হিন্দুৰ বধ্যভূমিত পৰিণত বাংলাদেশ
বাংলাদেশত অব্যাহত আছে হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণ। মৌলবাদীৰ সমৰ্থকসকলে বাংলাদেশত থকা সংখ্যালঘু হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টানসকলৰ ওপৰত চলাইছে ইটোৰ পিছত সিটো আক্ৰমণ। ইজনৰ পাছত সিজন হিন্দু ধৰ্মৰ লোকক নিৰ্মমভাৱে হত্যা কৰিও ক্ষান্ত হোৱা নাই বাংলাদেশৰ মৌলবাদীসকল।
পুনৰ আন এগৰাকী হিন্দু লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছে বাংলাদেশত। বাংলাদেশৰ যশোৰ জিলাৰ মণিৰামপুৰত দিনৰ পোহৰতে গুলীয়াই হত্যা ৪৫ বছৰীয়া এজন সাংবাদিকক। সাংবাদিক ৰাণাপ্ৰতাপ বৈৰাগীক নিৰ্মমভাৱে হত্যা।
সন্মুখত বাংলাদেশৰ সাধাৰণ নিৰ্বাচন। দেশখনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু হিন্দুসকলৰ নিৰাপত্তাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ। কিয়নো ১ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰী পৰ্যন্ত প্ৰায় এটা মাহতে বাংলাদেশত হত্যা কৰা হৈছে ১৬ জনকৈ হিন্দু লোকক। ইয়াৰ উপৰিও নিৰ্যাতিত হৈছে বহু সংখ্যালঘু হিন্দু লোক।
২০২৫ বৰ্ষৰ ১ ডিচেম্বৰত বাংলাদেশত হত্যা কৰিছিল দিলীপ বৰ্মনক। ৩ ডিচেম্বৰত হত্যা প্ৰান্তোষ কৰ্মকাৰক, ৬ ডিচেম্বৰত হত্যা উৎপল সৰকাৰক , ৭ ডিচেম্বৰত হত্যা যোগেশ চন্দ্ৰ ৰয়, সুবৰ্ণ ৰয়, ১২ ডিচেম্বৰত হত্যা ৰিপণ কুমাৰ সৰকাৰক, ১৬ ডিচেম্বৰত প্ৰতাপ আৰু স্বাধীন নামৰ দুজনক কৰা হৈছিল হত্যা । ১৮ ডিচেম্বৰত বৰ্বৰভাৱে হত্যা দিপু দাসক, ২৪ ডিচেম্বৰত হত্যা অমৃত মণ্ডলক, ২৯ ডিচেম্বৰত হত্যা পিণ্টু আকন্দক, ৩০ ডিচেম্বৰত হত্যা বাজিন্দ্ৰ বিশ্বাসক। ৩১ ডিচেম্বৰত বৰ্বৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা খোকন চন্দ্ৰ দাসৰ চিকিৎসাধীন অৱস্থাত মৃত্যু। আৰু ২০২৬ বৰ্ষৰ ৫ জানুৱাৰীত হত্যা সাংবাদিক ৰাণা প্ৰতাপ বৈৰাগী আৰু ব্যৱসায়ীক মণি চক্ৰৱৰ্তীক।
উল্লেখ্য যে, দিপু দাসক বৰ্বৰভাৱে অত্যাচাৰ কৰাৰ ভিডিঅ’ সামজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই পোহৰলৈ আহিছিল বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত চলি থকা বৰ্বৰ আক্ৰমণৰ ভয়াৱহ ছবি। এই ঘটনাৰ পাছতে সংখ্যালঘু হিন্দুসকলৰ ওপৰত চলি থকা বৰ্বৰ আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া অব্যাহত আছে যদিও ক্ষান্ত হোৱা নাই বাংলাদেশৰ মৌলবাদীৰ সমৰ্থকসকল।








































































