আহোমলেণ্ড কিয় লাগে
ৰেখা বৰগোহাঁই
আজি কিছুদিনৰ পৰা অসমত অন্যান্য বহু চৰ্চিত বিষয়সমূহৰ ভিতৰত আৰু এটা বিষয়ে চৰ্চা লাভ কৰিছে। সেইটো বিষয় হৈছে "আহোম লেণ্ড "। কেইজনমান আহোম সংগঠনৰ নেতাই এই বিষয়টো উত্থাপন কৰিছে আৰু বৰ্তমান ই চৰ্চিত বিষয় হৈ পৰিছে।১২২৮ খ্ৰীষ্টাব্দত চাওলুং চুকাফাই যেতিয়া সৌমাৰত প্ৰৱেশ কৰিছিল তেতিয়া সেই ভূ-খণ্ডত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে সৰু সৰু ৰাজ্য গঠন কৰি আছিল। কিন্তু চাওলুং চুকাফাই সেই সকলো জনগোষ্ঠীৰ মনোভাৱ তথা আওভাও বুজি দূৰদৰ্শিতা, বিচক্ষণতাৰে সকলোকে একত্ৰিত কৰি অসম বা অসমীয়া জাতিৰ বৰভেটি গঢ়িছিল। যোগ্যতা অনুসৰি সকলো জাতি,ধৰ্ম লোককে বিষয়বাব দিছিল।আনকি বহু জনগোষ্ঠীৰ লোকক নিজৰ জাতলৈও তুলি লৈছিল। চাওলুং চুকাফাই গঢ়ি যোৱা সমন্বয়ৰ ভেটিটোতে পৰৱৰ্তী স্বৰ্গদেউসকলে শাসনভাৰ হাতত লৈ ছশ বছৰ ৰাজত্ব কৰিছিল।
আহোমসকলে সমগ্ৰ অসমতে শাসন কৰিছিল যদিও বিশেষকৈ উজনি অসমত তেওঁলোকৰ প্ৰভাৱ বেছি আছিল। কাৰণ উজনি অসমতে তেওঁলোকে ৰাজধানী পাতিছিল। সেয়েহে উজনি অসমতে তেওঁলোকে বসবাসও কৰিছিল। বৰ্তমান শিৱসাগৰ, যোৰহাট, গোলাঘাট, চৰাইদেউ, ডিব্ৰুগড়, লক্ষীমপুৰ, ধেমাজি, তিনিচুকীয়াত সৰহসংখ্যক আহোম লোকে বসবাস কৰে। গুৱাহাটী মহানগৰকে ধৰি অসমৰ বিভিন্ন জিলাত আৰু অৰুণাচল প্ৰদেশৰ লোহিত জিলাতো কম-বেছি পৰিমাণে আহোম সম্প্ৰদায়ৰ লোকে বসবাস কৰি আছে।
ৰাজহাড় পোন কৰি যিটো জাতিয়ে ছশ বছৰ ৰাজত্ব কৰি বিশ্ব বুৰঞ্জীতে নাম লিখি যাবলৈ সক্ষম হৈছে, সেই জাতিৰ বৰ্তমান ৰাজহাড় হাউলি পৰা উপক্ৰম হৈছে।শৌৰ্য-বীয্য-ঐতিহ্যৰে সমৃদ্ধিশালী টাই আহোম জাতিটো আজি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। ৰাজনৈতিক -অৰ্থনৈতিক, সামাজিক -সাংস্কৃতিক আদি কৰি সকলো দিশতে কিমান যে সমস্যা।এই সমস্যাখিনি সমাধান কৰাৰ উদ্দেশ্যেই ১৮৯৩ চনতে আহোম সভা জন্ম হৈছিল। তেতিয়াৰে পৰা আহোম সভাই আহোম সকলৰ মূল সমস্যাসমূহ সমাধানৰ কাৰণে লাগি আহিছে যদিও আজিও তিলমানো সমাধান হোৱা নাই। তাৰ পিছত আহোম জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি বহুকেইটা সংগঠনৰ জন্ম হ'ল হয়তু বৰ্তমান অসমত আহোম জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা সংগঠনৰ সংখ্যাই বেছি। কিন্তু সঁচা অৰ্থত আহোম সকলৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহ সমাধা কৰাৰ কাৰণে সংগঠনকেইটাই কাম কৰিছে নে? যদি কৰিছে তেনেহ'লে বৰ্তমান আহোম জনগোষ্ঠীটো এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত কিয়? সকলোবোৰ দিশতে জনগোষ্ঠীটো নিশকতীয়া কিয়? ছশ বছৰ ৰাজত্ব কৰা এটা জাতি,তাতে এখন ৰাজ্য আৰু এটা জাতি গঢ়া ৰাজকীয় জাতি আজি কোনটো পৰ্যায়ত থাকিব লাগিছিল, অথচ আজি আছে কোনটো পৰ্যায়ত।
ছশ বছৰ ৰাজত্ব সময়চোৱাত অসমৰ ইমূৰৰপৰা সিমূৰলৈ আহোম সকলে অজস্ৰ কীৰ্তিচিহ্ন, স্থাপত্য-ভাস্কৰ্য আদি নিৰ্মাণ কৰিছিল।সেই বিলাকে আহোম সকল যে এটা সমৃদ্ধিশালী জাতি আছিল তাকে প্ৰমাণ কৰে।কালৰ কোবাল গতিত তাৰে বহুখিনি কীৰ্তিচিহ্ন, স্থাপত্য-ভাস্কৰ্য নিঃশেষ হৈ গ'ল। যিখিনি বৰ্তমান বাচি আছে সেইখিনি প্ৰকৃত সংৰক্ষণ, ৰক্ষণাবেক্ষণ দিয়াৰ কথা সংগঠনসমূহে চিন্তা কৰিছে নে? চীনৰ প্ৰাচীৰ সদৃশ চামধৰা গড় আজি বেদখলীৰ কবলত,মিছৰৰ পিৰামিড সদৃশ মৈদামসমূহ, সাগৰ সদৃশ সাতটাকৈ পুখুৰী -এইবিলাকৰ প্ৰতি সঁচাকৈয়ে চকু -কাণ দিয়ে নে?
যিটো জাতি এটা কৰ্মঠ আৰু সবল জাতি আছিল বুলি আমাক সোঁৱৰাই আছে, অথচ আজি সেই জাতি একেবাৰে নিশকতীয়া হৈ পৰিল। অৰ্থাৎ অৰ্থনৈতিক দিশত আহোম জনগোষ্ঠীটোৰ কঁকাল ভাগিল।আজি আহোম জনগোষ্ঠীটোৰ সৰহসংখ্যক লোকেই কৃষিকৰ্ম কৰিবলৈ এৰিলে, পৰিশ্ৰম কৰিবলৈ এৰিলে। সেয়েহে জনগোষ্ঠীটোৰ প্ৰায়সংখ্যক লোকেই আনৰ ওচৰত হাত পাতিবলগীয়া অৱস্থা এটা হৈছে। অথচ কোনটো সংগঠনে জনগোষ্ঠীটোৰ সজাগ আৰু সচেতন কৰি তুলিবলৈ চেষ্টা কৰিছে। আনহাতে মদে বহু লোকক তিল তিলকৈ মৃত্যু মুখলৈ লৈ গৈছে।তাতো যেন সংগঠনসমূহৰ কৰিবলগীয়া একো নাই। ইপিনে যোৱা চৌবিশ -পঁচিশ বছৰে জনগোষ্ঠীটোৰ জনজাতিকৰণৰ বিষয়টো ওলমিয়েই আছে। ছশ বছৰ ৰাজত্ব কৰা আহোম সকলে জনজাতিৰ মৰ্য্যদা পাবলৈও হাহাকাৰ কৰিবলগীয়া হৈছে। কাৰণ যিটো জনগোষ্ঠীৰ বহুকেইটা সংগঠন আছে যদিও সকলোৱে একেলগে বিষয়টোত জোৰ দিয়া নাই। সকলোৱে গাইগুটীয়াকৈ বিষয়টোত এৰাধৰাকৈ লাগি আছে। কিন্তু সেয়াও যে আন্তৰিকতাৰে কৰিছে তাতো সন্দেহ আছে। কাৰণ আন্তৰিকতাৰে কৰা হ'লে বিষয়টোয়ে কিবা এটা গতি ল'লে হেঁতেন। আমি সদায়ে দেখি আহিছোঁ নিৰ্বাচন অহাৰ আগে আগে বিষয়টোৱে উকমুকনি দিয়ে, চৰকাৰৰ লগত নেতাসকলে আলোচনাত বহে ,ধৰ্ণা দিয়ে বা হুংকাৰ দিয়ে,তাৰ পাছত বিষয়টো তাপ মাৰে । সেই চক্ৰটোত কি ৰহস্য সোমাই থাকে সেয়া সৰ্বসাধাৰণ লোকে বুজি পোৱাতো কঠিন হৈ পৰে। সঁচাকৈয়ে যদি আহোম জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধান হোৱাতো সংগঠনসমূহে বিচাৰে তেনে হ'লে একেলগে সজোৰে চৰকাৰৰ ওচৰত উত্থাপন কৰা নাই কিয়? তাৰ পৰিৱৰ্তে প্ৰত্যেকটো সংগঠনে নিজৰ নিজৰ নাম হোৱাৰ কাৰণেহে যেন কাম কৰিছে। লগতে নেতাসকলে ব্যক্তিগত লাভালাভ বা চৰকাৰী মুনাফা আদায়ৰ কাৰণেহে যেন সংগঠনসমূহ থকা দৰে লাগে।
ইমানবোৰ সমস্যাৰে আহোম জনগোষ্ঠীটো ভাৰাক্ৰান্ত হৈ থকাৰ সময়তে এটা সংগঠনৰ নেতাই আহোম লেণ্ড লাগে বুলি ধৰ্ণা দিছে, প্ৰতিবাদ কৰিছে। আহোম লেণ্ডৰ মেপো প্ৰদৰ্শন কৰিছে।এনে এটা গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ বিষয় উত্থাপন কৰোতে জনগোষ্ঠীৰ জেষ্ঠ্য জনৰ, সন্মানীয় জনৰ, বিশিষ্ট লোকসকলৰ বা আন আন সংগঠনসমূহৰ পৰামৰ্শ লৈছে নে? এই সম্পৰ্কে আলোচনা হৈছে নে?
আহোম লেণ্ড বুলি যিখিনি অঞ্চল অন্তৰ্গত কৰিছে সেই অঞ্চলসমূহত অন্যান্য জনগোষ্ঠীসমূহো বাস কৰে, তেওঁলোকৰ লগত আলোচনা হৈছে নে? কেৱল কেইজনমান আহোম নেতাই আহোম লেণ্ড দাবী কৰাৰ ফলত অন্যান্য জনগোষ্ঠীসমূহৰ লগত সংঘাত নাহিব নে? তদুপৰি চাওলুং চুকাফাই যি আদৰ্শৰে তথা সকলোকে সামৰি একতাৰ ডোলেৰে যিখন অসম গঢ়িছিল, সেইখন অসম টুকুৰা টুকুৰ হৈ যোৱাত অৰিহণা নোযোগাবনে? আজি অতদিনে আহোম সকলৰ প্ৰতি এটা ধাৰণা আছিল যে আহোম সকলে সমন্বয়ক গুৰুত্ব দিয়ে , সেই ধাৰণাও শেষ হৈ নাযাব নে? গতিকে এনেবোৰ সম্ভাৱ্য বিষয়বোৰ চালি জাৰি চোৱাতো উচিত।
শেষত ইয়াকে কব বিচাৰোঁ_ _ টাই আহোম সকলে সদায়েই অন্যান্য জনগোষ্ঠীসমূহৰ লগত সমিলমিলেৰে তথা সহযোগেৰে বসবাস কৰি আহিছে। গতিকে যৌথ সংগ্ৰামৰ আদৰ্শকে টাই আহোম সকলে বিশ্বাস কৰে, সেই বিশ্বাস সকলোৱে বজাই ৰখাতো জৰুৰী। অস্তিত্ব ৰক্ষা কৰাৰ স্বাৰ্থত অনাগত দিনত সকলো একত্ৰিত হওক, তেতিয়াহে আহোম জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধান হ’ব। নহ’লে আহোম লেণ্ডৰ দাবীয়ে সংঘাতৰ বাটহে মুকলি কৰিব। যিটো প্ৰতিজন আহোম জনগোষ্ঠীৰ লোকে কামনা নকৰে।