গভীৰ সংকটৰ গৰাহত অসমৰ ৩৭৪ বিধ দুষ্প্রাপ্য প্ৰাণীৰ প্ৰজাতি, জীৱ-বৈচিত্র্য পৰিষদৰ তালিকাত ভয়ংকৰ তথ্য
ভঁৰালস্বৰূপ তথা অনুপম প্ৰকৃতিৰ ৰম্যভূমি নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু সোণাই-ৰূপাই অভয়াৰণ্যকে ধৰি সমগ্ৰ উত্তৰ অসমৰ কেইবাখনো সংৰক্ষিত বনাঞ্চলৰ অস্তিত্বৰ প্ৰতি অবাধ বেদখলে গভীৰ অসমৰ ৩৭৪ বিধ দুষ্প্রাপ্য প্ৰাণীৰ প্ৰজাতিলৈ সংকট নমাই আনিছে। একেদৰে ৰাজ্যৰ আন প্ৰান্ততো বন, জলাশয় আৰু পাহাৰ ধ্বংসযজ্ঞই জীৱকূলৰ প্ৰতি ভয়ংকৰ ভাবুকিৰ সৃষ্টি কৰিছে।
অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ অকর্মণ্যতাৰ পৰিণতিত অসমৰ প্ৰকৃতি সংৰক্ষণৰ লগতে জীৱ-বৈচিত্র্যলৈকো উদ্বেগজনক ভাবে প্রচণ্ড ভাবুকি আহি পৰিছে। এনে সময়তে অসমৰ জনজীৱনৰ সৈতে ওতঃপ্রোতভাবে সম্পর্ক থকা চৰাই-চিৰিকটিৰ লগতে একাধিক মাছ চিৰদিনৰ বাবে হেৰাই যোৱাৰ উপক্রম হৈছে। উল্লেখ্য যে বিশ্ব প্রকৃতি সংৰক্ষণসূচীত ২০২৪ বৰ্ষৰ শেষৰফালে প্ৰকাশিত তথ্যমতে বিশ্বৰ ১৮০ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১৭৬ নম্বৰত আৰু এই তথ্যই প্রকৃতি সংৰক্ষণ তথা জীৱ-বৈচিত্র্যৰ সুৰক্ষাৰ ক্ষেত্ৰত দেশৰ ব্যৰ্থতাৰ প্ৰতিফলিত কৰে। ইফালে দেশৰ ভিতৰতে অসম সবাতোকৈ ভয়ংকৰ ভাবুকিৰ সন্মুখীন হৈ পৰিছে।
তদুপৰি ৰাজ্যৰ জীৱ-বৈচিত্র্যলৈ নামি অহা সংকটৰ ছবিখন ৰাজ্যিক জীৱ-বৈচিত্র্য পৰিষদৰ তথ্যত উন্মোচিত হৈছে। এইক্ষেত্ৰত জীৱ-বৈচিত্র্য পৰিষদে ইতিমধ্যে প্রস্তুত কৰা তালিকা মতে ৰাজ্যৰ নৈ-বিলৰ পৰা বনভূমিলৈকে সকলো ক্ষেত্ৰৰ পৰা চিন্তনীয়ভাবে একাধিক থলুৱা মাছকে ধৰি ৩৭৪ বিধ দুষ্প্রাপ্য প্রজাতিৰ প্রাণী বিলুপ্তিৰ গৰাহত পৰিছে। আনহাতে কেৱল জলচৰেই নহয় বিভিন্ন প্রজাতিৰ বন্যপ্রাণী, পক্ষী, উভচৰ প্ৰাণীৰ লগতে সৰীসৃপ আদিও ক্ৰমাৎ নোহোৱা হৈ আহিছে। তদুপৰি পৰিষদে প্রস্তুত কৰা তালিকা অনুসৰি বিলুপ্তিৰ দিশে আগবঢ়া জীৱকূলৰ ভিতৰত ৪৬ বিধ স্তন্যপায়ী প্রাণী, ৬৫ বিধ মৎস্য প্রজাতি, ১৬ বিধ উভচৰ প্ৰজাতি, ১৫৩ বিধ চৰাই আৰু ৯৪ বিধ সৰীসৃপ প্রজাতিৰ জীৱ আছে।
উল্লেখ্য যে মাত্ৰ কেইবছৰমান আগলৈকে অসমৰ নৈ- বিলত উভৈনদী হৈ থকা বহু প্ৰজাতিৰ থলুৱা মাছ ইতিমধ্যে বিলুপ্তিৰ গৰাহত পৰিছে। প্রকাশিত তালিকা মতে ৰাজ্যখনৰ নদ-নদী, খাল, বিল, পথাৰ, দলনি আদিত এসময়ত উভৈনদী হৈ থকা চেং, গেদগেদী, খলিহনা, বামী, কুচিয়া, বটিয়া, পাটী মুতুৰা, মিছিমি, কপাৰ মাহছেৰ, পাভ, চেলেকনা, কঁকিলা আদি মাছৰ অস্তিত্ব সংকটাপন্ন হৈ পৰিছে। একেদৰে গংগাটোপো দেখিবলৈ নোহোৱা হোৱাৰ লগতে ১২ বিধৰো অধিক ভেকুলী প্ৰজাতিৰ জীৱও অন্তর্ধান হৈছে।
ইয়াৰ সমান্তৰালকৈ জীয়াভৰলী নৈৰ বিখ্যাত পিঠিয়া মাছৰ লগতে শিলঘৰীয়া-মাছলৈকো ভাবুকি নামি আহিছে। লগতে জধে-মধে অৰণ্য ধ্বংস তথা ঔদ্যোগিক ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ ফলত বহু দুষ্প্রাপ্য কাছ আৰু সৰীসৃপ নাইকিয়া হ’বলৈ ধৰিছে। জানিব পৰামতে বনাঞ্চল আৰু আশ্রয়ভূমিৰ অভাৱতে দুৰাকাছ, তিনিটা দাগযুক্ত কাছ, মুগা কাছ, ক’লা কাছকে ধৰি কেইবাবিধো কাছৰ উপৰি শংখচুড়, চোকোৰা গোম, মোচোৰা গোম, চকৰিফেঁটী, অজগৰ, কাৰ্শলা, ৰঙামুৰীয়াকে ধৰি ৯৪ বিধ সৰীসৃপ অসমৰ পৰা হেৰাই যোৱাৰ উপক্রম ঘটিছে।
উল্লেখ্য যে বন্যপ্রাণী সুৰক্ষা আইনমতে এনেদৰে হেৰাই যাবলৈ ধৰা কাছক বিলুপ্তপ্রায় প্রাণী হিচাপে ঘোষণা কৰি ধৰা বা খোৱাটো ইতিমধ্যে নিষিদ্ধ ঘোষণা কৰা হৈছিল। ইয়াৰ সমান্তৰালকৈ অসমৰ বনাঞ্চলৰ পৰা শৰালি, হাড়গিলা, বিভিন্ন প্ৰজাতিৰ শগুন, পার্টী কাউৰী, বাড়ৈ টোকা, দৈকলা, শামুকভঙা, তেলীয়াসাৰেং, বালিমাহী, চাকৈ-চকোৱা, বৰটোকোলা, কণুৱা, ধৃতৰাজ, দেওহাঁহ, ঘিলাহাঁহ, শেন, ডৰিক আৰু ভিন্ন প্ৰজাতিৰ ফেঁচা, মাছৰোকা, কাণকুৰিকা, উলুম’ৰাকে ধৰি ১৫০ বিধৰ অধিক চৰায়ো গভীৰ সংকটৰ গৰাহত পৰিছে। একেদৰে সোণালী মেকুৰীৰ পৰা আৰম্ভ কৰি ভিন্ন প্ৰজাতিৰ বান্দৰকে ধৰি ৪৬ বিধ স্তন্যপায়ী প্রাণীৰ প্ৰতি সংকট নামি আহিছে।
ইফালে ব্ৰহ্মপুত্ৰৰ বুকুত পোৱা তথা ৰাজ্যিক জলপ্ৰাণীৰূপে স্বীকৃতি প্রদান কৰা ৰিভাৰ ডলফিন তথা শিহুলৈকো সংকট নামি আহিছে। বৰাক নৈত দেখিবলৈ পোৱা গংগাশিহু ইতিমধ্যে দেখিবলৈ নোহোৱা হৈছে। ব্রহ্মপুত্ৰৰ লগতে কলহী নৈত কিছুসংখ্যক শিহুহে এতিয়া বাচি আছেগৈ যদিও সেইসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত উপযুক্তভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কেৱল ৰাজ্যিক জলপ্রাণী ঘোষণাতেই শিহু সংৰক্ষণৰ সকলো চৰকাৰী দায়িত্ব সীমাবদ্ধ হৈ ৰৈছে। ইফালে দিনকদিনে ৰাজ্যখনত অৰণ্যভূমি সংকুচিত হৈ অহাৰ পৰিণতিত বাঘ, হাতী আদি জীৱকূললৈও সংকট নামি আহিছে।
আকৌ বনাঞ্চলত খাদ্যৰ সংকটত পৰি জনাঞ্চল অভিমুখে ওলাই অহা বনৰীয়া হাতীৰে মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে। ইয়াৰ ফলস্বৰূপে কেৱল পৰিবেশেই নহয় ৰাজ্যখনৰ গ্ৰাম্য অর্থনীতিতো প্ৰভাৱ পৰিছে। উল্লেখ্য যে জীৱ-বৈচিত্র্য আইন ২০০২ অনুসৰি কেইবছৰমানৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্রালয়লৈ এনেধৰণৰ কেইবাবিধো জীৱকুলৰ বিলুপ্তিৰ প্ৰসংগৰে পত্ৰ প্ৰেৰণ কৰিছিল যদিও আজিকোপতি অসম চৰকাৰ নির্লিপ্ত হৈ ৰ’ল। পৰিণতিত অসমৰ বুকুৰ পৰা ৩৭৪ বিধ প্ৰাণীৰ প্ৰজাতি আজি হেৰাই যাবলৈ ওলাইছে।
এইক্ষেত্ৰত গভীৰ সংকটৰ গৰাহত পৰা প্ৰাণীৰ তালিকা প্রস্তুত তথা মাজুলীকে ধৰি কেইখনমান ঠাইক জীৱ-বৈচিত্র্য ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰিয়েই চৰকাৰে নিজৰ দায়িত্ব সামৰিছে। জীৱ-বৈচিত্র্য আইন ২০০২ মতে চৰকাৰে অসমত ২৫৪৯ খন জীৱ-বৈচিত্র্য ব্যৱস্থাপনা সমিতি এই পর্যন্ত গঠন কৰিছে। কিন্তু এই সকলো ব্যৱস্থাপনা কেৱল কাগজতে সীমাবদ্ধ হৈ ৰৈছে। ইফালে সেউজ প্রকৃতি তথা জীৱ-বৈচিত্র্য সুৰক্ষাৰ ক্ষেত্রত এই সমিতিসমূহে সম্পন্ন কৰা কোনো উল্লেখনীয় কামৰ উদাহৰণেই পাবলৈ নাই।