ৰশংসনীয়।

Leave a comment

Your email address will not be published. Required fields are marked *