সামাজিক মাধ্যমত সাহিত্য চৰ্চা আৰু আমাৰ দায়বদ্ধতা

ৰেখা বৰগোহাঁই

আচলতে সামাজিক মাধ্যমনো কি? সামাজিক মাধ্যম এনে এটা প্রযুক্তি, যিয়ে ব্যৱহাৰকাৰী সকলৰ মাজত মত বিনিময়, ধাৰণা বা অন্যান্য তথ্য আদি ভাগ-বতৰা কৰাত সুবিধা দিয়ে। অর্থাৎ ই গোটেই পৃথিৱীখন সৰু কৰি পেলোৱাৰ এক নেটৱৰ্ক আৰু যোগাযোগৰ মাধ্যম। সামাজিক মাধ্যম বিশ্বত বহুকেইটা আছে। তাৰে ভিতৰত উল্লেখযোগ্য তথা সকলোৰে চিনাকী ফেচবুক, টুইটাৰ, হোৱাটছএপ্, ইনষ্টাগ্রাম, ইউ টিউব, গুগল আদি। ফেচবুক সঁচা অর্থতে সামাজিক মাধ্যম। কাৰণ ইয়াৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ফটো আৰু ভিডিঅ’ আদান-প্রদান কৰিব পাৰে, খবৰ-খাতি ল’ব পাৰে আৰু বন্ধু, পৰিয়াল পৰিজনৰ লগত যোগাযোগ ৰাখিব পাৰে। তদুপৰি ফেচবুক বর্তমান সাহিত্য চর্চাৰো মাধ্যম হৈ পৰিছে। তাৰ বাবে ফেচবুকে সমগ্র বিশ্বৰ ১৪২ টা ভাষাক সমর্থন কৰিছে। তাবে ভিতৰত আমাৰ মৰমৰ অসমীয়া ভাষাটোও আছে। ফলত, আজি আমি অসমীয়া ভাষাতে লিখা-মেলা কৰিব পাৰিছো। বর্তমান ফেচবুকত ব্যক্তিগতভাবেই হওক বা গোটৰ মজিয়াত বহুতে সাহিত্য চর্চা কৰা দেখা গৈছে। বিভিন্ন বিষয়ৰ ওপৰত চর্চা বা তথ্য যোগান ধৰিবলৈ ফেচবুকত যিদৰে বহু গোট আছে, ঠিক তেনেদৰেই সাহিত্য চর্চা, কবিতা চৰ্চাৰ বাবেও বহুবোৰ গোট আছে। ই এক শুভ লক্ষণ বুলিয়েই ক’ব পাৰে। তদুপৰি ক’ভিডৰ সময়ত বহু লিখা-মেলা নকৰা লোকেও এই গোটবোৰৰ মজিয়াত লিখিবলৈ আৰম্ভ কৰিছিল আৰু তাৰে বহুতে সফলতাও অর্জন কৰিছে। ফলত ফেচবুক বা সামাজিক মাধ্যমত সাহিত্য চর্চা কৰাৰ ফলত অসমীয়া ভাষাটোও চর্চা হৈছে। যি সময়ত অসমীয়া ভাষাটো সংকটৰ গৰাহত বুলি সকলো লোকেই শংকা প্রকাশ কৰি আহিছে, তেনে সময়তে এনে এটা পদক্ষেপ অসমীয়া ভাষাটোৰ বাবে শুভ ইংগিত। যদিও অসমীয়া ভাষাটো ইতিমধ্যেই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভকৰিছে তথাপি ভাষাটো সংকট মুক্ত নহয়।

ফেচবুক বা সামাজিক মাধ্যমত সাহিত্য চর্চা কৰাৰ যিদৰে অসমীয়া ভাষাটোৰ কাৰণে ইতিবাচক দিশ আছে, ঠিক তেনেদৰে বহু নেতিবাচক দিশো আছে। যেনে- বাতৰি কাকত বা আলোচনী আদিত সম্পাদনা কক্ষ আছে। য’ত প্রকাশ কৰিবলগীয়া লিখনি মানদণ্ড পৰীক্ষা কৰা হয় আৰু উপযুক্ত লিখনি প্রকাশৰ দিহা কৰা হয়। তেনেদৰে কিন্তু সামাজিক মাধ্যমৰ সাহিত্য চর্চা গোটসমূহৰ সম্পাদনা কক্ষ নাই তদুপৰি ব্যক্তিগত প্রফাইলতো নিজৰ ইচ্ছাৰ মতেই লিখি তৎক্ষণাতে প্ৰচাৰ কৰে। ক’বলৈ গ’লে যিয়ে যেনেকৈ পাৰে কিবা এটা লিখি ফেচবুকত প্ৰচাৰ কৰিছে আৰু কেইমুহূৰ্তমানৰ ভিতৰতে গোটেই পৃথিৱীতে লিখনিটো বিয়পি পৰিছে। তাৰ লগে লগেই হয়তু এক চেকেণ্ডো প্রয়োজন নহয় আন এজনে লিখনিটো ভাল লাগিছে বুলি লিখিবলৈ বা লাইক কৰিবলৈ। লগতে সুন্দৰ সুন্দৰ মন্তব্য দিবলৈও সকলো সাজু হৈ থাকে। কিন্তু এইবিলাক ফেচবুকত দিয়াৰ আগতে এবাৰো ভাবি চোৱা নহয় লিখনিটো কিমান মানসম্পন্ন বা তথ্যভিত্তিক। বিশেষকৈ সামাজিক মাধ্যমত প্রকাশিত প্ৰায়বোৰ কবিতা পঢ়িলে ভাব হয় সেইবিলাক সঁচাকৈ কবিতাই নে? কেইটামান টান টান শব্দ বা অমিল শব্দ সংযোজন কৰি দি কবিতা বুলি ক’লেই সেয়া কবিতা হ’ব নে? তেনেধৰণৰ শব্দ গাঁথনিকে ফেচবুকত দি এচামে নিজকে কবি বুলি বাঃ বাঃ ল’ব বিচাৰে আৰু সেইসকলে বর্তমান অসমত কবি বুলি দপদপাই আছে, কবিতা পুথি প্রকাশ কৰিছে বা কবি সম্মিলন বিলাকত বিশিষ্ট কবি হিচাপে অংশগ্রহণ কৰিছে। আচলতে খুব সহজতে কিবা এটা পোৱাৰ আশাত সেইসকল বন্দী হৈ পৰিছে। তেওঁলোকে কবিতাৰ সম্পৰ্কত গভীৰ চৰ্চা বা অধ্যয়ন কৰিব নিবিচাৰে। আনহাতে অসমীয়া ভাষাত লিখিবলৈ গৈ এচামে সামাজিক মাধ্যমত বাৰে পাচি ভুল কৰে অসমীয়া ভাষাটো সাৱলীল আৰু শুদ্ধ ৰূপত লিখিবলৈ তেওঁলোক অপাৰগ। ফলত অসমীয়া ভাষাটোৰ মৰ্যাদা হানি হৈছে। গতিকে সামাজিক মাধ্যমত সাহিত্য চর্চা কৰাসকল যথেষ্ট সচেতন আৰু মনোযোগী হ’ব লাগিব। লগতে লাগিব গভীৰ অধ্যয়ন মাথো কেইটামান শব্দ লগ লগালেই কবিতা নহয় বা কেইশাৰীমান বাক্য লিখিলেই প্রবন্ধ নহয়। আজি ভাষা সংকটৰ সময়ত অসমীয়া ভাষাটো শুদ্ধ ৰূপত তুলি ধৰিব পাৰিলেহে বিশ্বৰ দৰবাৰত মুৰ তুলি আমি জীয়াই থাকিম লগতে ধ্রুপদী ভাষাৰ মৰ্যদা অক্ষুন্ন থাকিব।।

Leave a comment

Your email address will not be published. Required fields are marked *