ভয়াৱহ ৰূপত কৰ্কট ৰোগ
সমগ্ৰ বিশ্বত সম্প্ৰতি ভয়াবহ ৰূপত বৃদ্ধি পাইছে কৰ্কট ৰোগ।এই ভয়াবহতাই চুই গৈছে ভাৰতবৰ্ষকো। আন্তৰ্জাতিক কৰ্কট গৱেষণা সংস্থাই চমুকৈ আই আৰ আৰু চিয়ে বিভিন্ন সময়ত চলোৱা গৱেষণাৰ পৰা কৰ্কট ৰোগৰ ভয়াবহতাৰ কথা জানিব পৰা গৈছে।২০২২ চনত প্ৰকাশিত এক তথ্য মতে প্ৰায় ২ কোটি নতুনকৈ কৰে কৰ্কট ৰোগী ধৰা পৰিছিল আৰু তাৰে ৯৭ লাখ লোকৰ মৃত্যু হৈছে। সেই সকলৰ ভিতৰত হাওঁফাওঁ,স্তন আৰু কলৰেক্টাল কৰ্কট ৰোগী বেছি ।১৮৫ খন দেশত চলোৱা সমীক্ষাৰ অনুসৰি কৰ্কট ৰোগ ধৰা পৰাৰ পিছত পাঁচ বছৰ জীয়াই থকা লোকৰ সংখ্যা আছিল ৫ কোটি ৩৫ লাখ। হাওঁফাওঁ কৰ্কট ৰোগীৰ সংখ্যা আটাইতকৈ বেছি। মুঠ ৰোগীৰ ১২.৪ শতাংশ হাওঁফাওঁ কৰ্কট ৰোগী,১১.৬ শতাংশ স্তন কৰ্কট ৰোগী আৰু ৯.৬ শতাংশ কলেৰক্টাল কৰ্কট ৰোগী। তদুপৰি ৭.৩ শতাংশ প্ৰষ্টেট কৰ্কট,৪.৯ শতাংশ পেটৰ কৰ্কটত আক্ৰান্ত ৰোগী। উল্লেখ্য যে স্তন কেন্সাৰত আটাইতকৈ বেছি মহিলা আৰু হাওঁফাওঁ কৰ্কটত আটাইতকৈ বেছি পুৰুষ মৃত্যু হৈছে। বিশ্বৰ ১৮৫ খন দেশৰ ভিতৰত ১৫৭ খন দেশত মহিলাৰ স্তন কৰ্কট আছিল আটাইতকৈ সাধাৰণ। বৰ্তমান তীব্ৰ গতিত বৃদ্ধি পোৱা কৰ্কট ৰোগে ২০৫০ চনত ভয়াবহ ৰূপ ধাৰণ কৰা সম্ভাৱনা আছে। যিবোৰ দেশে কৰ্কট ৰোগ নিৰাময়ৰ কাৰণে সচেতনভাৱে আগবাঢ়িছে আৰু ধনী-দুখীয়া সকলোকে সমভাৱে লৈ ব্যৱস্থা গ্ৰহণ কৰিছে,তেনেবোৰ দেশত ইয়াৰ প্ৰভাৱ হ্ৰাস হোৱাৰ বিপৰীতে কৰ্কট ৰোগ নিৰাময়ৰ কাৰণে সু-ব্যৱস্থা নকৰা দেশবোৰত ইয়াৰ প্ৰভাৱ দুগুণ বৃদ্ধি পাইছে। কৰ্কট ৰোগৰ ভয়াবহতাৰ মূল কাৰণ বিলাকৰ ভিতৰত অন্যতম কাৰণ হৈছে মাদক দ্ৰব্য, অত্যধিক কীটনাশক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শাক-পাচলি, ফলমূল গ্ৰহণ আদি।২০২২ চনত ভাৰতবৰ্ষত কৰ্কট ৰোগী আছিল ১,৪৬১,৯৭২ জন,২০২৩ চনত বৃদ্ধি হৈ ১,৪৯৬,৯৭২ জন হৈছেলগৈ। অৰ্থাৎ আমাৰ দেশতো কৰ্কট ৰোগৰ ভয়াবহতাই গ্ৰাস কৰিছে। ইণ্টাৰনেচনেল কেন্সাৰ কণ্ট্ৰ’লৰ মূৰব্বী ডা: কেৰী এডামছে কৈছে যে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিবলৈ হ’লে দেশ বিলাকৰ চিকিৎসা সেৱাৰ লগতে ৰাজনৈতিক ইচ্ছাশক্তি প্ৰৱল হ’ব লাগিব। প্ৰতিখন দেশৰ স্বাস্থ্য বিভাগে জৰুৰী পদক্ষেপ ল’ব লাগিব। দেশবিলাকে কৰ্কট ৰোগীক সুলভ মূল্যৰ মান সম্পন্ন চিকিৎসা সেৱা দিবলৈ যত্ন কৰিলেহে কৰ্কট ৰোগ নিয়ন্ত্ৰন কৰিবলৈ বহু পৰিমাণে সক্ষম হব।