লংকালৈ যিয়ে যায় সিয়েই ৰাৱণ হয়

ৰেখা বৰগোহাঁই

অসমীয়াত এষাৰ আপ্তবাক্য আছে যে ‘লংকালৈ যিয়ে যায় সিয়েই ৰাৱণ হয়।’ আজিকালি কিন্তু সঘনাই এই বাক্যশাৰী বিভিন্ন ৰাজনৈতিক নেতা-পালিনেতা আৰু দল-সংগঠনৰ নেতা-পালিনেতাৰ ক্ষেত্ৰত খাপ খাই পৰা দেখা গৈছে। যদি কোনো এজন লোক কোনো ৰাজনৈতিক দলত যোগ দি ৰাজনীতিক হিচাপে স্বীকৃতি পোৱাৰ পাছত সেই লোকজনে নিজৰ ভৰিৰ তলৰ মাটি আৰু মূৰৰ ওপৰৰ আকাশখন চিনি নোপোৱা হৈ পৰে, সমাজত নিজকে এজন বিজ্ঞ ৰূপত তুলি ধৰিবলৈ চেষ্টা কৰে, সমাজ সংস্কাৰৰ সকলো ঠিকা ৰাইজে যেন তেওঁলোককে দিছে তেনেকৈ দেখুৱাবলৈ বিচাৰে। তেতিয়া যি মন যায় তাকেই কৈ দি একোটা বিতৰ্কৰ সূত্রপাত কৰে। তেনে কৰ্ম আৰু সেই বিতর্কই এখন সমাজ বিশৃংখল কৰে। সমাজখন বিপথে পৰিচালিত কৰে। সেইবোৰ কথালৈ নেতাৰ গুৰুত্বই নাথাকে। সহজ-সৰল মানুহখিনিক লৈ ভোটৰ ৰাজনীতি কৰে। সেইসকলৰ আশা-আকাংক্ষাক লৈ হেতালি খেলে। সূতা-কম্বল, মদ-মাংস দি নির্বাচনী বৈতৰণী পাৰ হ’বলৈ টোপ দিয়ে। নিৰ্বাচনৰ সময়ত দুর্গমতকৈ দুর্গম অঞ্চললৈ যাবলৈ ৰাজনীতিকসকলে কুণ্ঠাবোধ নকৰে। ৰ’দে-বৰষুণে বোকাময় ৰাস্তাত গৈ হ’লেও দুর্গম অঞ্চলৰ লোকসকলৰ দুখ-দুর্দশা বুজিবলৈ বিচাৰে। নিৰ্বাচনত জিকাবলৈ কয় আৰু জিকিলেই তেওঁলোকৰ দুখ-দুর্দশা নাইকিয়া কৰিব বুলি প্রতিশ্রুতি দিয়ে। সহজ-সৰল মানুহখিনিয়ে নেতা-পালিনেতাৰ মিঠা মিঠা কথাত ভোেল গৈ নির্বাচনত জিকাই পঠিয়ায়। তাৰ পাছত বিধায়ক-মন্ত্রী হৈ সেই লোকসকলক পাহৰি যায়। কেতিয়াও কোনোদিনে সেইসকলৰ সমস্যা বুজ লোৱাৰ তাগিদা অনুভৱ নকৰে। সেই
দুর্গম অঞ্চলৰ লোকসকল যেনেকৈ আছিল তেনেকৈয়ে থাকি যায়। অৱশ্যে সেইসকলৰ উন্নয়নৰ কাৰণে বাজেটত বিভিন্ন শিতানত ধন আবণ্টিত হয়।

সেই ধনৰ সিংহভাগ মন্ত্ৰী-বিধায়কৰ জেপত সোমায়। ভাল ভাল খাদ্য খাই লোদোৰ-পোদোৰ হৈ পৰে। নিজে থাকিবলৈ অট্টালিকা সাজে। শীত-তাপ নিয়ন্ত্রিত কোঠাত সোমাই জীৱনৰ আমেজ লয়।

আজি দেশ তথা অসম ৰাজ্য বিভিন্ন সমস্যাৰে জৰ্জৰিত। দেশৰ কথাতো বাদ দি অসমৰ চাৰিওফালে ভালদৰে লক্ষ্য কৰিলেই বিভিন্ন সমস্যাৰ কথা জানিব পাৰি। বিচ্ছিন্নতা, বিভেদ, হত্যা-হিংসা, বানপানী, গৰাখহনীয়া, নিবনুৱা আদি কৰি ক’ত যে সমস্যা! ওপৰে ওপৰে চাবলৈ গ’লে অসমখন ঠিকমতেই চলিছে। কিন্তু ভিতৰে ভিতৰে চালে সকলো ফোঁপোলা। পৃথিৱীৰ বৃহত্‍তম নদীদ্বীপ মাজুলী গৰাখহনীয়াত নিঃশেষ হ’ব ওলাইছে। অতীতৰ পৰা বিভিন্ন জাতি-জনজাতিৰ মাজত একেডাল ডোলেৰে বান্ধ খাই থকা সময়তে বিভেদে মূৰ দাঙি উঠিছে। একোটা জাতিয়ে নামত একোখন ৰাজ্য বিচাৰি আন্দোলন কৰিব লাগিছে, তাৰ মাজতে বিধায়ক-মন্ত্রীয়ে একোটা নক’বলগীয়া কথা কৈ জ্বলা জুইত ঘিউ ঢালিছে। অট্টালিকাৰ শীত-তাপ নিয়ন্ত্রিত কোঠাত থাকি, বিলাসী গাড়ীত উঠি, আগে-পিছে লানি নিছিগা নিৰাপত্তাৰক্ষী লৈ মাথোঁ নিজৰ জীৱনটোক সুৰক্ষা দিয়া বিধায়ক-মন্ত্রীসকলে কেতিয়াও নুবুজিব দুখীয়া-নিচলা, নিবনুৱাৰ দুখ-দুর্দশা। অসমত সাধাৰণ নেতা-পালিনেতাৰ পৰা স্বয়ং মুখ্যমন্ত্ৰীলৈকে কেতিয়াবা কেতিয়াবা এনে কিছুমান কথা সমজুৱাকৈ কৈ দিয়ে যে সেই কথাই সাধাৰণ লোকক কিমান কষ্ট দিয়ে সেইসকলে কেতিয়াও বুজিব নোৱাৰিব।

আনহাতে আজি অসমত অজস্র সংগঠন আছে। কোনোবাটো সংগঠনে কোনো জাতিক, কোনোটোরে কোনো সম্প্রদায়ক, কোনোটোৱে কোনো শ্রেণীক প্রতিনিধিত্ব কৰিছে। তাৰে কোনোটো জাতীয়তাবাদী আৰু কোনোটো সশস্ত্র সংগ্রামী সংগঠন। যিটো সংগঠনে নহওক কিয় প্রতিটো সংগঠনেই নেতা-পালিনেতাৰ দপদপনি লক্ষ্য কৰিবলগীয়া। ধর্ণা, আন্দোলন, ধৰ্মঘট কৰি প্ৰথমে সাধাৰণ লোকৰ মন সেই সংগঠনটোৰ প্ৰতি আকৰ্ষিত কৰিব বিচাৰে। তাৰ পাছত নিজৰ মুনাফা লুটাত ব্যস্ত হৈ পৰে। বহুজাতিক কোম্পানীৰ লগত, মন্ত্ৰী-বিধায়কৰ লগত গোপনে হাত মিলাই শীর্ষ নেতাই নিজৰ জীৱন নিৰাপদ
কৰে। এটা স্বাচ্ছন্দ্য জীৱন উপভোগ কৰে। সেয়েহে উঠি ৰজা বহি ৰজা বহু শীর্ষ নেতাই বুঢ়া বয়সলৈকে সংগঠনত থাকিব বিচাৰে। সঁচাকৈয়ে যদি সেইসকল নেতাই ৰাজ্য আৰু জনসাধাৰণৰ কাৰণে সততা আৰু একাগ্ৰতাৰে কাম কৰে, তেনেহ’লে অসমৰ বহু সমস্যাই সমাধান হ’লহেঁতেন। বিভেদকামী শক্তিবিলাক মূৰ দাঙি নুঠিলেহেঁতেন। শীর্ষ নেতা-পালিনেতাৰ অবিবেচক চিন্তা-চৰ্চাৰ কাৰণে অতি সহজ-সৰল লোকসকলে দুর্ভোগ ভূগিব নালাগিলেহেঁতেন। অসমখন থানবান হোৱাৰ উপক্রম নহ’লহেঁতেন। প্রতিটো জাতি-জনজাতিয়ে নিজৰ নিজৰ অধিকাৰ বিচাৰি বঙহে বঙহৰ তেজৰ ফাঁকু নেখেলিলেহেঁতেন। আমি অসমীয়াসকল তেনেবোৰ কথাত খোৱা-কামোৰা লাগি থাকোতে বিভিন্ন ৰাজ্য, দেশৰ পৰা অহৰহ প্ৰব্ৰজনকাৰী আহি আমাৰ ভাত-কাপোৰ-ভূমি কাঢ়ি লৈ সেইসকলে আনন্দৰে দিন পাৰ কৰিছে। আকৌ যিবিলাক নেতা বিদ্রোহী সংগঠনৰ পৰা মূল সুঁতিলৈ আহিছে, তেওঁলোকৰ শীর্ষ নেতাসকলে চৰকাৰী আশ্রয়ত থাকি লাহ-বিলাহৰ জীৱনত মত্ত হৈছে। তেওঁলোকৰ যেন এতিয়া কৰিবলৈ একোৱে নাই, মাথো চৰকাৰৰ লগত নিজৰ বিলাসী জীৱনৰ দৰ-দাম কৰাত ব্যস্ত হৈ পৰিছে।

এতিয়া অসমৰ সকলোবিলাক সমস্যাই জোঁৰ পুৰি হাতো পোৰো পোৰো অৱস্থা। কোনে কাৰ কাৰণে মাতিব। কাৰ ওপৰত সাধাৰণ লোকে বিশ্বাস-ভৰসা কৰিব। যাকে ভৰসা কৰি ওপৰলৈ উঠাই দিয়ে, সিয়ে ক্ষমতা পাই ৰাৱণ হৈ পৰে। সাক্ষাৎ ধৰ্মৰাজৰ ৰূপত অৱতীৰ্ণ হোৱা নেতাবিলাকে মাথোঁ নিজৰ স্বার্থ সিদ্ধিৰ কাৰণে সহজ-সৰল মানুহবিলাকক ব্যৱহাৰ কৰে। তেনে নেতাৰ আচল ৰূপ বুজিব নোৱাৰি সেই সাধাৰণ লোকসকলে নিজৰ জীৱন ত্যাগ কৰি, তেজৰ নৈ বোৱাই সহায়-সহযোগ কৰে।

সেয়ে আজি আমাৰ সমাজত এটা জনজাগৰণৰ প্ৰয়োজন হৈছে। আমাৰ সমাজত এনে বহু লোক আছে। যিসকলে সঁচা অর্থতে সমাজ সংস্কাৰৰ কাৰণে কাম কৰি আছে। অশিক্ষিতসকলক শিক্ষাৰ পোহৰ দিয়াত আজীৱন ব্রতী হৈছে, সেই লোকসকলে গাইগুটীয়াকৈ কাম নকৰি যদি উমৈহতীয়া হৈয়ে কাম কৰে নিশ্চয় সকলোৰে মাজত শিক্ষাৰ পোহৰ পৰিব। তেনেকুৱা হ’লে সকলোৱেই সচেতন হৈ পৰিব। মানুহ চিনি পাবলৈ সক্ষম হ’ব। তেতিয়া সেইসকলৰ বিশ্বাস-ভৰসাক ঠগি কোনোবা যদি লংকালৈ যাবলৈ চেষ্টাও কৰে, তেনেহ’লে ৰাৱণ হ’বলৈ কোনেও সক্ষম নহ’ব।

Leave a comment

Your email address will not be published. Required fields are marked *