সন্দেহ বৈবাহিক জীৱনৰ বৰবিহ

ৰেখা বৰগোহাঁই

আমাৰ সমাজৰ সকলোবিলাক সম্পৰ্কৰ স্বামী-স্ত্ৰীৰ সম্পৰ্কটোৱে হ’ল আটাইতকৈ স্পৰ্শকাতৰ, ঠুনুকা আৰু সংবেদনশীল। এইটো সম্পৰ্কত এডাল সূতাৰ সমানো ব্যৱধান নাথাকে। মাথোঁ থাকে দুটা ভিন্ন শৰীৰৰ হ’লেও দুটা মন এক হৈ জীৱনৰ সকলো সময়তে আগবাঢ়ি যোৱাৰ সংকল্প। স্বামী-স্ত্ৰীৰ সম্পৰ্ক ইমানেই গভীৰ যে হাজাৰ কালধুমুহা আহিলেও ভাঙি-ছিঙি নাযায়, অথচ কেতিয়াবা ই ইমানেই ঠুনুকা হৈ পৰে যে সাধাৰণ যেন লগা কথাতেই এই সম্পৰ্ক ভাগি যোৱাৰ উপক্রম হয় বা ভাগি যায়। তেতিয়া হৃদয়ত মৰম-চেনেহেৰে ভৰি থাকিলেও এটা অহংবোধৰ কাৰণে একেলগ হোৱাতো টান হৈ পৰে। সেয়েহে খুব সাৱধানেৰে এই সম্পৰ্কক বান্ধি ৰাখিবলৈ স্বামী-স্ত্রী দুয়োজনে যত্নপৰ হ’ব লাগিব।

অকল বিশ্বাস আৰু বুজাবুজিৰে বৈবাহিক সম্পর্ক এটা সুখময়, মধুময় কৰি তুলিব পাৰি। দুটা ভিন্ন পৰিৱেশৰ পৰা আহি এজন পুৰুষ আৰু এগৰাকী নাৰীয়ে যেতিয়া যুগ্ম জীৱনৰ পাতনি মেলে তেতিয়াৰ পৰাই বিশ্বাস আৰু বুজাবুজিক অমোঘ মন্ত্ৰৰ দৰে প্রতিদিনেই আঁকোৱালি লৈ আগবাঢ়িব পাৰিলেহে সেই সংসাৰ স্বৰ্গৰ দৰে হৈ পৰিব।

গতিকে প্রতি খোজতে স্বামী-স্ত্রীয়ে ইজনে-সিজনক তেনেদৰেই গ্ৰহণ কৰাটো উচিত। একেবাৰে সৰুৰে পৰা আৰম্ভ কৰি ডাঙৰৰো ডাঙৰলৈকে প্ৰতিটো ঘটনা বা কথাক ভাগ-বাটোৱাৰা কৰি তাৰ ভাল-বেয়াখিনি উলিয়াই ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰিব পাৰিলেহে সংসাৰ কৰাৰ অৰ্থ থাকে।

আমি মনত ৰখা উচিত যে প্ৰতিগৰাকী লোকেই ভাল-বেয়া গুণৰ সমষ্টি। সদায় স্বামী-স্ত্রীয়ে ইজনে সিজনৰ বেয়াখিনিক একাষৰীয়া কৰি ভালখিনিৰ উৎকৰ্ষ সাধন কৰাত অহৰহ চেষ্টা কৰিব লাগে। তাকে নকৰি যদি ইজনে সিজনৰ দোষ খুঁচৰি থাকে বা সন্দেহৰ দৃষ্টিভংগীৰে কথাবিলাক গ্রহণ কৰে, তেতিয়াহ’লে তেনে সংসাৰ নৰকসদৃশ হৈ পৰে।বহু সংসাৰত দেখা যায় যে বিবাহৰ আগৰ ঘটনা এটাক বা সম্পর্ক এটাক টানি আনি তর্ক-বিতর্কত লিপ্ত হয় আৰু নিজৰ সংসাৰখন বিষময় কৰি তোলে। তাৰ ফলত স্বামী-স্ত্রীৰে যে অশান্তি হয় তেনে নহয়। অর্থাৎ স্বামী-স্ত্ৰীৰ লগতে সন্তানৰো অশান্তি হয়। গতিকে স্বামী-স্ত্রী দুয়োজনে অতীতক এৰাই চলি বর্তমানক সাৱটি ভৱিষ্যতলৈ আগবাঢ়িবলৈ যত্নপৰ হ’ব লাগে। স্বামী-স্ত্রী দুয়োজনে ইজনে সিজনক ঠাট্টা-মস্কৰা কৰিব নালাগে। ইজনে সিজনৰ আত্মসন্মানক গুৰুত্বসহকাৰে ল’ব লাগে।

বৰ্তমান সময়ত আধুনিকতাৰ প্ৰভাৱ তথা ইণ্টাৰনেটৰ সহজ ব্যৱহাৰৰ ফলত কিছুমান সংসাৰত অবাঞ্ছিত কিছু ঘটনা ঘটিব ধৰিছে। বৈবাহিক বান্ধোনত বান্ধ খাই পৰাৰ পিছতো কেতিয়াবা স্বামী-স্ত্ৰীৰ কোনোবা এজন অবৈধ সম্পৰ্কৰ প্ৰতি আকৰ্ষিত হৈ পৰে। তেনেহ’লে আনজনে শুদ্ধ পথলৈ আনিবলৈ যত্নপৰ হ’ব লাগে। অন্যথা হিতে বিপৰীত হৈ সংসাৰখন ভাঙোনমুখী হয়। সঁচাকৈ যদি সুস্থ-সবল বৈবাহিক সম্পর্ক এটা গঢ়ি তুলিবলৈ আমি বিচাৰোঁ তেনেহ’লে প্ৰতিগৰাকী পুৰুষ-নাৰীয়ে নিজৰ মনটোক সংস্কাৰ কৰি সন্দেহ দূৰতে খেদিব লাগিব। কেতিয়াবা তেনে ভাব পুৰুষ বা নাৰীগৰাকীৰ মনলৈ আহেও, তেনেহ’লে ভাল মানুহৰ সংগত থাকিবলৈ, ভাল কিতাপ পঢ়িবলৈ, ভাল চিনেমা এখন চাবলৈ, বিশ্ববিখ্যাত লোকৰ কাহিনী পঢ়িবলৈ যত্নপৰ হ’ব লাগে। তদুপৰি মুকলি ঠাইত দুহাত মেলি বিশাল আকাশখন চাব লাগে, প্রকৃতিৰ সতে একাত্ম হ’ব লাগে। তেতিয়া দেখিব যে বিশাল আকাশখনে সীমাহীনভাবে, প্রকৃতিয়ে উদাৰভাৱে কাৰো প্ৰতি কপট, সন্দেহ ভাব নোলোৱাকৈ সকলোকে সাৱটি আছে। তেনেহ’লে আমি প্ৰকৃতিৰ এক অংগ হৈ সুস্থ মানসিকতাৰে সন্দেহক দূৰতে ৰাখি আমাৰ সংসাৰখন তথা বৈবাহিক সম্পর্কটোক অধিক দৃঢ়তাৰে জীপাল কৰি ৰাখিব নোৱাৰোঁনে?

Leave a comment

Your email address will not be published. Required fields are marked *