ভূমিকম্পৰ বিষয়ে জানো আহা

বৰ্তমান সঘনাই হৈ থকা প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত ভূমিকম্প হ’ল অন্যতম। ভূমিকম্প যিকোনো সময়তে ,যিকোনো ঠাইতে হ’ব পাৰে।সকলোবোৰ প্ৰাকৃতিক দুৰ্যোগৰ দৰে সম্ভৱতঃ ভূমিকম্পৰহে আগজাননী পোৱা নাযায়।সেয়েহে যিকোনো মুহূৰ্ততে ভূমিকম্প আহি আমাৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি বিস্তৰ ক্ষতিসাধন কৰে।

সাধাৰণতে পৃথিৱীৰ উপৰিভাগ কঁপি উঠাকে আমি ভূমিকম্প বুলি কওঁ।।প্ৰকৃততে আমি বাস কৰা পৃথিৱীৰ খোলাটো কেইবাটাও স্তৰত গঠিত। তাৰে প্ৰবাৰ নামৰ স্তৰটোত তাপ,চাপ অথবা তেজষ্ক্ৰিয়তা বঢ়া-টুটা হৈ থকাৰ ফলত ভূ-ত্বকৰ ওপৰত মাজে সময়ে ক্ষন্তেকীয়া হেঁচা সৃষ্টি হয়।সেই হেঁচাৰ ফলতে পৃথিৱীৰ উপৰিভাগৰ যিকোনো অংশ কঁপি উঠে।অৱশ্যে কিছুমান বাহ্যিক কাৰকৰ ফলতো ভূমিকম্প হ’ব পাৰে।

এক তথ্যৰ মতে পৃথিৱীত বছৰি প্ৰায় আঠ হাজাৰৰ পৰা দহ হাজাৰটামান (অৰ্থাৎ ঠাই অনুসৰি গড়ে প্ৰতি ঘণ্টাত একোটাকৈ) ভূমিকম্প হয়।পৃথিৱীৰ অভ্যন্তৰৰ যি অংশৰ পৰা ভূমিকম্পৰ জোকাৰণি আৰম্ভ হয় তাক ভূ-কম্পন কেন্দ্ৰ আৰু কেন্দ্ৰৰ উলম্ব দিশত থকা পৃথিৱী পৃষ্ঠৰ অৱস্হানক উপকেন্দ্ৰ বোলে।সাধাৰণতে সৰহ সংখ্যক ভূমিকম্পৰ কেন্দ্ৰসমূহ পৃথিৱীৰ উপৰিভাগৰ পৰা ৫০-১০০ কিলোমিটাৰ গভীৰতাত অৱস্হিত।ভূমিকম্পৰ প্ৰাবল্যৰ অনুসৰি তিনিভাগত ভাগ কৰা হৈছে — সৰু,মজলীয়া আৰু ডাঙৰ। ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম ভূ-কম্পনলেখ বা Seismograph.

যিবিলাক প্ৰাকৃতিক কাৰকৰ ফলত ভূমিকম্প হয় সেইবিলাক হ’ল-ফলক বিৰ্ৱতন,আগ্নেয়গিৰি উদ্গীৰণ আৰু ভূ-ত্বকৰ সমস্হিতিক বৈষম্যই প্ৰধান। আকৌ ভূমিকম্প হোৱাৰ পৰিমাণৰ অনুসৰি কেইবাটাও বলয়ত ভাগ কৰা হৈছে।সেইকেইটা হৈছে- প্ৰশান্ত মহাসাগৰীয় বলয়,ইউৰেছিয়াৰ তৰুণ পাৰ্বত্য বলয় ইত্যাদি।এই দুটা বলয়ত পৃথিৱীৰ সৰহ সংখ্যক ভূমিকম্প হয় অৰ্থাৎ ৮৯ শতাংশ, বাকী ১১ শতাংশ পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ,আইচলেণ্ড, নিৰক্ষীয় আটলাণ্টিক আৰু কৰ্কটক্ৰান্তীয় আটলাণ্টিক মহাসাগৰৰ সৰু বৰ দ্বীপপুঞ্জসমূহত হোৱা দেখা যায়।

ভূমিকম্পৰ তীব্ৰতাৰ আয়তনিক মাপনীক কোৱা হয় ৰিখ্টাৰ স্কেল (Richter scale).এই স্কেলত ০-১০ লৈকে থাকে ।ভূমিকম্পৰ তীব্ৰতা অনুসৰি স্কেলৰ মাত্ৰাও বাঢ়ি যায়।৫ ৰ ততোধিক ৰিখ্টাৰ স্কেলৰ ভূমিকম্পক ডাঙৰ বুলিয়েই ধৰা হয়।৮-৯ ৰ প্ৰাবল্য ভূমিকম্পক প্ৰলয়ংকাৰী ভূমিকম্প বুলি ধৰা হয়।এই মাপনীৰ ভূমিকম্প হ’লে পৃথিৱীৰ উপৰিভাগত যথেষ্ট ক্ষয়-ক্ষতি হোৱাৰ লগতে প্ৰাণহানি আৰু পশুধন হানি হয়।

বৰ্তমানলৈকে পৃথিৱীৰ উপৰিভাগত বহুকেইটা বিধ্বংসী ভূমিকম্পই কঁপাই গৈছে।এই ভূমিকম্পবিলাকে অলেখ ধ্বংসাত্মক কাৰ্য সংঘটিত কৰাৰ লগতে কিছু গঠনাত্মক কাৰ্যও কৰি আহিছে।পৃথিৱীত সংঘটিত হোৱা অতি শক্তিশালী ভূমিকম্পবিলাকে সৃষ্টি কৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া হৈছে ১৮৯৭ চনত উত্তৰ পূৰ্বাঞ্চলক জোকাৰি যোৱা ভূমিকম্পটোৰ ফলত সৃষ্টি হৈছিল চানডুবি নামৰ বিলখন।১৯৫০ চনত পুনৰ জোকাৰি গৈছিল অন্য এটা ভূমিকম্পই।যাৰ ফলত ব্ৰহ্মপুত্ৰ নদৰ তলিভাগ উঠি আহিছিল আৰু সোৱণশিৰি ,দিহিং নদীৰ সোঁত বন্ধ হৈ পৰিছিল। তদুপৰি ১৯৬০ চনত চিলিৰ ভূমিকম্প, ১৯৬৪ চনত আলস্কাৰ ভূমিকম্প, ১৯৯০ চনৰ ইৰাণৰ ভূমিকম্প, ১৯৯৩ চনৰ মহাৰাষ্ট্ৰৰ ভূমিকম্প ২০০২ চনৰ গুজৰাটৰ ভূমিকম্প ২০১৬ চনৰ নেপালৰ ভূমিকম্পই প্ৰমাণ কৰে যে ই কিমান ভয়াৱহ আৰু ধ্বংসাত্মক।

অতি আকস্মিকভাৱে আৰু সন্তৰ্পণে অহা ভূমিকম্পৰ সময়ত আমি অত্যধিক ভয়- ভীত হৈ পৰো।যাৰ ফলত ক্ষয়-ক্ষতিৰ পৰিমাণো বৃদ্ধি হয়।সেয়েহে আমি কিছু পৰিমাণে সাৱধানতা গ্ৰহণ কৰিলে ক্ষয় ক্ষতিৰ পৰা কিছু হ’লেও ৰক্ষা পাবৰ পাৰো।সেই সাৱধানবিলাক হৈছে – ১| ভূমিকম্প অনুভূত হ’লেই পৰাপক্ষত মুকলি ঠাইত অৱস্হান কৰিব লাগে।২| গাড়ী চলাই গৈ থাকিলে লাহেকৈ গাড়ীখন পথৰ দাঁতিলৈ আনি ৰখাই দিব লাগে,৩| যদি ঘৰৰ ভিতৰত থাকোতে ভূমিকম্প আহে তেতিয়া লাহেকৈ এখন ডাঙৰ টেবুলৰ তলত ,ৱালৰ কাষত অৱস্হান কৰিব লাগে ,৪| জুঁই জ্বলি থাকিলে নুমুৱাই দিব লাগে,৫| সদায় ফাৰ্ষ্ট এড বক্স ,জুইশলা,মম,টৰ্চ লাইট ওচৰতে সুবিধাজনক ঠাইত থব লাগে।

ভূমিকম্প আহকেই বা নাহক তথাপিও আমি অন্য ধৰণে কিছু সাৱধানতা লোৱাটো প্ৰয়োজন-১| অট্টালিকা নিৰ্মাণৰ সময়ত সদায় ভূমিকম্প প্ৰতিৰোধক লগাব লাগে,২| ঘৰত সদায় জুঁই নুমুওৱাৰ ব্যৱস্থা ৰাখিব লাগে,৩| ভূমিকম্পৰ সুৰক্ষিত ঠাইডোখৰ আগেয়ে চিহ্নিত কৰি থব লাগে ইত্যাদি।

মন কৰিবলগীয়া যে ভূমিকম্পই কোনো আগজাননী নিদিয়াকৈ আহে ।অৱশ্যেই জীৱ-জন্তুৰ ৰেহৰূপ চাই ভূমিকম্পৰ আগজাননী পাব পাৰি।মাথো কেইছেকেণ্ড মানৰ কাৰণে অহা ভূমিকম্পই পৃথিৱীৰ উপৰিভাগৰ তল-ওপৰ কৰাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰিব পাৰে। গতিকে সেইখিনি সময়ত আমি সকলোৱে অধিক সাৱধানতাৰ লগতে ধৈৰ্য্য আৰু সাহসেৰে পাৰ কৰিবলৈ যত্নপৰ হব লাগে।

Leave a comment

Your email address will not be published. Required fields are marked *