স্বাধীনতা দিৱস আৰু বৰ্তমানৰ আমাৰ সমাজ

   ৰেখা বৰগোহাঁই 
  আমি সকলোৱে জানো যে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে বৃটিছ শাসনৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰিছিল। সেয়েহে সমগ্ৰ ভাৰতবাসীৰ কাৰণে এই দিনটো এক স্মৰণীয় দিন, সোণালী দিন। স্বাধীনতা দিৱস বুলি ক'লেই প্ৰতিজন ভাৰতীয় দেহ-মন উৎফুল্লিত হৈ পৰে। এইবছৰ ভাৰতে পালন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱস। চাৰিওফালে উৰিব ত্ৰিৰঙ্গ পতাকা আৰু গাব জন-গণ-মন।
   কিন্তু স্বাধীনতা লাভৰ আগৰ সময়খিনি ভাৰতবাসীৰ কাৰণে আছিল অন্ধকাৰময়, পৰাধীন শিকলীৰে বন্ধা। প্ৰতিটো খোজ দিবলগীয়া হৈছিল বৃটিছৰ হিচাপ মতে। আচলতে ১৬১৭ চনত মোগল সম্ৰাট জাহাঙ্গীৰৰ অনুমতি সাপেক্ষে ভাৰতত বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে ভাৰতত প্ৰৱেশ কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানী। লাহে লাহে গোজেই গজালি হৈ পৰিছিল আৰু উত্তৰ -পূৰ্বাঞ্চলক বাদ দি সমগ্ৰ দেশকে নিজৰ অধীনলৈ নিছিল।পিছত ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে উত্তৰ -পূৰ্বাঞ্চলো বৃটিছৰ অধীনলৈ গৈছিল। সাতামপুৰুষীয়া সভ্যতা -সাংস্কৃতিয়ে পৰিপূৰ্ণ স্বাধীনমনা ভাৰতীয় সমাজখনে পৰাধীনতা শিকলি পিন্ধিছিল আৰু হেৰুৱাইছিল জন্মগত অধিকাৰ। কিন্তু ভাৰতীয়সকল বহি থকা নাছিল। নিজৰ জন্মগত অধিকাৰ, স্বাধীনতা ঘূৰাই অনাৰ স্বাৰ্থত জাতি -ধৰ্ম-বৰ্ণ-নিবিৰ্শেষে জাতি পিতা মহাত্মা গান্ধীৰ নেতৃত্বত বৃটিছৰ বিৰুদ্ধে স্বাধীনতা যুঁজ আৰম্ভ হৈছিল। ভাৰতীয়সকলৰ নেৰানেপেৰা চেষ্টা, একাগ্ৰতা, ত্যাগ, কষ্ট, আত্মবলিদান, একতাৰ বলত ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে বৃটিছৰ শাসনৰ পৰা স্বাধীনতা লভিছিল। স্বাধীনতা লাভ কৰি ভাৰতীয়সকল উৎফুল্লিত হৈ পৰিছিল আৰু বিশ্বৰ সৰ্ববৃহৎ সংবিধান ৰচনা কৰি প্ৰতিষ্ঠা কৰিছিল গণতন্ত্ৰ।য'ত জনসাধাৰণ হৈছিল সৰ্বেসৰ্বা , ফলত জনসাধাৰণে জনপ্ৰতিনিধিক নিৰ্বাচন কৰাৰ সুযোগ আৰু সুবিধা লাভ কৰিছিল। নিৰ্বাচনৰ জৰিয়তে যিসকল জনপ্ৰতিনিধিক সংসদ আৰু বিধানসভালৈ পঠিয়াই সেইসকলে জনসাধাৰণে অভাৱ -অভিযোগ , সমস্যাসমূহ আলোচনা কৰি সমাধানৰ সু-ব্যৱস্থা কৰিছিল। একপ্ৰকাৰৰ কব পাৰি বৃটিছৰ পৰা স্বাধীনতা লাভ কৰি ভাৰতীয়সকল সুখী হৈছিল। সকলোৱে ভাবিছিল অনাগত দিনবোৰ ভাৰতীয়সকলৰ বাবে সুখ-শান্তি-সমৃদ্বিৰ হ'ব আৰু সকলো জাতি-ধৰ্ম-বৰ্ণ-নিবিৰ্শেষে সমঅধিকাৰে সোণালী ভাৰত গঢ়ি তুলিব। কিন্তু স্বাধীনতা সময়ত ভাৰতবাসীয়ে যি আশা কৰিছিল,সেয়া এতিয়া ইতিহাস হ'ল। জনসাধাৰণৰ সমস্যা শেষ হোৱাৰ সলনি দিনে দেশত, সমাজত নতুন নতুন সমস্যাই গা কৰি উঠিবলৈ ল'লে।বাক স্বাধীনতাত বাধা আহিল, জনসাধাৰণে নিজৰ মতে জীয়াই থকাৰ অধিকাৰ হেৰুৱাই পেলাইছে। আমাৰ সমাজৰ চাৰিওফালে এতিয়া হত্যা,হিংসা, দৰিদ্ৰতা, সন্ত্ৰাসবাদ,বলাৎকাৰ, জাতি-জনগোষ্ঠীসমূহৰ মাজত বিদ্বেষ,অৰিয়াঅৰি,বৈষম্যতা,অসমতা,অস্হিৰতা, অসহিষ্ণুতাই বিৰাজ কৰিছে। সেয়েহে আজি বহুতে ভাবে " জাতীয় চৰকাৰৰ অধীনত থকা শাসনতকৈ বৃটিছৰ শাসনেই ভাল আছিল।" আনহাতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল "এই আজাদী ঝুঠা হ্যায়।" এনেধৰণৰ বাক্য বিলাকৰ পৰাই অনুমান কৰিব পাৰি বৃটিছৰ শাসন গ'লেও কিন্তু বৃটিছে দি যোৱা আদৱ-কায়দাক দেশৰ সৰহ সংখ্যক জনপ্ৰতিনিধিয়ে পৰৰ্বতী সময়ত গ্ৰহণ কৰাৰ কাৰণেই আজিও দেশত ডাল-দৰিদ্ৰৰ সংখ্যা কম হোৱা নাই। তাৰ পিছতো প্ৰতিবছৰে ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস দেশৰ প্ৰান্তে প্ৰান্তে জাকজমক তথা ধুমধুমাৰে উদযাপিত কৰা হয়। বৃটিছৰ বিৰুদ্ধে যুঁজ দি দেশৰ কাৰণে আত্মবলিদান দিয়া মহান ব্যক্তিসকলক সোঁৱৰে। কিন্তু তাৰ মাজতো সৰহসংখ্যক নাগৰিকে অন্ন, বস্ত্ৰ, আশ্ৰয়ৰ কাৰণে হাহাকাৰ কৰি আছে সেয়া প্ৰকৃত হিচাপ কোনোবাই ৰাখেনে? সঁচাকৈয়ে জানো আজি দেশবাসীয়ে প্ৰকৃত স্বাধীনতা, অধিকাৰৰ সোৱাদ ল'ব পাৰিছে। বৃটিছৰ শাসনৰ পৰা স্বাধীনতা পোৱাৰ পিছত ভাৰতীয় সকলে আশা কৰিছিল ব্যক্তি- স্বাধীনতা,বাক- স্বাধীনতা, মৌলিক অধিকাৰ সকলোৱে সম পৰিমাণে লাভ কৰিব। শিক্ষা, আৰ্থসামাজিক, সামাজিক, ৰাজনৈতিক ক্ষেত্ৰত দেশৰ নাগৰিকৰ সম অধিকাৰ থাকিব।  বৰ্তমানৰ প্ৰেক্ষাপটত সেয়া হৈছে নে? 
  জাতি পিতা মহাত্মা গান্ধীয়ে সত্য, অহিংসা, কৰ্মৰ সাধনাৰে ভাৰতীয় সমাজখন প্ৰতিষ্ঠা হোৱাতো বিচাৰিছিল। প্ৰত্যেকজন ভাৰতীয় মনত দেশপ্ৰেম,জাতীয়তাবোধ উদয় হোৱাতো কামনা কৰিছিল। কিন্তু আজি কিমানজনৰ মনত তেনে ভাৱৰ উদয় হয়।যিজন মহাপুৰুষে দেহেকেহে খাটি দেশৰ স্বাধীনতা আনিছিল,সেইজনকে আজি এচামে কাঠগঢ়াত তোলে, জনপ্ৰতিনিধিয়ে উপলুঙা কৰে। এতিয়া আমাৰ সমাজত অহিংসা, সত্য,সততাৰ মূল্য নাই। যিমানেই হিংসাৰে আগুৱাব পাৰে, সিমানেই উন্নতি হয়, সমাজত আগস্থান পায়। বৰ্তমান সংসদ, বিধানসভালৈ নিৰ্বাচিত হোৱা কিমানজন জনপ্ৰতিনিধি সৎ আৰু নিকা। সৰহসংখ্যকেই দেখোন বিভিন্ন অপৰাধত অভিযুক্ত। অথচ সেইসকলেই ভাৰতবাসীৰ কাৰণে আইন প্ৰণয়ন কৰাৰ অধিকাৰ লাভ কৰে, জনসাধাৰণক পৰিচালিত কৰে।
   আনহাতে, অসমৰ পটভূমিলৈ চালে দেখা যায় যে পূৰ্বৰে পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চল স্বাধীন আছিল।মহাপ্ৰতাপী মোগলে সোতৰ বাৰ অসম আক্ৰমণ কৰিও নিজৰ অধীন কৰিব পৰা নাছিল। গোটেই ভাৰতবৰ্ষ বৃটিছে শাসন কৰা বহু বছৰৰ পিছতহে ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম বৃটিছৰ অধীনলৈ গৈছিল। সেয়েহে মহাত্মা গান্ধীৰ আদৰ্শৰে পৰিচালিত হৈ বৃটিছক খেদিবলৈ ভাৰতীয়ৰ লগতে অসমীয়াসকলেও সংগ্ৰামত নামিছিল। পৰিণতিত ভাৰতৰ লগতে অসমেও ১৯৪৭  চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিল। দেশত নতুন আইন হ'ল আৰু অসম ভাৰতৰ অংগৰাজ্য হ'ল। কিন্তু অসমে পালে কি? বাস্তৱিকতে কবলৈ গ'লে অসমত সকলো আছে।চাহ, মৰাপাট,কাঠ, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, অসংখ্য বনস্পতি,বনজ সম্পদ, এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত অসম। তদুপৰি ঐতিহাসিক কৃতিচিহ্নয়ে ভৰি আছে অসম। অথচ আজি আঠসত্তৰ বছৰৰ পিছতো অসম পদে পদে লাঞ্চিত-বঞ্চিত। আজিও দেশৰ আন আন ৰাজ্যৰ লগত অসম ফেৰ মাৰিব পৰা নাই। কাৰণ কেন্দ্ৰ চৰকাৰে সদায়ে অসমক কেৰাহি চকুৰে চাই আহিছে। অসমৰ আপুৰুগীয়া সম্পদ সমূহৰ ওপৰতেহে যেন কেন্দ্ৰ চৰকাৰৰ চকু। সেইকাৰণেই অসমত জন্ম হ'বলৈ পাইছিল নিষিদ্ধ সংগঠন আলফা বা অন্য বিদ্ৰোহী সংগঠনসমূহ।সেই সংগঠনসমূহ মষিমূৰ কৰাৰ উদ্দেশ্যেই ভাৰত চৰকাৰে সৈন্যবাহিনী নমাইছিল। সৈন্যবাহিনীয়ে নিষিদ্ধ সংগঠনৰ নেতাই, সদস্যক বিচৰাৰ নামত এসময়ত সাধাৰণ জনতাৰ ওপৰতো কত অত্যাচাৰ -উৎপীয়ন কৰিলে। তাৰপিছত আহিল গুপ্তহত্যা।এক অৰাজকতাৰ পৰিৱেশ। চাৰিওফালে ভয়,শংকা। আজিও অসমৰ চৌদিশে অস্হিৰতা, অসহিষ্ণুতা, হত্যা, হিংসা,গোষ্ঠীগত সংঘৰ্ষ,জাতি-ধৰ্মৰ নামত ভেদাভেদ। আনহাতে বিভিন্ন সময়ত হৈ‌থকা প্ৰাকৃতিক দুৰ্যোগ সমূহ আছেই। সম্প্ৰতি অসমীয়াই নিজৰ অধিকাৰ,প্ৰাপ্য,সমতা, ন্যায় বিচাৰি প্ৰতিদিনাই আন্দোলন,সমদল, প্ৰতিবাদ,ধৰ্ণা আদি কৰি থাকিবলগীয়া হৈছে। স্বাধীন মনেৰে কিবা এটা লিখা বা কোৱা অধিকাৰো হেৰুৱাই পেলাইছে।চৰকাৰৰ বিৰুদ্ধে কিবা এটা ক'লেও বৃটিছৰ দৰেই জেইললৈ নিক্ষেপ কৰে। তেনেহ'লে ২৫ আগষ্টত ধুমধামেৰে স্বাধীনতা দিৱস উদযাপন কৰাৰ অৰ্থ থাকিল কত? কোৱা হয় ভাৰতবৰ্ষ বিশ্ব বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ। কিন্তু পাঁচ বছৰৰ মূৰে মূৰে হোৱা নিৰ্বাচনত জনসাধাৰণে মুক্ত মনেৰে অংশগ্ৰহণ কৰিব পাৰিছে নে? বৰ্তমান সময়ত নিৰ্বাচনবোৰত আমি দেখা পাওঁ ভয়-ভাবুকি দি জনসাধাৰণৰ পৰা ভোট সংগ্ৰহ কৰা,ভোটাৰক বিভিন্ন প্ৰলোভন দিয়া।তাৰ পিছতো যিসকল জনপ্ৰতিনিধি নিৰ্বাচিত হৈ সংসদ, বিধানসভালৈ যায়,সেইসকলে প্ৰথমে নিজলৈ চাই,কেইবা পুৰুষলৈ খাবৰ পৰাকৈ ধন-সম্পত্তি গোটাই লয়। জনসাধাৰণৰ দুখ-দুৰ্দশা, সমস্যাসমূহ গুৰুত্ব দিয়াৰ প্ৰয়োজনবোধ নকৰে। তেনেহলে আমি কেনেকৈ এখন স্বাধীন দেশৰ নাগৰিক হলো। সেই বৃটিছৰ দিনৰ পৰাধীনতাকে জানো এতিয়াও আমি সাৱটি থকা নাই। অৱশ্যে এতিয়া আমাক আমাৰ জাতীয় চৰকাৰে, নিৰ্বাচিত জনপ্ৰতিনিধিয়ে পৰাধীনতাৰ শিকলিৰ পিন্ধাইছে। সম্প্ৰতি গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমি হলো একো একোটা ভোটৰ মেচিন ,যি মেছিন নিৰ্বাচনৰ সময়ত প্ৰয়োজন হয়।

সেয়েহে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এই বিষয়বোৰ উলাই কৰিব নোৱাৰাৰ কাৰণেই আলোচনা কৰা হ’ল।১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপনৰ নামত সমগ্ৰ দেশৰ লগতে অসমতো পাৰ হ’ব ৰংচঙীয়া, ক্ষন্তেকীয়া আনন্দৰ এটা দিন। কিন্তু তাৰ আঁৰত থাকিব হাজাৰজনৰ হুঁমনিয়া,দুখ-বেদনা।সেইখিনি অন্ত পেলাব পাৰিলেহে প্ৰকৃত অৰ্থত ৰংচঙীয়া স্বাধীনতা দিৱস উদযাপন কৰাৰ মান্যতা থাকিব।সেইদিনটোলৈ প্ৰত্যেক জন ভাৰতীয় নাগৰিক অপেক্ষাৰত।

Leave a comment

Your email address will not be published. Required fields are marked *