লক্ষাধিক গোচৰে ভৰিছে ৰাজ্যৰ আদালত..নিষ্পত্তি নোহোৱাকৈ আছে ৫৭,০৩৪ গোচৰ

ষ্টাফ ৰিপটাৰ —- ৰাজ্যৰ আদালতসমূহত বিলম্বিত বিচাৰ প্ৰক্ৰিয়াৰ বাবে লক্ষাধিক গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে। গুৱাহাটী উচ্চ ন্যায়ালয়তে নিষ্পত্তি নোহোৱাকৈ আছে প্ৰায় ৫৭,০৩৪ টা গোচৰ। প্ৰকৃততে ৰাজ্যত জনসংখ্যা বৃদ্ধিৰ লগতে দ্ৰুতগতিত বৃদ্ধি হোৱা অপৰাধৰ হাৰে সম্প্ৰতি আদালতসমূহত গোচৰৰ বোজা বৃদ্ধি হোৱাৰ পৰিলক্ষিত হৈছে। ফলত আদালতত অমীমাংসিত তথা নিষ্পত্তি নোহোৱা গোচৰৰ দম বান্ধিছে। পৰিণতিত ন্যায়ৰ আশাত বন্দী হৈ পৰিছে অসংখ্য ভুক্তভোগী।” নেচনেল জুডিচিয়েল ডাটা গ্ৰীষ্ম” ৰ তথ্য অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়তে নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা হৈছে ৫৮,০৩৪ টা। ইয়াৰে দেৱানী গোচৰ ৪২,৭৭৩ টা আৰু ফৌজদাৰী গোচৰ ১৫,২৬১ টা। আনহাতে বিভিন্ন জিলা আদালতত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা ৫,৫১,৩৯২ টা। ইয়াৰে দেৱানী গোচৰ ১,১১৩৩৯ টা আৰু ফৌজদাৰী গোচৰ ৪,৪০,০৫৩ টা। উচ্চ ন্যায়ালয় আৰু জিলা ন্যায়ালয় উভয়তে দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱা গোচৰৰ ভিতৰত দেৱানী গোচৰে বেছি। উচ্চ ন্যায়ালয়ত ৭৯ শতাংশ আৰু জিলা আদালতসমূহত ৫০ শতাংশৰো অধিক গোচৰ তিনিৰ পৰা পাঁচ বছৰলৈকে নিষ্পত্তি নোহোৱাকৈ আছে। ইয়াৰে ৩,৬৭,৪৬৪ টা দণ্ডাধীশৰ আদালতত আৰু ৪৪,৬৪৩ টা সত্ৰ আদালতত থকা গোচৰ।

বৰ্তমান বিভিন্ন আদালতত তৰা ১৯,৯২২খন বিভিন্ন ফৌজদাৰী আবেদন সম্পৰ্কীয় গোচৰো নিষ্পত্তি নোহোৱাকৈ আছে। তথ্য অনুসৰি ন্যায়ালয়ত বছৰি পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা গড়ে প্রায় ৯০ শতাংশ পৰিমাণৰ গোচৰ নিষ্পত্তি কৰা হয়। চলিত বর্ষত এইপর্যন্ত পঞ্জীয়ন হোৱা ২১.৭১৯টা গোচৰৰ বিপৰীতে ২০,৪১৬টা গোচৰ নিষ্পত্তি কৰা হৈছে। ২০২৪ চনত ২৬,৪৫৯টা গোচৰৰ বিপৰীতে ২৫,৫৩৬টা। ২০২৩ চনত ২৮,১৪৭টা গোচৰৰ বিপৰীত ২৬,১৭৪টা, ২০২২ চনত ২৬,৮৮৬টা গোচৰৰ বিপৰীতে ২৪,২৫৭টা আৰু ২০২১ চনত ২২,৩৬৮টা গোচৰৰ বিপৰীতে ১৮,৭৪৬টা গোচৰ নিষ্পত্তি কৰা হৈছিল। জিলা আদালতসমূহত নিষ্পত্তি নোহোৱাকৈ থকা ৫.৫১ সর্বাধিক গোচৰৰ ৬,৬৪০টা দহৰ পৰা ২০ বছৰ পুৰণি। ৪৯,৫৬৫টা গোচৰ পাঁচৰ পৰা দহ বছৰ। ৪৩,৫৬৯টা গোচৰ তিনিৰ পৰা পাঁচ বছৰ, ১,৬১,৯১৯টা গোচৰ একৰ পৰা তিনি বছৰ আৰু ২,৯০,৫০৪টা গোচৰ এবছৰ পুৰণি। জিলা আদালতসমূহৰ নিষ্পত্তিৰ তথা মীমাংসাৰ অপেক্ষাত থকা মুঠ গোচৰৰ ৫২,৮৭৮টা (১০ শতাংশ) গুচৰীয়া মহিলা আৰু ২৫,৭৪৬টা (৫ শতাংশ) গোচৰৰ গুচৰীয়া জ্যেষ্ঠ নাগৰিক। তথ্য মতে, জিলা আদালতসমূহত চলিত বর্ষত এই পর্যন্ত পঞ্জীয়ন হোবা ১-৫৫ লাখ ফৌজদাৰী গোচৰৰ বিপৰীতে ১.০৫ লাখ গোচৰ নিষ্পত্তি কৰা হৈছে। প্রায় ৩৮ হাজাৰ দেৱানী গোচৰৰ বিপৰীতে প্রায় ৩২ হাজাৰ গোচৰ নিষ্পত্তি কৰা হৈছে।

যোৱাটো বছৰত পঞ্জীয়ন হোৱা ২.২৭ লক্ষাধিক ফৌজদাৰী আৰু প্রায় ৪৬ হাজাৰ দেৱানী গোচৰৰ বিপৰীতে ক্রমে ১.৮৫ লক্ষাধিক ফৌজদাৰী গোচৰ আৰু প্ৰায় ৪৩ হাজাৰ দেৱানী গোচৰ নিষ্পত্তি কৰা হৈছে। নেচনেল জুডিচিয়েল ডাটা গ্রীডৰ তথ্যৰ বিশ্লেষণ মতে অভিযুক্তই পলায়ন কৰা বা কৰি থকা বাবে নিম্ন আদালতত সর্বাধিক সংখ্যক, প্রায় ১৬ হাজাৰ ফৌজদাৰী গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছে। সময়মতে গোচৰ নিষ্পত্তি নোহোৱাৰ কেতবোৰ মূল কাৰণ হিচাপে সাক্ষীৰ অভাৱ, সময়মতে সাক্ষী নহা ,শুনানি স্থগিতকৰণ, আদালতত অধিবক্তাৰ অনুপস্থিতি, নথিপত্র সময়মতে সাজু নোহোৱা তথা আদালতলৈ নহা আৰু গুচৰীয়া বা পদকীয়া পক্ষৰ গোচৰ চলাই নিয়াত অনীহা আদি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে আদালতসমূহত নিষ্পত্তি নোহোৱাকৈ পৰি থকা গোচৰৰ বোজা হ্রাস কৰাৰ অৰ্থে উচ্চতম ন্যায়ালয়ে সময়ে সময়ে বিভিন্ন নির্দেশনা জাৰি কৰি থাকে। আনহাতে উচ্চ ন্যায়ালয়েও গোচৰৰ দ্রুত নিষ্পত্তিৰ বাবে ন্যায়াধীশসকললৈ সময়ে সময়ে নীতি-নির্দেশনা জাৰি কৰে। লোক আদালত, মধ্যস্থতাকৰণ আদিৰ জৰিয়তেও গোচৰৰ নিষ্পত্তিৰ ওপৰত উচ্চ ন্যায়ালয়ে গুৰুত্ব আৰোপ কৰিছে।

Leave a comment

Your email address will not be published. Required fields are marked *