কিয় একাংশ সংগঠনতকৈ ব্যতিক্ৰমী লেংডন ফাউণ্ডেশ্যন!
‘গছ থাকিলেহে মানুহ থাকিব’
কেৱল গছ ৰুলেই নহয়
তাক প্ৰতিপালন কৰাৰো প্ৰয়োজনীয়তা আছে
আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰকৃতি অবিহনে জীৱন সম্ভৱ নহয়৷ প্ৰাকৃতিৰ ভাৰসাম্য অতুট ৰখাৰ বাবে গছপুলি ৰোপণ কৰাৰ প্ৰয়োজনীয়তা আছে। বিশ্ব পৰিৱেশ দিৱসৰ উপৰিও বিভিন্ন সময়ত একাংশ সংগঠনে বৃক্ষৰোপনৰ কাৰ্য্যসূচী হাতত লোৱা পৰিলক্ষিত হয়। কিন্তু কেৱল চমক সৃষ্টি কৰাত ব্যস্ত থকা একাংশ সংগঠনে কেৱল গছপুলি ৰোপন কৰে। গছ ৰোপন কৰাৰ পাছত যে গছজোপাৰ প্ৰতিপালন কৰাৰো প্ৰয়োজনীয়তা আছে সেয়া হয়তো তেওঁলোকৰ জ্ঞাত নহয়। কিন্তু তেনে একাংশ সংগঠনতকৈ ব্যতিক্ৰমী লেংডন ফাউণ্ডেশ্যন। বিভিন্ন সময়ত বৃক্ষৰোপন কাৰ্য্যসূচীত ৰোপন কৰা গছপুলিসমূহ কেৱল ৰোপন কৰাতে সীমাৱদ্ধ নাথাকি গছপুলি ৰোৱাৰ সমান্তৰালকৈ প্ৰতিপালনো কৰি আহিছে ৰোপন কৰা গছপুলিসমূহ।
বেচৰকাৰী সংস্থা লেংডন ফাউণ্ডেশ্যনে প্ৰতিষ্ঠা লগ্নৰে পৰা বৰ্তমান সময়লৈকে অসমৰ বিভিন্ন প্ৰান্তত ৰোপন কৰি আহিছে গছপুলি। বৰ্তমান সময়লৈকে শিৱসাগৰ, শদিয়া, গুৱাহাটী মহানগৰীৰ জ্যোতি চিত্ৰবন, দক্ষিণগাওঁ চাইকেল ট্ৰেক, ৰূপনগৰ পুলিচ ৰিজাৰ্ভকে মুখ্য কৰি বিভিন্ন স্থানত ৰোপন কৰিছে গছপুলি। আজি পুনৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ওদাবাক্ৰা জনজাতি যুৱ কল্যাণ পৰিষদৰ খেল পথাৰত ৰোপন কৰিছে গছ পুলি।
নতুন প্ৰজন্মক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যৰে প্ৰতিস্থালগ্নৰে পৰা লেংডন ফাউণ্ডেশ্যনে ধাৰাবাহিক ভাৱে ৰোপন কৰি আহিছে গছপুলি। প্ৰতিজন নৱ প্ৰজন্মক গছ আৰু জীৱকুলৰ মাজৰ সম্পৰ্কৰ বিষয়ে বিশেষ বাৰ্তা দিয়াৰ উদ্দেশ্য আগত ৰাখি গছ পুলি কেৱল ৰোপন কৰাতে সীমাবদ্ধ নাথাকি। ৰোপন কৰা প্ৰতিটো গছপুলি প্ৰতিপালন কৰি আহিছে লেংডন ফাউণ্ডেশ্যনে।