লেংডন ফাউণ্ডেশ্যনৰ প্ৰথমটো কাৰ্যসূচী
অভাৱগ্ৰস্ত মেধাৱী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ হকে কৰ্মসূচী ৰূপায়ণৰ লক্ষ্যৰে জন্ম হোৱা ‘লেংডন ফাউণ্ডেশ্যন’ৰ কাৰ্যসূচীৰ শুভাৰম্ভ।
৩১ জানুৱাৰী ২০২৩ৰ দিনা লেংডন ফাউণ্ডেশ্যনৰ প্ৰথমটো কাৰ্যসূচী হাতত লোৱা হয়। যিহেতু ৩১ জানুৱাৰীৰ দিনা টাই-আহোমসকলৰ পবিত্ৰ মে-ডাম-মেফি পালন কৰা হয় সেইদিনাই পাটসাঁকো বাইলুং গাঁৱৰ দেওঁশালত অনুস্থিত হোৱা মে-ডাম-মেফি মঞ্চতে ফাউণ্ডেশ্যনৰ এখন সভা অনুষ্ঠিত হয়। উক্ত সভাখনত সভাপতিত্ব কৰে সমাজকৰ্মী ভদ্ৰেশ্বৰ কোঁৱৰে। লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোঁহাইয়ে লেংডন ফাউণ্ডেশ্যনৰ লক্ষ্য আৰু উদ্দেশ্য বাখ্যা কৰে।
ফাউণ্ডেশ্যনৰ আগন্তুক পৰিকল্পনা সন্দৰ্ভত প্ৰতিস্থাপকগৰাকীয়ে কয় যে স্বেচ্ছাসেৱী সংস্থাটোৱে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে বিভিন্ন প্ৰশাসনিক আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব।