চান্দ সদাগৰৰ মেৰঘৰ

গুৱাহাটী মহানগৰীৰ পৰা ২৫ কি:মি: আঁতৰত পশ্চিমে আছে ছয়গাঁও।এই ছয়গাঁৱে এসময়ত চম্পকনগৰ হিচাপে পৰিচিত আছিল। চম্পকনগৰৰ ৰজা আছিল চন্দ্ৰধৰ। চন্দ্ৰধৰৰ পুত্ৰ আছিল ছয় জন। সময়ত চম্পকনগৰখন ছয় ভাগ কৰি ছয় পুত্ৰৰ মাজত ভগাই দিয়ে। ছয় ভাগ কৰাৰ কাৰণেই ঠাইখনৰ নাম ছয়গাঁও হ’ল।এই ছয় গাঁৱতে আজিও আছে চম্পকনগৰৰ ধ্বংসাৱশেষ।এই ধ্বংসাৱশেষৰ মাজত জিলিকি আছে চন্দ্ৰধৰ বা চান্দ সদাগৰে নিৰ্মাণ কৰা মেৰঘৰৰ অৱশিষ্ট। অৱশ্যে এই ধ্বংসাৱশেষখিনিত দুটা বেলেগ বেলেগ সময়ৰ অৱশিষ্ট দেখা পোৱা যায়। ইয়াৰে এটা ১১-১২ শ শতিকাৰ আৰু আনটো সম্ভৱতঃ ১৬ শ শতিকাৰ। চান্দ সদাগৰে নিৰ্মাণ কৰা মেৰঘৰৰ আন্তঃগাথঁনিৰ ওপৰতে ১৬ শ শতিকাত স্বৰ্গদেউ শিৱসিংহই এটা আটকধুনীয়া মন্দিৰ নিৰ্মাণ কৰিছিল যদিও সেইটোও পিছলৈ ভাঙি যায়। সেয়েহে বৰ্তমান চান্দ সদাগৰৰ মেৰঘৰ আৰু প্ৰাচীন মন্দিৰৰ ভগ্ন শিলা খণ্ডহে অ’ত ত’ত সিচঁৰিত হৈ থকা দেখা যায়।


জনশ্ৰুতি অনুসৰি চান্দ সদাগৰ‌ আছিল ভগৱান শিৱৰ একনিষ্ঠ সেৱক। সেয়েহে তেওঁ অন্য দেৱ-দেৱীক পূজা নকৰিছিল। কিন্তু শিৱৰ পুত্ৰী মনসা দেৱী পৃথিৱীত পূজিত হ’বলৈ হ’লে এজন শিৱ ভক্তই প্ৰথমে পূজা কৰিব লাগিব বুলি শিৱই কোৱাত মনসাই চান্দ সদাগৰক অনুৰোধ কৰিও মনসা পূজা কৰোৱাব নোৱাৰিলে। সেয়েহে মনসাই চান্দ সদাগৰক খঙেৰে অভিশাপ দিয়ে যে তেওঁৰ প্ৰত্যেক পুত্ৰৰ জীৱন মনসাই কাঢ়ি নিব। সেই মতেই মনসাই এজন এজনকৈ পাঁচ জন পুত্ৰৰ জীৱন সৰ্পদংশনত কাঢ়ি নিয়ে। বাচি থাকিল লখিন্দৰ নামৰ পুত্ৰ জন। সেয়েহে লখিন্দৰৰ বিবাহৰ সময়ত চান্দ সদাগৰে অধিক সতৰ্কতা অৱলম্বন কৰি পুত্ৰৰ কাৰণে বিশ্বকৰ্মাৰ সহায়ত ছিদ্ৰহীনভাৱে মেৰঘৰ নিৰ্মাণ কৰিছিল। কিন্তু তাৰ মাজতো মনসাই নিজৰ প্ৰতিশোধ পূৰণ কৰি লখিন্দৰৰ জীৱন কাঢ়ি নিবলৈ সক্ষম হৈছিল। লখিন্দৰৰ পত্নী বেউলাই লখিন্দৰৰ জীৱন ঘূৰাই দিবলৈ বুলি মনসা দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। বেউলাৰ প্ৰাৰ্থনা মানি লৈ অৱশেষত লখিন্দৰৰ জীৱন ঘূৰাই দিবলৈ সন্মত হয় যদিও এটা চৰ্ত দিয়ে। সেই চৰ্তৰ মতে বেউলাই চান্দ সদাগৰক মনসা পূজা কৰিবৰ কাৰণে সন্মত কৰাব লাগিব। অৱশেষত মনসাৰ ইচ্ছানুসৰি চান্দ সদাগৰে মনসা পূজা কৰে


বৰ্তমান চান্দ সদাগৰে নিৰ্মাণ কৰা মেৰঘৰৰ ভগ্নাৱশেষ আৰু স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰা মন্দিৰৰ ভগ্নাৱশেষৰ টুকুৰাবোৰ পূৰাতত্ত্ব বিভাগে সুন্দৰকৈ থানথিত লগাই থৈছে।এই স্মৃতিচিহ্নসমূহ সংৰক্ষণ কৰি চাৰিওফালে পকী বেৰ দি ৰাখিছে। মেৰঘৰৰ ওচৰৰ প্ৰায় এবিঘা মান মাটিও সংৰক্ষণ কৰিছে।

-ৰেখা বৰগোহাঁই

Leave a comment

Your email address will not be published. Required fields are marked *