অসমত কিমান জাতীয় সংগঠন আছে

ৰেখা বৰগোহাঁই

উত্তৰ-পূর্বাঞ্চলৰ উল্লেখযোগ্য এখন ৰাজ্য হ’ল অসম। এই ৰাজ্যত অতীতৰে পৰা বিভিন্ন জাতি -জনগোষ্ঠীৰে বসবাস কৰি আহিছে। প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজস্ব ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ধৰ্মীয় আচৰণ, ভাষা বা দোৱান আছে ।তথাপিও অসমত শান্তি বর্তি আছিল। সকলোৰে ককাই-ভাই ,বাই-ভনী হৈ মিলিজুলি আছিল। প্রতিটো জনগোষ্ঠীয়ে ইটোয়ে সিটোৰ প্রতি সম্মান প্রদর্শন কৰিছিল। কিন্তু সময়ৰ গতিত অতীতৰ পৰা মিলাপ্রীতিৰে থকা অসমীয়া সমাজখন ভাগি থানবান হ’ল। প্রতিটা জনগোষ্ঠীৰ মাজত আপোনপেটীয়া মনোভাৱ এটা গঢ় লৈ উঠিল । নিজৰ নিজৰ জনগোষ্ঠীটো বা সম্প্ৰদায়টো আগবঢ়াই নিবলৈ বা সমস্যাসমূহ সমাধান কৰিবলৈ বুলি জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি জন্ম হ’বলৈ ল’লে বিভিন্ন জাতীয় সংগঠনসমূহ। একেটা জনগোষ্ঠী বা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি বিভিন্ন নামেৰে একাধিক সংগঠন প্ৰতিষ্ঠা কৰাত একাংশ লোক উঠিপৰি লাগিল। সেয়েহে আজি অসমত আমি দেখিছোঁ হাজাৰ হাজাৰ জাতীয় সংগঠন। । প্ৰথম অৱস্থাত যদিও নিজৰ জনগোষ্ঠীটোৰ স্বাৰ্থত জাতীয় সংগঠনসমূহৰ জন্ম হৈছিল। সংগঠনসমূহে কিবা এটা কৰাৰ উদ্দেশ্যৰে আগবাঢ়িছিল। সেয়েহে খুউব ভাল ভাল লক্ষ্য আৰু উদ্দেশ্যে আগত ৰাখি সংগঠনসমূহে নিজৰ নিজৰ সংবিধান প্ৰণয়ন কৰিছিল। কিন্তু লাহে লাহে যেন সংগঠনসমূহৰ নেতৃত্ববৃন্দ মনলৈ লোভ আহিবলৈ ললে। ক্ষমতা লোভ , ধনৰ লোভ আৰু বহু কিবাকিবি। ফলত শীৰ্ষ নেতৃত্বত থকাসকলৰ মাজত মতানৈক্য সৃষ্টি হ’বলৈ ল’লে আৰু সংগঠনত ফাট মেলিবলৈ ধৰিলে। পৰিণতিত একো একোটা সংগঠন কেইবাটাও ভাগত বিভক্ত হৈ পৰা অসমৰ ৰাইজে লক্ষ্য কৰিছে। আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে একেটা জাতীয় সংগঠনৰ পৰা ভাগ হোৱা প্ৰতিটো ভাগেই নিজকে প্ৰকৃত বুলি দাবী কৰে।যেতিয়াপৰা সংগঠনবোৰৰ মতানৈক্য আৰম্ভ হ’ল আৰু ভাগ ভাগ হোৱাৰ প্ৰক্ৰিয়া চলিবলৈ ল’লে তেতিয়াৰে পৰা অসম আৰু অসমীয়া সমাজত ওপৰোৱাকৈ আন কিছুমান সমস্যাই গা কৰি উঠিবলৈ ল’লে। অৰ্থাৎ একোটা জনগোষ্ঠীৰ পৰা জন্ম হোৱা জাতীয় সংগঠনসমূহে জনগোষ্ঠীটোৰ স্বাৰ্থলৈ পিঠি দি নিজৰ স্বাৰ্থ পূৰণ কৰাতহে গুৰুত্ব দিবলৈ ধৰাত জনগোষ্ঠীটোৰ যথেষ্ট ক্ষতি হ’বলৈ ল’লে। যিবোৰ প্ৰতিশ্ৰুতিয়ে সংগঠনসমূহৰ জন্ম হৈছিল সেইবোৰ ফুটুকা ফেনত পৰিণত হ’বলৈ ধৰিলে।

   সম্প্রতি আমি দেখা পাইছোঁ সংগঠন কৰিলে যে লাভেই লাভ সেইকাৰণেই অসমীয়া বীৰ-বীৰাংগনাসকলকো এৰি দিয়া নাই। তেওঁলোকৰ নামত সংগঠন খুলি একাংশ সংগঠনৰ নেতাই উপভোগৰ জীৱন এটা অতিবাহিত কৰি থকা এতিয়া সকলোৱে লক্ষ্য কৰিছে। একো পৰিশ্ৰম নকৰাকৈ, উৎপাদনমুখী কাম নকৰাকৈ একাংশ জাতীয় সংগঠনৰ নেতাই আভিজাত্য জীৱন এটা অতিবাহিত কৰি আছে। তেনে নেতাই বীৰ- বীৰাংগনাৰ নামত সংগঠন খুলি নেতৃত্ব লোৱাৰ নামত কেৱল ক'ৰবাত গৈ দাবী-ধমকি দিলেই বা হকে- বিহকে কিবা অভিযোগ আনি বা ব্লেকমেইলিং কৰিলেই হাতলৈ আহে অপৰ্যাপ্ত ধনৰ টোপোলা। আনহাতে জাতীয় সংগঠনসমূহে অসম আৰু অসমীয়া তথা নিজৰ জনগোষ্ঠীটোৰ জ্বলন্ত সমস্যা সমূ্হ সমাধানৰ বাবে চৰকাৰক সজোৰে দাবী জনাই সেইবোৰ সমাধান কৰিবলৈ বাধ্য কৰাৰ পৰিবৰ্তে সংগঠনসমূহে চৰকাৰৰ লগত সহযোগিতা কৰিহে বা হাত মিলাই আগবঢ়া প্ৰতিজন সচেতন অসমীয়াই দেখিছে। সেয়েহে আমি দেখা পাওঁ ৰাস্তাত দিনৰভাগত প্ৰতিবাদ, ধৰ্ণা, আন্দোলন আদি কাৰ্যসূচী চৰকাৰৰ বিৰুদ্ধে কৰিলেও ৰাতি কিন্তু সংগঠনৰ শীৰ্ষ নেতাই বিধায়ক, মন্ত্ৰীৰ কোৱাৰ্টাৰ বা কাৰ্যালয় আদিলৈ গৈ বুজাবুজি কৰে। আকৌ বৰ চতুৰালিয়ে সংগঠনসমূহে জনগোষ্ঠীয় সমস্যাবোৰ জীয়াই ৰাখিবলৈ চেষ্টা কৰে যাতে নিৰ্বাচনৰ সময়ত সেইবোৰ প্ৰয়োগ বা ব্যৱহাৰ কৰিব পাৰে। সেয়েহে আমি দেখা পাওঁ নিৰ্বাচন অহাৰ লগে লগে সংগঠনসমূহৰ তৎ নাইকিয়া হয় আৰু দিছপুৰ - দিল্লীলৈ গৈ চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা দিয়ে আৰু অসমীয়া হোজা লোকক দেখুৱাব বিচাৰে সংগঠনসমূহে জাতিটোৰ কাৰণে বহু কাম কৰিছে। আচলতে প্ৰতিটো সংগঠনৰ বাবে অসমৰ জ্বলন্ত সমস্যাবোৰ সোণৰ কণী পৰা হাঁহ। হাঁহজনী জীয়াই থাকিলেহে সময়ে সময়ে সোণৰ কণী পাবলৈ সক্ষম হ'ব। সেয়েহে যিমান পাৰি পাৰি সমস্যাবোৰ জীয়াই ৰাখিবলৈ যত্ন কৰে। জাতি বা নিজৰ জনগোষ্ঠীটো ৰসাতলে গ'লেও একো নাই, মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধি হ'লেই হ'ল। আচলতে সংগঠনসমূহলৈ অসমীয়া লোকে বৰ আশাৰে বাট চাই থাকে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত অসমীয়াই ভাবে সংগঠনসমূহে একেলগে সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰক দাবী জনাই কাৰ্যকৰী কৰিব। কিন্তু বাস্তৱিকতে দেখা যায় কি? আজি অসমত কিমান যে জ্বলন্ত সমস্যাই গা কৰি উঠিবলৈ লৈছে। যিবোৰ সমস্যা জাতীয় সংগঠনসমূহ একত্ৰিত হৈ সমাধানৰ চেষ্টা কৰিলেই বা চৰকাৰক সজোৰে দাবী জনাই বাধ্য কৰিব পাৰিলেই সমাধান হোৱাৰ পথ প্ৰশস্ত হ'লহেতেন। কিন্তু সেয়া কৰিবলৈ সংগঠনসমূহৰ সদিচ্ছা নাই।

     আচলতে সংগঠনসমূহ একত্ৰিত হবই নিবিচাৰে। একত্ৰিত হ'লেই যে সংগঠনসমূহৰ সান্দহ খোৱা বালি তল যাব। কিন্তু তাৰ কাৰণেই আজি অসমীয়া ৰাইজে অশেষ দুৰ্ভোগ ভুগিবলৈ লৈছে। সংগঠনসমূহৰ ভুল নীতিৰ কাৰণেই আজি অসম‌ আৰু অসমীয়াই বহু হেৰুৱাইছে। সেয়েহে সময় থাকোঁতেই সংগঠনসমূহে কথাবোৰ গভীৰভাৱে চিন্তা কৰা উচিত। অসমত হাজাৰ হাজাৰ জাতীয় সংগঠন থকাৰ পিছতো যদি অসমীয়া জাতীয় জীৱনৰ সমস্যাসমূহ সমাধান নহয়, তেনেহলে জাতীয় সংগঠনসমূহ থকাৰ অৰ্থই বা থাকিল কি? সেয়েহে শেষত কব বিচাৰোঁ সংগঠনসমূহৰ মাজত মতানৈক্য থাকিলেও বা একত্ৰিত হোৱাৰ বিশেষ সুযোগ নাথাকিলেও কিছুমান জাতীয় স্বাৰ্থত প্ৰতিটো জাতীয় সংগঠনে ইগ' পৰিহাৰ কৰি একত্ৰিত হব লাগিব। সেয়া নোহোৱাৰ কাৰণেই আজি অসম আৰু অসমীয়াক বহিঃৰাগতই হেচাঁ মাৰি ধৰিবলৈ সুবিধা পাইছে।অন্ন- বস্ত্ৰ - বাসস্থানৰ কাৰণেও এতিয়া অসমীয়াই হাহাকাৰ কৰিবলগীয়া হৈছে। সেইখিনিলৈ সংগঠনসমূহে চকু দিয়ক। তেতিয়াহে সংগঠনসমূহৰ প্ৰতি অসমীয়া ৰাইজৰ শ্ৰদ্ধা বাঢ়িব।

Leave a comment

Your email address will not be published. Required fields are marked *