ভগৱান গণেশক প্ৰতিষ্ঠাৰ সময়, শুভ মূহুৰ্ত কেতিয়া জানি লওঁক
প্ৰতিবছৰে গণেশ চতুৰ্থী উৎসৱ ভগৱান গণেশৰ জন্ম বাৰ্ষিকী হিচাপে অতি উৎসাহ আৰু আড়ম্বৰেৰে পালন কৰা হয়। এই উৎসৱ ১০ দিন ধৰি চলি থাকে। ভগৱান গণেশৰ মূৰ্তি স্থাপনৰ পৰা এই উৎসৱ আৰম্ভ হয়।
প্ৰতিবছৰে গণেশ চতুৰ্থী উৎসৱ ভগৱান গণেশৰ জন্ম বাৰ্ষিকী হিচাপে অতি উৎসাহ আৰু আড়ম্বৰেৰে পালন কৰা হয়। এই উৎসৱ ১০ দিন ধৰি চলি থাকে। ভগৱান গণেশৰ মূৰ্তি স্থাপনৰ পৰা এই উৎসৱ আৰম্ব হয়। এই সময়ত ভক্তসকলে ভগৱান গণেশক নিজৰ ঘৰলৈ আনি যথাযথভাৱে পূজা কৰে।
শুভ মূহুৰ্ত
হিন্দু পঞ্জিকা অনুসৰি, গণেশ চতুৰ্থী ২৬ আগষ্টৰ পৰা নিশা ০১:৫৪ বজাৰ পৰা আৰম্ভ হৈ ২৭ আগষ্টৰ নিশা ৩:৪৪ বজাত অন্ত পৰিব। কেলেণ্ডাৰলৈ চালে ২৭ আগষ্টৰ পৰা আৰম্ভ হ’ব গণেশ চতুৰ্থী উৎসৱ আৰু এই দিনটোতে গণেশৰ মূৰ্তি স্থাপন কৰা হ’ব।
পূজাৰ শুভ সময়
গণেশৰ মূৰ্তি স্থাপনৰ বাবে আটাইতকৈ শুভ সময় দুপৰীয়া। কিয়নো এই সময়তে ভগৱান গণেশৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। ২৭ আগষ্টৰ গণেশ পূজাৰ শুভ সময় পুৱা ১১:০৫ বজাৰ পৰা নিশা ০১:৪০ বজালৈ।
গণেশ স্থাপনৰ পূজা বিধি
গণেশ মূৰ্তি ঘৰলৈ অনাৰ পূৰ্বে পূজাস্থলী ভালদৰে পৰিষ্কাৰ কৰি ফুল তথা অন্যান্য সামগ্ৰীৰে সজাই ল’ব।
শুভ সময়ত ভগৱান গণেশৰ মূৰ্তি এক বেদীত স্থাপন কৰিব।
বেদীৰ ওপৰত ৰঙা বা হালধীয়া ৰঙৰ কাপোৰ মেলি দিব।
পূজা আৰম্ভ কৰাৰ আগতে হাতত পানী, ফুল লৈ পূজাৰ প্ৰতিজ্ঞা ল’ব।
প্ৰথমে ‘অম গণ গণপতায়ে নম’ মন্ত্ৰ জপ কৰি ভগৱান গণেশক আমন্ত্ৰণ কৰিব।
পঞ্চমৃতৰে ভগৱান গণেশৰ মূৰ্তিৰ স্নান কৰিব।
স্নানৰ পিছত তেওঁক নতুন কাপোৰ আৰু গহনা পিন্ধাই দিব।
ভগৱান গণেশক তেওঁৰ প্ৰিয় খাদ্য মোডক আৰু লাডু আগবঢ়াব।
শেষত গোটেই পৰিয়ালটোৰ সৈতে ভগৱান গণেশৰ আৰতি কৰিব।