জুবিন গাৰ্গে ন্যায় পাবগৈ নে?
ৰেখা বৰগোহাঁই
যোৱা ১৯ ছেপ্টেম্বৰত অসমীয়াৰ প্ৰাণৰ শিল্পী, হিয়া আমঠু জুবিন গাৰ্গৰ খুব আকস্মিকভাৱে অকাল মৃত্যু হৈছিল। প্ৰকৃততে সেই মৃত্যু স্বাভাৱিক মৃত্যু নাছিল। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ গৈ লেৰ্জাছ দ্বীপত তেওঁ মৃত্যুক আকোঁৱালি লৈছিল। কিন্তু সেই মৃত্যু অসমীয়াই সহজে মানি ল’ব পৰা নাই। তেওঁৰ মৃত্যুৰ খবৰ যেতিয়া বনজুইৰ দৰে অসমৰ চুকে-কোণে বিয়পি পৰিছিল , তেতিয়া প্ৰিয় শিল্পী গৰাকীক হেৰুৱাই সকলো ম্ৰিয়মান হৈ পৰিছিল।আবাল-বৃদ্ধ-বণিতা, ডেকা-বুঢ়া, শিশু -কিশোৰ, ধৰ্ম-বৰ্ণ-নিবিৰ্শেষে সকলো উচুপি উঠিল। তেওঁৰ মৃত্যুৰ খবৰ শুনা লগে লগে সকলো ঢপলিয়াই আহিছিল তেওঁৰ বাসগৃহলৈ।কাহিলিপাৰাস্হিত তেওঁৰ বাসগৃহৰ চাৰিওফালে জুবিন গাৰ্গৰ অনুৰাগীৰ কান্দোন, হাহাকাৰই এক অভাৱনীয় পৰিবেশৰ সৃষ্টি কৰিছিল। তেওঁৰ মৃত্যুৰ ক্ষণৰ পৰা সমাধি দিয়া সময়খিনিলৈ যিদৰে মানুহৰ সমাগম হ’ল, যিদৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ালে সেয়া সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিলে। কিদৰে অসমীয়াৰ শিৰে শিৰে, তেজে তেজে জুবিন গাৰ্গ প্ৰবাহিত হৈ আছে সেয়া সমগ্ৰ বিশ্বই উপলব্ধি কৰিলে। অসমীয়াৰ পৰাই বিশ্ববাসীয়ে শিকিলে কিদৰে এগৰাকী জনতাৰ শিল্পীক সন্মান জনাব লাগে।কবলৈ গ’লে জুবিন গাৰ্গৰ মৃত্যুয়ে জাতি- ধৰ্মৰ নামত থানবান হৈ থকা অসমীয়া সমাজখনক একত্ৰিত কৰিলে।জাতি- ধৰ্ম- নিবিৰ্শেষে অশ্ৰুসিক্ত হৈ তেওঁলৈ জনালে শ্ৰদ্ধাঞ্জলি। কিন্তু তাৰ লগে লগেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি তথা ন্যায় বিচাৰি সকলো সৰৱ হৈ পৰিছে। কাৰণ দিনবোৰ অতিবাহিত হোৱাৰ লগে লগে ৰহস্যৰ পৰা ৰহস্য হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যু। মৃত্যুৰ সময়ত তেওঁৰ লগত থকা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক সকলোৱে দিয়া ভাষ্য প্ৰতিক্ষণত সলনি হৈছে। চৰকাৰে তেওঁৰ মৃত্যু তদন্তৰ ভাৰ CIDক অৰ্পণ কৰিছে লগতে গঠন কৰিছে SIT. সেয়েহে জনসাধাৰণে আশা কৰিছিল খুব সোনকালেই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য জনচক্ষুৰ সন্মুখলৈ আহিব আৰু প্ৰকৃত দোষীয়ে শাস্তি পাব। অসমীয়াৰ হিয়া আমঠু গৰাকীয়ে ন্যায় পাব। কিন্তু দিন যোৱাৰ লগে লগে কথাবোৰ খেলিমেলিহে হ’বলৈ লৈছে।
সম্প্ৰতি জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি আৰম্ভ হ’বলৈ লৈছে।অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰে প্ৰথম অৱস্থাত যি তৎপৰতা দেখুৱাইছিল সেয়া যেন লাহে লাহে অস্তমিত হৈ আহিছে আৰু বিষয়বোৰ বেলেগ ফালে ঢাল খাইছে। জুবিন গাৰ্গৰ দৰে এগৰাকী জনতাৰ শিল্পীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত যিদৰে ক্ষীপ্ৰগতিত আগবাঢ়ি গৈ ফলাফল ওলাব লাগিছিল তেনে হোৱা নাই। আনহাতে জুবিন গাৰ্গৰ অনুৰাগীয়ে তেওঁৰ বাবে ন্যায় বিচাৰি মাত মাতিলেই আৰক্ষীয়ে বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিবলৈ লোৱাত জুবিন প্ৰেমীসকলে ক্ষোভ – দুখ- যন্ত্ৰণা সকলোখিনি নিজৰ মাজতে সামৰি- সুতুৰি থবলৈ লৈছে। প্ৰথমতে সকলোৱে অলপ হ’লেও আশাৰ ৰেঙণি দেখিবলৈ লৈছিল, কিন্তু কিছুমান ৰাজনৈতিক কাৰ্যকলাপে সেই আশাত চেঁচা পানী ঢালিবলৈ আৰম্ভ কৰিছে। সেয়েহে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকেও “আমাক পলিটিক্স নালাগে, কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত তদন্ত লাগে আৰু দোষীয়ে শাস্তি পাব লাগে” বুলি কবলৈ বাধ্য হৈছে । তেনেদৰে অসমবাসী তথা জুবিন গাৰ্গৰ অনুৰাগী সকলেও চৰকাৰৰ পৰা সঠিক তদন্ত বিচাৰিছে। স্বয়ং জুবিন গাৰ্গে কৈ গৈছে “পলিটিক্স নকৰিবা বন্ধু “। সেইজন মহানায়কৰ মৃত্যুতেই যদি পলিটিক্স হয় তেনেহ’লে কেতিয়াও অসমবাসীয়ে নিজকে ক্ষমা কৰিব নোৱাৰিব।







































































