থলগিৰিয়ে নিজক চিনি পাবলৈ শিকক

ৰেখা বৰগোহাঁই

অতীতৰে পৰা অসম এখন স্বনির্ভৰশীল ৰাজ্য আছিল। ইয়াত বসবাস কৰা প্রতিজন লোকে কর্মঠ হোৱাৰ হেতুকে নিজৰ প্রয়োজনীয় সকলো সামগ্রীয়ে উৎপাদন কৰি লবলৈ সক্ষম হৈছিল। তাতেই অসমৰ মাটিও আছিল খুবেই সাৰুৱা। সেয়েহে বিশেষ শাৰীৰিক পৰিশ্ৰম নকৰাকৈ আৰু যত্ন নোলোৱাকৈ লহপহকৈ বাঢ়ি আহিছিল শাক-পাচলি। আনহাতে খাল, বিল, জলাশয়, নদ-নদীয়ে ভৰি থকা অসমত মাছ-কাছ আদিও উভৈনদীকে উৎপাদন হৈছিল। লগতে প্রতিগৰাকী মহিলায়েও এনেয়ে বহি নাথাকি ঘৰৰ সকলোৰে বাবে তাঁতত তৈয়াৰ কৰি লৈছিল প্রয়োজনীয় সাজ-পাৰখিনি। সেয়েহে অসমীয়ালোকে কোনোদিন কাৰোৰে ওচৰত কোনো বস্তুৰ বাবে হাত পাতিবলগীয়া নহৈছিল।

মানৰ আক্ৰমনলৈকে অসমীয়া মানুহৰ স্বনিৰ্ভৰশীল অৱস্থাটো বর্তি আছিল। তিনিবাৰকৈ অসম আক্রমন কৰি মানে অসমীয়া সমাজখন থানবান কৰি পেলাইছিল। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে থানবান হৈ পৰা অসমখন বৃটিছৰ শাসনলৈ যায়। ইচ্ছা কৰা হ’লে বৃটিছে ভাগি যোৱা অসমখন পুনৰ গঠন পাৰিলহেঁতেন। তাকে নকৰি বৃটিছেও অসমীয়া মানুহক শোষণ কৰিবলৈ ল’লে।অসমীয়া মানুহক বৰবিহ সদৃশ কানি খোৱাই একেবাৰে কেলেহুৱা, এলেহুৱা কৰি পেলালে। যিকণ কাম কৰিব পৰা ইচ্ছাশক্তি অসমীয়া মানুহৰ মাজত আছিল সেয়া সম্পূর্ণৰূপে মষিমূৰ কৰি পেলালে। ফলত এসময়ত স্বনিৰ্ভৰশীল অসমীয়া সমাজখন একেবাৰে পৰনির্ভৰশীল হৈ পৰিবলৈ ললে। প্রতিটো বস্তুৰ বাবে আনৰ ওচৰত হাত পাতিবলগীয়া অবস্থা এটাৰ সৃষ্টি হ’ল।

১৯৪৭ চনত ভাৰত তথা অসম বৃটিছৰ হাতৰ পৰা হাতৰ পৰা স্বাধীনতা লাভ কৰিল । দেশত নিজৰ চৰকাৰ হ’ল। দেশীয় চৰকাৰখনে বৃটিছে ভাঙি পেলোৱা অর্থনৈতিক ৰাজহাড়ডাল পোনাবলৈ বহুতো পদক্ষেপ গ্রহণ কৰিবলৈ ললে। তাৰ সুযোগ আৰু সুবিধা দেশৰ বিভিন্ন ৰাজ্যই গ্ৰহণ কৰি উন্নতিৰ পথত আগবাঢ়িবলৈ ধৰিলে ।উদাহৰণ স্বৰূপে পঞ্জাৱ, হাৰিয়ানা হিমাচল প্রদেশে কৃষি আৰু উদ্যান শস্যত মহাৰাষ্ট্ৰ আৰু গুজৰাটে উদ্যোগিক ক্ষেত্ৰত, কেৰেলাই সাক্ষৰতা, স্বাস্থ্যৰ যতন, অনাময় ব্যৱস্থা, পর্যটন ক্ষেত্রত আগবাঢ়ি গৈছে। তাৰোপৰি অন্যান্য ৰাজ্যবিলাকেও বিভিন্ন ক্ষেত্রত কম-বেছি পৰিমানে উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছে। তেনে ক্ষেত্রত অসম স্বাধীনতাৰ আঠসত্তৰ বছৰৰ পিছতো যেনেদৰে অর্থনৈতিক দিশত আগবাঢ়িব লাগিছিল সেয়া একেবাৰে হোৱা নাই। অথচ অসমত নাই কি? বনজ সম্পদ, খনিজ সম্পদ, খাৰুৱা তেল, প্রাকৃতিক সম্পদ, জলজ সম্পদ, বয়ন শিল্প আদিত যথেষ্ট চহকী এখন ৰাজ্য হ’ল অসম। তৎসত্বেও আজিও অসমৰ থলুৱা লোক সকলৰ অৱস্থা তথৈবচ।

অসম এখন কৃষিপ্রধান ৰাজ্য। ইয়াৰ ভূমি ইমান ৰসাল আৰু সাৰুৱা যে যিকোনো খেতি খুৱ অনাসাৰে হয়। ধান, মাহ, সৰিয়হ, চাহ, শাক-পাচলি মৰাপাট, বাঁহ বেত প্ৰচুৰ পৰিমানে অসমত উৎপাদন হয়। এই সামগ্রী সমূহ অসমবাসীয়ে ব্যৱহাৰ কৰাৰ পিছতো বহু পৰিমানে ৰাহি হয়, যিখিনি অন্য ৰাজ্যলৈ ৰপ্তানি কৰি ৰাজকোষ টনকিয়াল কৰিব পাৰে। অসমৰ প্রায় সত্তৰ শতাংশ লোক আজিও কৃষিৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে আজিৰপৰা কেইবছৰ মানৰ আগলৈকে অসমৰ পথাৰসমূহ নদন-বদন হৈ আছিল। কৃষিজাতৰ বিভিন্ন সামগ্রী উৎপাদন কৰি অসমীয়া মানুহে কাৰো ওচৰত হাত নপতাকৈ খুউব সুন্দৰকৈ খাই বৈ শান্তিৰে দিন অতিবাহিত কৰিছিল। আনহাতে হাঁহ- কুকুৰা, ছাগলী-গাহৰি, গৰু, ম’হ আদি পশুধন ঘৰতে লালন-পালন কৰি মাংস, কণী, গাখীৰ নির্ভেজালকৈ খাবলৈ পাইছিল। আকৌ অসমত অজস্র নৈ-বিল, জলাশয়, পুখুৰী, খাল-ডোঙা আদিৰে পৰিপূৰ্ণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত উভৈনদীকৈ মাছ-কাছ আছিল আৰু সেইবিলাক ধৰি নিজেই তৃপ্তিৰে ভাত সাজ খোৱাৰ লগতে বিক্ৰী কৰিও দুই-এপইচা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। কিন্তু আজি সেই পৰিৱেশটো অসমীয়া সমাজত বিশেষকৈ থলুৱা লোকসকলৰ মাজত আছে জানো? এতিয়াও অসমীয়া মানুহৰ খেতি মাটি আছে, কিন্তু সেইবিলাক নদন-বদন হৈ থকা প্ৰায়ে দেখা পোৱা নাযায়। নিজেই কিবা এটা কৰি আত্মনিৰ্ভৰশীল হৈ থাকিবলৈ অসমীয়া মানুহৰ স্পৃহা নাই। বর্তমান অসমীয়া মানুহৰ এনে এটা অৱস্থা হৈছেগৈ যে প্রতিটো ক্ষেত্রতো আনলৈ চাই থাকিব লাগে বা হাত পাতিব লাগে।

যিহেতু অসম এখন কৃষিপ্রধান ৰাজ্য আৰু কৃষি সামগ্ৰীসমূহো উভৈনদীকে উৎপাদন হয়, গতিকে কৃষিজাত সামগ্রীসমূহকে লৈ অসমীয়া মানুহে বিভিন্ন ধৰণৰ উদ্যোগ গঢ়ি তুলিব পাৰে। বিশেষকৈ কৃষিজাত সামগ্ৰীৰপৰা চাহ, চেনী, মৰাপাট, কাগজ, বাঁহ-বেতৰ উদ্যোগ গঢ়ি উঠাৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে। গোটেই দেশৰ ভিতৰতে অসমে সর্বাধিক চাহপাত উৎপাদন কৰে আৰু ইয়ে অর্থনীতি দিশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গতিকে অসমৰ থলুৱা লোকে চাহ উদ্যোগত মনোনিবেশ কৰিব পাৰিলে নিবনুৱা সমস্যা। বহু পৰিমানে সমাধা হ’ব। চাহ উদ্যোগৰ লগত গঢ়ি উঠিব পৰা অন্যান্য আনুষংগিক উদ্যোগসমূহ হৈছে প্লাইউদ, এলুমিনিয়াম, চাহ ৰোলাৰ, সাৰ উদ্যোগ এনেবিলাক উদ্যোগ স্থাপনতো থলুৱা লোকসকলে মনোনিৱেশ কৰিব পাৰে।

অসমত প্ৰচুৰ পৰিমাণে মৰাপাট উৎপাদন হয়। অসমৰ মৰাপাটেৰে পশ্চিম বংগৰ বহু মৰাপাট উদ্যোগ চলি আছে। অথচ আমাৰ থলুৱা লোকে মৰাপাটৰ পৰা যে লাভজনক উদ্যোগ গঢ়ি উঠিব পাৰে সেই কথা চিন্তা কৰিব নিবিচাৰে। মৰাপাটৰ পৰা আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত বহু সামগ্রী যেনে- বেগ, দলিচা, ৰচী, বস্তা, টেবুল মেট, পুতলা, মহিলাৰ কৃত্রিম চুলি আদি প্ৰস্তুত কৰিব পাৰি। এনেবিলাক উদ্যোগ স্থাপন কৰিবলৈ বহু বেছি অৰ্থৰো প্ৰয়োজন নাই। তথাপিও যেন অসমীয়া লোকৰ এইবিলাকৰ প্রতি অনীহা।

বাঁহ-বেতৰ আচবাবৰ আদৰ আমাৰ সমাজত সদায়ে বেছি। কেৱল অসমতে নহয় ইয়াৰ আদৰ আৰু চাহিদা বিদেশতো আছে। যিহেতু অসমৰ জলবায়ুত বাঁহ-বেত উৎপাদন প্ৰচুৰ পৰিমানে হয়। আজি কেইবছৰ মান আগলৈকে অসমীয়া মানুহে নিজৰ ঘৰৰ বাৰীখনতে বাঁহ-বেত ৰুই লৈছিল। প্রয়োজনত কাটি আনি ঘৰুৱা কামত ব্যৱহাৰ কৰিছিল। অসমীয়া সমাজত প্রচলিত দিহানাম এফাঁকি হৈছে “বাৰীৰে চুকৰে জাতিবাঁহ এজুপি সিয়ো মোৰ সহোদৰ ভাই, জীয়াই থাকো মানে কৰো কাঁঠীকামি মৰিলে লগতে যায়।’ তাৰমানে অসমীয়া জনজীৱনত বাঁহ-বেতৰ প্ৰভাৱ অতি গভীৰ। এসময়ত বাঁহ নথকা মানুহে যিকোনো কামলৈ সাহস কৰা নাছিল। বাঁহ- বেতৰ পৰা কেৱল আচবাবৰ উদ্যোগে গঢ়ি নুঠে, তাৰ লগতে আমাৰ ঘৰুৱা জীৱনত ব্যবহৃত অনেক সামগ্রী প্ৰস্তুতকৰণৰ উদ্যোগ, বাঁহ গাজৰপৰা অনেকধৰণৰ মুখৰোচক খাদ্য প্ৰস্তুতকৰণ উদ্যোগ গঢ়ি তুলিব পাৰি। আজি কালি বাঁহ-বেতৰ পৰা আ-অলংকাৰ প্ৰস্তুতও কৰিবলৈ লৈছে, গতিকে তেনে উদ্যোগ গঢ়ি তুলি আমাৰ থলগিৰিসকলে অর্থনৈতিক দিশত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে। তদুপৰি কুঁহিয়াৰ, তামোল, নাৰিকলৰ খেতি কৰি সম্ভাৱনাময় উদ্যোগ গঢ়ি তুলিব পাৰি আৰু ইয়াৰ পৰা যথেষ্ট উপাৰ্জন কৰিব পাৰে।

অসমত অনেক ৰকমৰ ফলমূলৰ খেতি হয়। যদি থলগিৰিসকলে সেইবিলাক পৰিকল্পিতভাবে খেতি কৰিব পাৰে তেনেহ’লে তাৰপৰা বিভিন্ন উদ্যোগ গঢ়ি তুলি স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিব পাৰে। যিহেতু অসমত উৎপাদন হোৱা ফলমূলসমূহত ভিটামিন, আইৰণ, খনিজ দ্রব্য, কেলচিয়াম আদিৰ দৰে আমাৰ শৰীৰৰ প্রয়োজনীয় দ্রব্যসমূহ অধিক আছে, গতিকে বিজ্ঞানসন্মতৰ পদ্ধতিয়ে সেইবিলাকৰ ৰস উলিয়াই, জাম-জেলী প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই দি উপাৰ্জনৰ বাট মুকলি কৰি লব পাৰে।

আনহাতে অসমত যথেষ্ট জলাশয়, খাল-বিল, পুখুৰী আছে। সেইবিলাকত সমবায় ভিত্তিত আমাৰ থলগিৰিসকলে মাছৰ খেতি কৰিব পাৰে। এইবিলাকত বেছি পৰিশ্রমো নহয় তথা সময়ো খৰছ নহয়। অথচ আমাৰ থলগিৰিসকলে হাত সাৱটি বহি থকাৰ কাৰণে প্রতিদিনাই অন্ধপ্রদেশৰ পৰা অসমলৈ হাজাৰ হাজাৰ টন মাছ আমদানি কৰিবলগীয়া হয়। তেনেদৰে কণী, গাখীৰ আদি সামগ্ৰীৰ কাৰণেও আমাৰ ৰাজ্য পৰৰ ওপৰত নিৰ্ভৰশীল। কিন্তু অতি পৰিতাপৰ কথা যে অসমৰ থলগিৰিসকলে কৰ খাব পৰাকৈ প্ৰকৃতিয়ে উভৈনদীকৈ সম্বল দিয়া সত্বেও নিজেই কিবা এটা কৰাৰ কথা চিন্তা নকৰে। আগৰ দিনৰ দৰে এতিয়া সৰহ সংখ্যক লোকে পৰিশ্ৰম কৰিব নিবিচাৰে। সকলোকে যেন আৰামৰ জীৱন লাগে। কিন্তু সেই আৰামে যে আমাক ডাল-দৰিদ্ৰ কৰি তুলিছে আৰু তাৰ বিপৰীতে বহিৰাগত সকলে কষ্ট-পৰিশ্ৰম কৰাৰ কাৰণেই স্বচ্ছল জীৱন-যাপন কৰিব পাৰিছে। এতিয়া অসমৰ থলগিৰিৰ হাতত পথাৰ-বজাৰ নাই বুলিয়ে কব পাৰি। সকলোবিলাক এফালৰ পৰা বহিৰাগতে দখল কৰি যাবলৈ ধৰিছে। ইয়াৰ মূল কাৰণেই হৈছে আমাৰ কামৰ প্ৰতি থকা অনীহা লগতে অমনোযোগিতা আৰু পৰিশ্ৰম কৰিব নিবিচৰা স্বভাৱ। তাতে অত্যধিক চৰকাৰী আঁচনি উপলব্ধ হোৱাত সেইবিলাক গ্রহণ কৰি আমাৰ থলগিৰিসকলে নিষ্কর্মা হৈ বহি থাকিবলৈ ভাল পাইছে। যিদি তেওঁলোকে এইটোও নাভাবে যে চৰকাৰী আঁচনিৰ পৰা যিখিনি টকা পাই অলপ কষ্ট-পৰিশ্ৰম কৰিলেই তাতোকৈ বেছি উপার্জন কৰিব পাৰে। আমি ভালদৰে লক্ষ্য কৰিলেই দেখা পাওঁ নগৰ-চহৰসমূহত বহিৰাগত এজনে তামোল-পাণ, ফলমূলৰ দোকান দিয়েই অজস্র সম্পত্তিৰ মালিক হ’ব পাৰিছে, আনহাতে ডাঙৰ ডাঙৰ দোকান-সমাৰবোৰৰো গৰাকী বহিৰাগত সকলেই। তাৰ বিপৰীতে আমাৰ থলগিৰি সকলে কেইখন ডাঙৰ দোকান দিব পাৰিছে বা তামোল পাণ, ফলমূলৰ দোকান দি স্বচ্ছল জীৱন-যাপন কৰিব পাৰিছে। যদি থলগিৰিয়ে নিজক চিনিবলৈ নিবিচাৰে বা সক্ষমতাক বুজি নুঠে, তেনেহলে সকলোখিনি বজাৰ-সমাৰ- পথাৰ বহিৰাগতৰ হাতলৈ যাবলৈ বেছিদিন নালাগিব। শেষত ড০ ভূপেন হাজৰিকাৰ কথাৰে কব বিচাৰো- “আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব।”

Leave a comment

Your email address will not be published. Required fields are marked *