ৰাজ্যৰ কোন কোন জিলাত বজ্ৰপাত আৰু বিজুলি-ঢেৰেকনিৰ সম্ভাৱনা!
ৰাজ্যৰ চাৰিখন জিলালৈ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী। জিলাকেইখনত আজি আৰু কাইলৈ বজ্ৰপাত আৰু বিজুলি-ঢেৰেকনিৰ সম্ভাৱনা।

বজ্ৰপাত আৰু বিজুলি-ঢেৰেকনিৰ সম্ভাৱনাৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

আজি লখিমপুৰ, ধেমাজি, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে হালধীয়া সতৰ্কবাণী। এই জিলাকেইখনৰ দুই এঠাইত বিজুলি-ঢেৰেকনিৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা আছে।

কাইলৈও এই চাৰিখন জিলাৰ ঠায়ে টায়ে বিজুলি-ঢেৰেকনিৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা আছে বুলি সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।