কঙালীও হ’ব পাৰে ভোগালী

ৰেখা বৰগোহাঁই


অসমীয়াই উদযাপন কৰা তিনিটা কৃষিভিত্তিক উৎসৱ বিহুৰ এটা অন্যতম হৈছে কাতি বিহু।কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। কাৰণ আহিন- কাতি মাহত অসমীয়া মানুহৰ ধানৰ ভঁৰাল প্ৰায়ে উদং হয়। বছৰটোলৈ কৰা খেতিৰ পৰা পোৱা ফচল এই দুমাহত উদং হোৱাৰ ফলত অসমীয়াই বহু বেছি আয়োজন কৰি বিহুটো পালন কৰিব নোৱাৰা কাৰণেই কাতি বিহুক কঙালী বুলি অভিহিত কৰিছে। কিন্তু সেই ধাৰণা আছিল অতীতৰ। কাৰণ অসমীয়া মানুহে বছৰত এবাৰহে ধানৰ খেতি কৰিছিল। বৰ্তমান নতুন নতুন প্ৰযুক্তি,ন ন মেচিন,ন ন কৌশল উদ্ভাৱন হৈছে, উন্নত ধানৰ বীজ উদ্ভাৱন হৈছে, পৰম্পৰাগত গৰু- ম’হৰ হালৰ পৰিবৰ্তে ট্ৰেক্টৰ ব্যৱহাৰ হৈছে,ৰোৱনী- দাৱনীৰ শাৰীৰিক পৰিশ্ৰমৰ ঠাইত মেচিনৰ ব্যৱহাৰ হৈছে, গতিকে খেতিয়কে নিচিন্ত হৈ একেডৰা মাটিতে বছৰত দুই তিনিটা খেতি সণ্ঢালিনকৈ কৰিব পৰা পৰিৱেশ সৃষ্টি হৈছে। যদি তেনেদৰেই অসমীয়া লোকেও খেতি কৰিবলৈ লয় , তেনেহলে অসমীয়াৰ হেঁপাহৰ অন্যতম কাতি বিহুটো কঙালী নহৈ ভোগালী হ’লহেতেন। বৰঞ্চ বছৰৰ সকলো সময়ে অসমীয়াৰ বাবে ভোগালীয়ে হৈ থাকিলহেঁতেন।


কিন্তু সম্প্ৰতি আমি দেখিছোঁ অসমীয়া মানুহৰ কাম কৰা ইচ্ছা একেবাৰে নাইকিয়া হোৱা দৰেই। আগতে অসমীয়া মানুহ এনেই বহি ,খাই- বৈ সময় অতিবাহিত কৰা নাছিল। আহাৰ – শাওন মাহত ( তাতকৈ আগৰে পৰা) পুৰুষসকলে কুকুৰা ডাকতে কান্ধত নাঙলটো লৈ পথাৰলৈ গৈছিল,হাল বাই,কোৰ মাৰি মাটি চাহ কৰিছিল।মহিলা সকলে বেলি ওলোৱাৰ আগতেই পথাৰলৈ গৈ ৰোৱা- মেলা কৰিছিল।ঠিক তেনেদৰে আঘোণ মাহত পুৰুষ – মহিলা উভয়ে পথাৰলৈ গৈ ধান চপোৱাৰ কামত লাগিছিল। বাকী সময়খিনিতো এনেয়ে থকা নাছিল।পথাৰ- সমাৰ সামৰি মহিলা সকলে তাঁত এযুতিকে লগাই লৈছিল। হাঁহ -কুকুৰা,গৰু- ছাগলী – গাহৰি আদি পালন কৰিছিল। পুৰুষ সকলে ঘৰৰ বাৰীখন চাফ- চিকুণ কৰি বিভিন্ন শাক-পাচলিৰ খেতি কৰিছিল। মুঠতে সকলোৱে স্বাৱলম্বিতাৰে জীয়াই আছিল। কোনেও কাৰো ওচৰতে হাত পাতিবলগীয়া হোৱা নাছিল। অথচ আজি অসমীয়া পৰমুখাপেক্ষী হৈ পৰিল। আজি কিমান গৰাকী মহিলাই তাঁত শালত কাপোৰ তৈয়াৰ কৰিব জানে ? কিমান জন পুৰুষে ঘৰৰ বাৰীখনত প্ৰয়োজনীয় শাক-পাচলি উৎপাদন কৰি লয়। বছৰৰ সকলো সময়তে গ্ৰাম্য অঞ্চলত বাৰীখন উদং হৈয়ে থাকে। ফলত এতিয়া প্ৰতিটো সৰু- বৰ বস্তুৰ কাৰণে আনলৈ বাট চাবলগীয়া অৱস্হা হৈছে।


এসময়ত অসমীয়াৰ কৰ্মস্পৃহা ইমান আছিল যে অসমত সকলো বস্তুৱেই উভৈনদী হৈ আছিল।মাছ- মাংস, গাখীৰ – কণী, শাক-পাচলি,ধান- মাহ, সৰিয়হ, বস্ত্ৰ আদি একোৱেই অভাৱ নাছিল। প্ৰতিজন লোকেই আছিল কৰ্মঠ। কিন্তু দিনে দিনে অসমীয়া মানুহ এলেহুৱা হৈ আহিবলৈ ধৰিলে। পৰিণতিত বৰ্তমান সময়ত অসমীয়াই কাম কৰিবলৈ বা শাৰীৰিক পৰিশ্ৰম কৰিবলৈ বেয়া পোৱা হ’ল। বিজ্ঞানৰ জয়জয়কাৰ হৈছে, প্ৰযুক্তিৰ ন ন উদ্ভাৱন হৈছে তৎসত্বেও অসমীয়াই নিজৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰী, বস্ত্ৰ আদি উৎপাদন কৰিবলৈ অপাৰগ হৈছে।অসমত কি নাই? খাৰুৱা তেল, চাহপাত, কয়লা, সোণালী সূতা, মৰাপাট,বনজ সম্পদ,জলজ সম্পদ আদি কৰি প্ৰায়বোৰ প্ৰকৃতি প্ৰদত্ত সম্পদ আছে। আটাইতকৈ ডাঙৰ প্ৰকৃতি প্ৰদত্ত সম্পদটোৱে হৈছে সাৰুৱা মাটি। বিশেষ পৰিশ্ৰম নকৰাকৈ অসমৰ মাটিত লহপহকৈ বাঢ়ি আহে সকলো শস্য। অথচ এতিয়া আমি সেই সাৰুৱা পথাৰখনো চন পেলাই ৰাখিবলৈ লৈছোঁ। আগতে শাওন – আঘোণ মাহত অসমীয়াই শাৰীৰিক পৰিশ্ৰম কৰি দুই- তিনিটা ভঁৰাল ভৰাইছিল।

কিন্তু বৰ্তমান অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা খুব আলাসতে একেডৰা মাটিতে দুই- তিনিটা খেতি সণ্ঢালিনকৈ কৰিব পৰা পৰিৱেশ এটা আহিছে যদিও অসমীয়াই খেতি নকৰে। বস্ত্ৰ উৎপাদন নকৰে,মাছ- মাংস, শাক-পাচলি, গাখীৰ – কণী উৎপাদন নকৰে। বিপৰীতে কিন্তু চৰকাৰৰ মুখলৈ চাই থাকিবলৈকে ভাল পোৱা হৈছে। তাৰে সুযোগ চৰকাৰেও লৈছে। প্ৰত্যেক দিনাই হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে, বিভিন্ন আঁচনি তৈয়াৰ কৰি অসমীয়া ৰাইজৰ মাজত এৰি দি সমাজখনক পংগু কৰি পেলাইছে।এই আঁচনিবোৰ গ্ৰহণ কৰাত কিন্তু মহিলাসকল আগৰণুৱা।১ টকায়ে হওক বা ১২৫০ টকায়ে হওক তাকে ল’বলৈ কাৰ্যালয়ে কাৰ্যালয়ে তাঁত বাতি কৰি থাকিলেও,সময়ে- অসময়ে চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি সময় অপব্যয় কৰি হ’লেও লবই। অথচ মহিলা সকলে ঘৰতে থাকি পৰিয়াল- পৰিজনক সময় দিয়াৰ পিছতো যদি তাঁত বোৱা, হাঁহ – কুকুৰা পোহা, গাখীৰ – কণী উৎপাদন কৰা কামবিলাকত নিয়োজিত হৈ থাকিলেও হয়তু মাহত ১০- ১৫ হাজাৰ টকা নিজৰ হাতলৈ আহে। বৰ্তমান হাতে বোৱা মেখেলা -চাদৰ, গামোছাৰ যথেষ্ট চাহিদা আছে। তদুপৰি ঘৰতে নিজৰ হাতেৰে তৈয়াৰ কৰা আচাৰ,জাম- জেলী,পিঠা- পনা,জা- জলপানৰো আছে এখন বৃহৎ বজাৰ। আমাৰ দৈনন্দিন খাদ্যৰ তালিকাখনত সংযোগ হোৱা কণী,মাছ – মাংস বহিঃ ৰাজ্যৰ পৰা দৈনিক বহু হাজাৰ টন আহে। সেইখিনি অসমীয়াই কম পৰিশ্ৰমে উৎপাদন কৰি সেই বজাৰখন দখল কৰিব পাৰে।

কাৰণ অসমত ইয়াৰ এটা অনুকুল পৰিৱেশ আছে। আকৌ ঘৰৰ বাৰীখনতে যদি ১০-১৫ জোপা ভোট জলকীয়া,১৫-২০ জোপা বেঙেনা,লাউ- কোমোৰা আদি ৰুই উপযুক্ত লালন- পালন কৰে, তেনেহলে সেইবিলাক ঘৰত খোৱাৰ উপৰিও সময় সাপেক্ষে বিক্ৰী কৰিও যথেষ্ট উপাৰ্জন কৰিব পাৰে। বৰ্তমান জৈৱিক সাৰ প্ৰয়োগ কৰি কৰা শাক-পাচলিৰ চাহিদাও যথেষ্ট বেছি । আগতে গ্ৰাম্য অঞ্চলত প্ৰতি ঘৰতে গোহালি ভৰি গৰু আছিল। কিন্তু অসমীয়া মানুহৰ এলেহুৱা – কেলেহুৱা স্বভাৱৰ কাৰণে আজি গোহালি উদং। প্ৰতিটো উপাৰ্জনমুখী, উৎপাদনমুখী কামৰ পৰা বিৰত থাকিবলৈ লৈছে। ফলত দিনে দিনে অসমৰ অৰ্থনৈতিক ভেটি ভাগি থৰক- বৰক হৈ পৰিবলৈ ধৰিছে। পৰিণতিত আগৰ গ্ৰাম্য সমাজত প্ৰায় সংখ্যক লোকৰ ঘৰতে থকা দুই তিনিটা ভঁৰালৰ ঠাইত বৰ্তমান এটাও ভঁৰাল নথকাৰ দৰেই বা ভঁৰালৰ আকাৰটো ক্ৰমান্বয়ে সৰু হৈ আহিছে।

সেয়েহে আজি অসমীয়া মানুহৰ বাবে কেৱল কাতি বিহুৱে কঙালী নহয়, সকলো সময়তে কঙালীকে আকোঁৱালি ল’ব লগীয়া হৈছে। গতিকে আমি কৰ্মক গুৰুত্ব দিব লাগিব। কেৱল চৰকাৰী আচঁনিৰ পিছত দৌৰি ১২৫০ টকা পোৱাটো অসমীয়াৰ লক্ষ্য হ’ব নালাগে আৰু হিতাধিকাৰী হোৱাতোও উদ্দেশ্যে হ’ব নালাগে। অসমীয়াই যদি কৰ্মক গুৰুত্ব দি আগবাঢ়ি যায় তেনেহলে প্ৰতিটো ক্ষণে হ’ব ভোগালী। ভঁৰাল উদং হোৱাৰ অজুহাতত অসমীয়াই কাতি বিহুক কঙালীক বুলি আখ্যা দিলেও কিন্তু কৰ্মৰ কাৰণেই ৰঙে ৰসে উপচি পৰিব কঙালী।

Leave a comment

Your email address will not be published. Required fields are marked *